--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আন এক অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী। দুখনকৈ টি২০ বিশ্বকাপত সৰ্বোচ্চ ৰাণ সংগ্ৰহেৰে তেওঁ এই অভিলেখ গঢ়িছে।

আজি শেষ হয় টি২০ বিশ্বকাপ। ৯৮.৬৭ এভাৰেজ ৰাণসহ মুঠ ২৯৬ সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ শীৰ্ষ ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় বিৰাট কোহলী। কোহলীয়ে মুঠ ৬ খন মেচত ইমানিখিনি ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ পূৰ্বে ২০১৪ চনৰ টি২০ বিশ্বকাপতো কোহলীয়ে ১০৬.৩৩ এভাৰেজ ৰাণসহ ৬ খন মেচত মুঠ ৩১৯ ৰাণ সংগ্ৰহ কৰি শীৰ্ষ স্থানত আছিল।

এইবাৰৰ বিশ্বকাপত সুন্দৰ ফৰ্মত থকা ভাৰতৰ সূৰ্যকুমাৰ যাদৱে ৬ খন মেচত ২৩৯ ৰাণ কৰি তৃতীয় স্থানত আছে। আনহাতে, বিশ্ববিজয়ী ইংলেণ্ডৰ অধিনায়ক জছ বাটলাৰে ২২৫ ৰাণ কৰি চতুৰ্থ স্থানত আছে।

কেৱল দুখনকৈ টি২০ বিশ্বকাপত সৰ্বোচ্চ ৰাণেই নহয়, বিশ্বকাপৰ ইতিহাসতো সৰ্বাধিক ৰাণ সংগ্ৰকাৰীৰ তালিকাত বিৰাট কোহলী শীৰ্ষত আছে। বৰ্তমানলৈকে কোহলীয়ে টি২০ বিশ্বকাপত ১১৪১ ৰাণ সংগ্ৰহ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক