--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় দবা খেলৰ জগতখনত এক নৱ জ্যোতিষ্ক হিচাপে চমকি উঠা দবাৰু চাঞ্চল্য গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰাগনানন্ধাই পুনৰ এবাৰ বিশ্ব দবা জগতক হচকিত কৰি তুলিছে। বিশ্বৰ শীৰ্ষস্থানীয় দবা খেলুৱৈ মেগনাচ কাৰ্লচেনক পৰাস্ত কৰি পুনৰ এবাৰ চমক সৃষ্টি কৰিছে ভাৰতীয় যুৱ গ্ৰেণ্ডমাষ্টাৰ গৰাকীয়ে। মিয়ামিত অনুষ্ঠিত এফটিএক্স ক্ৰিপ্টো কাপ দবা প্ৰতিযোগিতাত আজি পুৱা প্ৰাগনানন্ধাই চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই প্ৰতিযোগিতাখনৰ অন্তিম ৰাউণ্ডত কাৰ্লচেনক ৪-২ ব্যৱধানত পৰাস্ত কৰে। 

অৱশ্যে কাৰ্লচেনক পৰাস্ত কৰিলেও প্ৰতিযোগিতাখনত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ১৭ বছৰীয়া ভাৰতীয় দবাৰুগৰাকী। সামগ্ৰিকভাৱে প্ৰাগনানন্ধাই প্ৰতিযোগিতাখনত ১৫ পইণ্ট লাভ কৰাৰ বিপৰীতে কাৰ্লচেনে ১৬ পইণ্ট সংগ্ৰহ কৰি চূড়ান্ত বিজয়ী বিবেচিত হয়। 

মেচখনৰ প্ৰথম দুটা গেম ড্ৰ হোৱাৰ পিছত তৃতীয়টো গেমত কাৰ্লচেনে জয় সাব্যস্ত কৰে। কিন্তু চতুৰ্থটো গেমত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই প্ৰাগনানন্ধাই কাৰ্লচেনক পৰাস্ত কৰি মেচখন টাই-ব্ৰেকলৈ লৈ যায়। টাই-ব্ৰেকৰ দুয়োটা গেমতে জয়ী হৈ প্ৰাগনানন্ধাই নৰৱেয়ান কাৰ্লচেনৰ লগতে দবা জগতক হতবাক কৰি তোলে।

চলিত চিজনত প্ৰাগনানন্ধাই চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত ৪৪ তম দবা অলিম্পিয়াডত ভাৰত 'বি' দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে প্ৰাগনানন্দে ইতিপূৰ্বে দুবাৰকৈ বিশ্বৰ শীৰ্ষ স্থানৰ গ্ৰেণ্ডমাষ্টাৰ কাৰ্লচেনক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চলিত বছৰৰ ফেব্ৰুৱাৰীত এখন প্ৰতিযোগিতাত কাৰ্লচেনক পৰাস্ত কৰি দবা জগতক হচকিত কৰি তুলিছিল প্ৰাগনানন্ধাই। আনহাতে যোৱা মে’ মাহত চেচেবল মাষ্টাৰ্ছ প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে পৰাস্ত কৰিছিল কাৰ্লচেনক।

বিশ্বৰ শীৰ্ষ স্থানৰ গ্ৰেণ্ডমাষ্টাৰ গৰাকীক দুবাৰকৈ পৰাস্ত কৰাৰ পিছতে ভাৰতীয় দবা জগতত বিশ্বনাথন আনন্দৰ উত্তৰসূৰী হিচাপে চৰ্চিত হৈ পৰিছিল ১৬ বৰ্ষীয় এই কিশোৰ তাৰকাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক