--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সন্মুখত পুনৰ নতুন বিপদে আহি ধৰা দিছে। খেলপথাৰৰ ভিতৰত শেহতীয়াকৈ প্ৰত্যাহ্বান সন্মুখীন হোৱা ৰোনাল্ডোৰ বাবে এতিয়া খেলপথাৰৰ বাহিৰতো সমস্যাৰ শেষ নোহোৱা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মডেল কেথেৰিন মেয়ৰ্গাই পৰ্তুগীজ তাৰকাগৰাকীৰ  বিৰুদ্ধে দাখিল কৰা ধৰ্ষণৰ গোচৰটো বন্ধ কৰা হৈছিল  যদিও মডেলগৰাকীয়ে গোচৰটো  পুনৰ মুকলি কৰিবলৈ  আদালতৰ কাষ চাপিছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মডেলগৰাকীয়ে ৩৭ বছৰীয়া ৰোনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি আদালতলৈ গৈছিল।কেথেৰিনে অভিযোগ কৰিছিল যে ফুটবল তাৰকাগৰাকীয়ে ২০০৯ চনত লাছ ভেগাছৰ হোটেলৰ কোঠাত তেওঁক ধৰ্ষণ কৰিছিল। মডেলগৰাকীয়ে  এইবুলিও অভিযোগ কৰিছিল যে ৰোনাল্ডোৱে ঘটনাটো গাপ দিবলৈ তেওঁক  ২.৭৫ নিযুত পাউণ্ডেৰ টোপ দি  মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে আদালতে জুন মাহত গোচৰটো খাৰিজ কৰিছিল। কেৱল সেয়াই নহয়, আদালতে কেথেৰিনক গোচৰটোৰ বিভিন্ন তথ্য সংবাদ মাধ্যমৰ আগত  প্ৰকাশ কৰাৰ বাবে ভৰ্ৎসনাও কৰিছিল।


ধৰ্ষণৰ অভিযোগৰ পৰা মুক্তি পাই ৰোনাল্ডোৱে সকাহ পাইছিল। অৱশ্যে মডেল কেথেৰিনে পুনৰ ন্যায় প্ৰাপ্তিৰ আশাত  আদালতৰ  শৰণাপন্ন হোৱাত ৰোনাল্ডই লাভ কৰা  সকাহ অস্থায়ী বুলি প্ৰমাণিত হৈছিল। কেথেৰিনে ফুটবল তাৰকাগৰাকীৰ পৰা ৫৪ নিযুত পাউণ্ড ক্ষতিপূৰণ দাবী কৰিছে। নতুনকৈ দাখিল কৰা গোচৰটোৰ শুনানি ইতিমধ্যে আৰম্ভ হৈছে। মেয়ৰ্গাই এক ঘণ্টা দীঘলীয়া ফোন বাৰ্তাত মধ্যস্থতাকাৰীৰ জৰিয়তে তেওঁৰ অভিযোগৰ বিষয়ে আদালতক জনায়। অৱশ্যে ৰোনাল্ডোৱে পূৰ্বৰে পৰা তেওঁৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগ অস্বীকাৰ কৰি আহিছে। 

খেলপথাৰৰ বাহিৰৰ এনে সমস্যাই এতিয়া ৰোনাল্ডোৰ খেলৰ ওপৰতো প্ৰভাৱ পেলাইছে। পৰ্তুগীজ তাৰকাজন মেন ইউৰ জাৰ্চীত মুঠেও পূৰ্বৰ দৰে ছন্দ ৰক্ষা কৰি খেলিব পৰা নাই। তেওঁ আজি  নিশা লিভাৰপুলৰ বিৰুদ্ধে খেলিব। কিন্তু ধৰ্ষণকাণ্ডই নতুন পাক লোৱাৰ পিছত ৰেড ডেভিলছৰ প্ৰাক্তন তাৰকা ৱেইন ৰুনিয়ে ৰোনাল্ডোক সেই খেলখনৰ প্ৰথম এঘাৰৰ পৰা বাহিৰত ৰাখিবলৈ পৰামৰ্শ দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু