--°C
Loading...
Listen to Article
2 min read
80%

হায়দৰাবাদ : ভোটাৰক ভেটি দিয়াৰ গোচৰত দোষী সাব্যস্ত হল এগৰাকী সাংসদ। সম্ভৱতঃ প্ৰথমবাৰলৈ নিজৰ কাৰ্যকালতে এনে অভিযোগত এগৰাকী সাংসদ দোষী সাব্যস্ত হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰক ভেটি দিয়াৰ অভিযোগ উঠিছিল টিআৰএছৰ লোকসভাৰ সাংসদ কবিতা মালোথৰ বিৰুদ্ধে।

শনিবাৰে তেওঁৰ লগতে তেওঁ সহযোগী এজনক সাংসদ বিধায়কৰ বাবে থকা এখন বিশেষ সত্ৰ আদালতে দোষী সাব্যস্ত কৰে। মহবুবাবাদৰ সাংসদ আৰু তেওঁ সহযোগী সৌকত আলীক এই গোচৰৰ মূল দোষী হিচাপে চিহ্নিত কৰি আদালতে তেওঁলোকক ছমাহৰ কাৰাবাস আৰু ১০হাজাৰ টকাৰ জৰিমণা বিহে।

অৱশ্যে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ বাবে তেওঁলোকক জামিনো প্ৰদান কৰে আদালতে। সাংসদগৰাকীয়ে উচ্চ ন্যায়ালয়ত এই ৰায়ক প্ৰত্যাহ্বান জনাব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, সাংসদগৰাকীৰ সহযোগী আলীক নিৰ্বাচনৰ সময়ত ভোটাৰৰ মাজত ধন বিলাই থকা অৱস্থাত এটা ফ্লাইং স্কোৱাডে ধৰা পেলাইছিল। তাৰ পাছতে তেওঁ আৰু সাংসদ মালোথৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ