--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদ : ভোটাৰক ভেটি দিয়াৰ গোচৰত দোষী সাব্যস্ত হল এগৰাকী সাংসদ। সম্ভৱতঃ প্ৰথমবাৰলৈ নিজৰ কাৰ্যকালতে এনে অভিযোগত এগৰাকী সাংসদ দোষী সাব্যস্ত হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰক ভেটি দিয়াৰ অভিযোগ উঠিছিল টিআৰএছৰ লোকসভাৰ সাংসদ কবিতা মালোথৰ বিৰুদ্ধে।

শনিবাৰে তেওঁৰ লগতে তেওঁ সহযোগী এজনক সাংসদ বিধায়কৰ বাবে থকা এখন বিশেষ সত্ৰ আদালতে দোষী সাব্যস্ত কৰে। মহবুবাবাদৰ সাংসদ আৰু তেওঁ সহযোগী সৌকত আলীক এই গোচৰৰ মূল দোষী হিচাপে চিহ্নিত কৰি আদালতে তেওঁলোকক ছমাহৰ কাৰাবাস আৰু ১০হাজাৰ টকাৰ জৰিমণা বিহে।

অৱশ্যে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ বাবে তেওঁলোকক জামিনো প্ৰদান কৰে আদালতে। সাংসদগৰাকীয়ে উচ্চ ন্যায়ালয়ত এই ৰায়ক প্ৰত্যাহ্বান জনাব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, সাংসদগৰাকীৰ সহযোগী আলীক নিৰ্বাচনৰ সময়ত ভোটাৰৰ মাজত ধন বিলাই থকা অৱস্থাত এটা ফ্লাইং স্কোৱাডে ধৰা পেলাইছিল। তাৰ পাছতে তেওঁ আৰু সাংসদ মালোথৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু