--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শংকিত ইজৰাইল! পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পথত ইৰাণ। ইজৰাইলক ধ্বংসৰ বাবে পাৰমাণৱিক শক্তিৰ অচিলা লৈছে ইৰাণে। থমকি ৰোৱা নাই ইজৰাইল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শৰনাপন্ন ইজৰাইলে ইৰাণক প্ৰতিৰোধ কৰিবলৈ ৰচিছে নিতৌ নৱ কৌশল। সম্প্ৰতি ইজৰাইলে বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। পুনৰ ইজৰাইলক ভাবুকি প্ৰদান কৰিছে ইৰাণে।

জানিবলৈ পোৱা মতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সঁজুলি ক্ৰয়ৰ বাবে অগ্ৰসৰ হৈছে ইৰাণ। ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনি গাণ্টজে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী ধ্বংস কৰাৰ বাবে এক বিকল্প পৰিকল্পনা ল'বলৈ আহ্বান জনাইছে। ইজৰাইলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰৰ নিৰ্মাণকাৰ্যৰ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফটালি বেনেটে বিগত সপ্তাহত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে হোৱা বৈঠকৰ পাছতে এই বিষয়ে সদৰী কৰিছিল।

বিষয়টো সন্দৰ্ভত বেনেটে কয় যে, ‘আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ সৈতে এটা যুটীয়া সাংগঠনিক দল গঠন কৰা হৈছে। আমি একেলগে কাম কৰি আছো। ইৰাণক এতিয়া বা ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ অনুমতি দিয়া নহ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে স্পষ্ট অভিমত দাঙি ধৰিছে।‘ ইফালে, ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ সমৃদ্ধিৰ বিষয়টোক লৈ মধ্যপ্ৰাচ্যত দীৰ্ঘদিন ধৰি উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ দেশখনৰ নাগৰিকৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। পৰৱৰ্তী সময়ত আমেৰিকাৰে ইজৰাইলৰ সন্ধিয়ে কিদৰে প্ৰতিৰোধ কৰিব ইৰাণৰ ক্ৰূৰ অভিসন্ধিক সেয়াহে হ’ব লক্ষণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ