--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশংকাত ভুগিছে ইউক্ৰেইন! যোৱা বছৰৰ দৰেই ৰাছিয়ায়ো এই শীতকালত ইউক্ৰেইনত নতুনকৈ বিধ্বংসী আক্ৰমণ চলাব পাৰে। এই পৰিস্থিতিত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনাস্কিৰ চৰকাৰে বিদ্যুতৰ যোগান কম হোৱাৰ বাবে জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

কিন্তু এই সংকটৰ বতৰত আমেৰিকা আৰু পশ্চিম ইউৰোপৰ দেশসমূহৰ পৰা অহা আৰ্থিক সাহায্যত টান পৰিব পাৰে বুলি আশংকা কৰা হৈছে। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কাৰ্যালয়ৰ পৰা এক বাৰ্তা প্ৰকাশ কৰা হয়। বাৰ্তাত হোৱাইট হাউছে আমেৰিকাৰ কংগ্ৰেছক সকীয়াই দিছে যে ইউক্ৰেইনক সাহায্যৰ বাবে অনুমোদিত ধন চলিত বৰ্ষৰ শেষত শেষ হ’ব পাৰে।

আনহাতে ইউৰোপীয় সংঘই কিয়েভক সহায় কৰিবলৈ ৫৪ কোটি ডলাৰ (প্ৰায় চাৰি লাখ কোটি) টকাৰ নতুন পুঁজিৰ ওপৰত একমতত উপনীত হ’ব পৰা নাই। এই পৰিস্থিতিত ইউক্ৰেইন সংকটত পৰিব পাৰে বুলি আশংকা কৰা হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনাস্কিয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে কিয়েভে পশ্চিম সীমান্তত অধিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা স্থাপন কৰিছে। কাৰণ পূৰ্বৰ দৰেই তেওঁলোকেও ভাবে যে এই শীতকালত ৰাছিয়াৰ বাহিনীয়ে পুনৰ বিদ্যুৎ কেন্দ্ৰটো আক্ৰমণ কৰিব পাৰে। যদি এনে হয় ইউক্ৰেইনে সকীয়াই দিছে যে তেওঁলোকে ৰাছিয়াৰ তেল আৰু গেছৰ আন্তঃগাঁথনিৰ বিৰুদ্ধেও প্ৰতিশোধ ল’ব পাৰে।

প্ৰসংগক্ৰমে যোৱা বছৰ শীতকালত ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ বিদ্যুৎ কেন্দ্ৰসমূহত আক্ৰমণ অব্যাহত ৰাখিছিল। বৰফেৰে আবৃত ইউক্ৰেইনত বিদ্যুৎ অবিহনে জীৱন অসম্ভৱ। এক অধ্যয়ন অনুসৰি ৰাছিয়াৰ আক্ৰমণৰ বাবে ইউক্ৰেইনৰ প্ৰায় এক কোটি বাসিন্দা বিদ্যুৎ সংকটৰ সন্মুখীন হৈছিল। বৰফেৰে আবৃত ঘৰত ৰুম হিটাৰৰে কাম কৰা নাছিল আৰু খোৱাপানীৰ লাইনসমূহ অসাৰ হৈ পৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ