--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শংকিত ইজৰাইল! পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পথত ইৰাণ। ইজৰাইলক ধ্বংসৰ বাবে পাৰমাণৱিক শক্তিৰ অচিলা লৈছে ইৰাণে। থমকি ৰোৱা নাই ইজৰাইল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শৰনাপন্ন ইজৰাইলে ইৰাণক প্ৰতিৰোধ কৰিবলৈ ৰচিছে নিতৌ নৱ কৌশল। সম্প্ৰতি ইজৰাইলে বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। পুনৰ ইজৰাইলক ভাবুকি প্ৰদান কৰিছে ইৰাণে।

জানিবলৈ পোৱা মতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সঁজুলি ক্ৰয়ৰ বাবে অগ্ৰসৰ হৈছে ইৰাণ। ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনি গাণ্টজে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ধ্বংস কৰাৰ বাবে এক বিকল্প পৰিকল্পনা ল'বলৈ আহ্বান জনাইছে। ইজৰাইলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰৰ নিৰ্মাণকাৰ্যৰ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেটে বিগত সপ্তাহত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে হোৱা বৈঠকৰ পাছতে এই বিষয়ে সদৰী কৰিছিল।

বিষয়টো সন্দৰ্ভত বেনেটে কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ সৈতে এটা যুটীয়া সাংগঠনিক দল গঠন কৰা হৈছে। আমি একেলগে কাম কৰি আছো। ইৰাণক এতিয়া বা ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ অনুমতি দিয়া নহ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে স্পষ্ট অভিমত দাঙি ধৰিছে।‘ ইফালে, ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ সমৃদ্ধিৰ বিষয়টোক লৈ মধ্যপ্ৰাচ্যত দীৰ্ঘদিন ধৰি উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ দেশখনৰ নাগৰিকৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। পৰৱৰ্তী সময়ত আমেৰিকাৰে ইজৰাইলৰ সন্ধিয়ে কিদৰে প্ৰতিৰোধ কৰিব ইৰাণৰ ক্ৰূৰ অভিসন্ধিক সেয়াহে হ’ব লক্ষণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু