--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত আক্ৰমণকাৰীক  পাছ যোগাৰ কৰি দিয়া  বিজেপি সাংসদ প্ৰতাপ সিমহাৰ ভাতৃ বিক্ৰম সিমহাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষী। সাংসদগৰাকীৰ ভাতৃক অবৈধভাৱে গছ-গছনি  কটাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। কৰ্ণাটকৰ বিজেপি সাংসদ প্ৰতাপ সিমহাই   সংসদৰ আক্ৰমণকাৰীসকলক ১৩ ডিচেম্বৰত লোকসভাত প্ৰৱেশ কৰিবলৈ পাছ দিছিল।ফলত বিজেপি সাংসদ প্ৰতাপ সিমহা সমালোচনাৰ সন্মুখীন হৈছিল।

 এনে বিতৰ্কৰ মাজতে প্ৰতাপ সিমহাৰ ভায়েক বিক্ৰম সিমহাক  কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটকত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে অনুমতি অবিহনে গছ কাটি কাঠৰ চোৰাং ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন হৈছে। বিক্ৰমে কৰ্ণাটকৰ হাছান জিলাত কমেও ১২৬  জোপা  ডাঙৰ গছ কাটিছিল বুলি অভিযোগ কৰা হৈছে। গছ কাটিবলৈ তেওঁৰ প্ৰয়োজনীয় অনুমতি নাছিল। তেওঁ সেই গছৰ পৰা পোৱা কাঠ চোৰাংকৈ বিক্ৰী কৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত বিজেপি সাংসদজনৰ ভায়েকক বন বিভাগক গতাই দিয়া হৈছে । বন বিভাগে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তেওঁৰ বিৰুদ্ধে বন সুৰক্ষা আৰু উদ্ভিদ সুৰক্ষা আইন উলংঘা কৰাৰ অভিযোগ উঠিছে।

বিক্ৰমৰ কাকায়েক তথা বিজেপি নেতা  প্ৰতাপ সিমহা মাইচুৰুৰ এজন সাংসদ। প্ৰতাপ সিমহাই সংসদ আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক সংসদত প্ৰৱেশ কৰাৰ  পাছ জাৰি কৰিছিল। সংসদৰ ওপৰত আক্ৰমণৰ দুসপ্তাহ পাৰ হৈ গ'ল  কিন্তু বিজেপিয়ে দলৰ সাংসদজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দিল্লী আৰক্ষীয়ে প্ৰতাপৰ বিৰুদ্ধে এখন এজাহাৰ গ্ৰহণ  কৰিছিলযদিও  এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক