--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তালিবান বিৰোধী বিদ্ৰোহৰ অগনি দপদপাই জ্বলি থকা পঞ্জশ্বিৰ দখল কৰাৰ বাবে তালিবানীয়ে অহৰ্নিশে যুদ্ধ চলাই গৈছে। পাকিস্তানী সেনাই এইক্ষেত্ৰত তেওঁলোকক প্ৰত্যক্ষভাৱে সহায় কৰি আছে বুলি ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনী (এন আৰ এফ)ৰ নেতৃত্বই বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছে।তথাপিতো কিন্তু তালিবানীয়ে দখল কৰিব পৰা নাই পঞ্জশ্বিৰ। অৱশ্যেই পঞ্জশ্বিৰ অভিযান সফল হোৱাৰ দাবী তালিবানে বহুকেইবাৰ কৰিছে আৰু প্ৰতিবাৰেই বিদ্ৰোহী সকলৰ নেতৃত্বই সেই দাবী মিছা বুলি কৈ আহিছে।

এইবাৰো তালিবানে একেই দাবী কৰিছে। কিন্তু ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনীয়ে পুনৰাই সেই দাবী মিছা বুলি স্পষ্টকৈ জনাইছে। ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনীৰ নেতৃত্বই জনাইছে যে তেওঁলোকৰ সমূহ নেতা সম্পূৰ্ণ নিৰাপদে আছে। ইতিমধ্যেই এন আৰ এফৰ নেতা আহমদ মাছুদে আফগানিস্তানৰ সমূহ জনগণক এক জাতীয় বিদ্ৰোহৰ নেতৃত্ব ল’বলৈ আহ্বান জনাইছে।
আহমদ মাছুদে এটা অ‘ডিঅ’ বাৰ্তা যোগে কয়, “ আপোনালোকে ঘৰৰ বাহিৰত অথবা ভিতৰত য’তেই নাথাকক কিয়, মই আপোনালোকক এক জাতীয় বিদ্ৰোহৰ সূচনা কৰিবলৈ আহ্বান জনাইছো।দেশখনৰ একতা, স্বাধীনতা আৰু উন্নয়নৰ স্বাৰ্থত এই বিদ্ৰোহ হ’ব লাগে”।


মাছুদৰ এই আহ্বানৰ পিছতে এন আৰ এফৰ প্ৰবক্তা আলী মাইছম নাজাৰীয়ে টুইট বাৰ্তাযোগে বহুসংখ্যক লোকে তেওঁলোকৰ বাহিনীত যোগ দি তালিবানৰ বিৰুদ্ধে যুঁজত সহায় কৰিছে বুলি দাবী কৰে।
ইফালে তালিবানে নিজৰ দাবীত অটল থাকি কয় যে পাঞ্জশ্বিৰৰ পতনৰ পিছতে আফগানিস্তানৰ ৰাষ্ট্ৰপতি বুলি দাবী কৰি অহা আম্ৰুল্লাহ চালেহে দেশ এৰি তাজিকিস্তানলৈ পলায়ন কৰিছে। অৱশ্যে তালিবানে পঞ্জশ্বিৰৰ লোকসকলৰ সৈতে কোনো বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা নহয় বুলি নিশ্চিতি প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ