--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় দবা খেলৰ জগতখনত এক নৱ জ্যোতিষ্ক হিচাপে চমকি উঠা দবাৰু চাঞ্চল্য গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰাগনানন্ধাই পুনৰ এবাৰ বিশ্ব দবা জগতক হচকিত কৰি তুলিছে। বিশ্বৰ শীৰ্ষস্থানীয় দবা খেলুৱৈ মেগনাচ কাৰ্লচেনক পৰাস্ত কৰি পুনৰ এবাৰ চমক সৃষ্টি কৰিছে ভাৰতীয় যুৱ গ্ৰেণ্ডমাষ্টাৰ গৰাকীয়ে। মিয়ামিত অনুষ্ঠিত এফটিএক্স ক্ৰিপ্টো কাপ দবা প্ৰতিযোগিতাত আজি পুৱা প্ৰাগনানন্ধাই চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই প্ৰতিযোগিতাখনৰ অন্তিম ৰাউণ্ডত কাৰ্লচেনক ৪-২ ব্যৱধানত পৰাস্ত কৰে। 

অৱশ্যে কাৰ্লচেনক পৰাস্ত কৰিলেও প্ৰতিযোগিতাখনত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ১৭ বছৰীয়া ভাৰতীয় দবাৰুগৰাকী। সামগ্ৰিকভাৱে প্ৰাগনানন্ধাই প্ৰতিযোগিতাখনত ১৫ পইণ্ট লাভ কৰাৰ বিপৰীতে কাৰ্লচেনে ১৬ পইণ্ট সংগ্ৰহ কৰি চূড়ান্ত বিজয়ী বিবেচিত হয়। 

মেচখনৰ প্ৰথম দুটা গেম ড্ৰ হোৱাৰ পিছত তৃতীয়টো গেমত কাৰ্লচেনে জয় সাব্যস্ত কৰে। কিন্তু চতুৰ্থটো গেমত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই প্ৰাগনানন্ধাই কাৰ্লচেনক পৰাস্ত কৰি মেচখন টাই-ব্ৰেকলৈ লৈ যায়। টাই-ব্ৰেকৰ দুয়োটা গেমতে জয়ী হৈ প্ৰাগনানন্ধাই নৰৱেয়ান কাৰ্লচেনৰ লগতে দবা জগতক হতবাক কৰি তোলে।

চলিত চিজনত প্ৰাগনানন্ধাই চমৎকাৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। শেহতীয়াকৈ চেন্নাইত অনুষ্ঠিত ৪৪ তম দবা অলিম্পিয়াডত ভাৰত 'বি' দলে ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে প্ৰাগনানন্দে ইতিপূৰ্বে দুবাৰকৈ বিশ্বৰ শীৰ্ষ স্থানৰ গ্ৰেণ্ডমাষ্টাৰ কাৰ্লচেনক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চলিত বছৰৰ ফেব্ৰুৱাৰীত এখন প্ৰতিযোগিতাত কাৰ্লচেনক পৰাস্ত কৰি দবা জগতক হচকিত কৰি তুলিছিল প্ৰাগনানন্ধাই। আনহাতে যোৱা মে’ মাহত চেচেবল মাষ্টাৰ্ছ প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে পৰাস্ত কৰিছিল কাৰ্লচেনক।

বিশ্বৰ শীৰ্ষ স্থানৰ গ্ৰেণ্ডমাষ্টাৰ গৰাকীক দুবাৰকৈ পৰাস্ত কৰাৰ পিছতে ভাৰতীয় দবা জগতত বিশ্বনাথন আনন্দৰ উত্তৰসূৰী হিচাপে চৰ্চিত হৈ পৰিছিল ১৬ বৰ্ষীয় এই কিশোৰ তাৰকাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক