--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত আক্ৰমণকাৰীক  পাছ যোগাৰ কৰি দিয়া  বিজেপি সাংসদ প্ৰতাপ সিমহাৰ ভাতৃ বিক্ৰম সিমহাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষী। সাংসদগৰাকীৰ ভাতৃক অবৈধভাৱে গছ-গছনি  কটাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। কৰ্ণাটকৰ বিজেপি সাংসদ প্ৰতাপ সিমহাই   সংসদৰ আক্ৰমণকাৰীসকলক ১৩ ডিচেম্বৰত লোকসভাত প্ৰৱেশ কৰিবলৈ পাছ দিছিল।ফলত বিজেপি সাংসদ প্ৰতাপ সিমহা সমালোচনাৰ সন্মুখীন হৈছিল।

 এনে বিতৰ্কৰ মাজতে প্ৰতাপ সিমহাৰ ভায়েক বিক্ৰম সিমহাক  কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটকত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে অনুমতি অবিহনে গছ কাটি কাঠৰ চোৰাং ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন হৈছে। বিক্ৰমে কৰ্ণাটকৰ হাছান জিলাত কমেও ১২৬  জোপা  ডাঙৰ গছ কাটিছিল বুলি অভিযোগ কৰা হৈছে। গছ কাটিবলৈ তেওঁৰ প্ৰয়োজনীয় অনুমতি নাছিল। তেওঁ সেই গছৰ পৰা পোৱা কাঠ চোৰাংকৈ বিক্ৰী কৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত বিজেপি সাংসদজনৰ ভায়েকক বন বিভাগক গতাই দিয়া হৈছে । বন বিভাগে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তেওঁৰ বিৰুদ্ধে বন সুৰক্ষা আৰু উদ্ভিদ সুৰক্ষা আইন উলংঘা কৰাৰ অভিযোগ উঠিছে।

বিক্ৰমৰ কাকায়েক তথা বিজেপি নেতা  প্ৰতাপ সিমহা মাইচুৰুৰ এজন সাংসদ। প্ৰতাপ সিমহাই সংসদ আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক সংসদত প্ৰৱেশ কৰাৰ  পাছ জাৰি কৰিছিল। সংসদৰ ওপৰত আক্ৰমণৰ দুসপ্তাহ পাৰ হৈ গ'ল  কিন্তু বিজেপিয়ে দলৰ সাংসদজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দিল্লী আৰক্ষীয়ে প্ৰতাপৰ বিৰুদ্ধে এখন এজাহাৰ গ্ৰহণ  কৰিছিলযদিও  এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু