--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হৈছে সমসদৰ  বিশেষ অধিৱেশন। অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত মোদীয়ে জৱহৰলাল  নেহৰুৰ নাম বিশেষ ভাবে আছিল। মোদীয়ে তেওঁৰ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেওঁৰ মন্ত্ৰীসভাৰ উচ্চ প্ৰশংসা কৰে। নেহৰুৰ উপৰি প্ৰধানমন্ত্ৰীয়ে লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী আৰু মনমোহন সিঙৰ অৱদানৰ কথাও শ্ৰদ্ধাৰে  স্মৰণ  কৰে। 

ভাষণৰ আৰম্ভণিতে মোদীয়ে জি-২০ সন্মিলনৰ সফলতাৰ কথা উল্লেখ কৰে। মোদীয়ে কয় "এয়া কোনো দলৰ সফলতা নহয়, ই দেশৰ সফলতা।’’ ঐতিহাসিক চন্দ্ৰযান-৩ অভিযানৰ বিষয়ে উল্লেখ কৰি মোদীয়ে ভাৰতীয় বিজ্ঞানীসকলৰ লগতে ইছৰোকো অভিনন্দন জ্ঞাপন কৰে। তাৰ পিছত তেওঁ পুৰণি সাংসদসকলক স্মৰণ কৰে। তেতিয়াই  মোদীৰ মুখত নেহৰুৰ প্ৰশংসা শুনা যায়। সাধাৰণতে মোদীয়ে নেহৰুক পূৰ্বে কেতিয়াও এনেদৰে প্ৰশংসা কৰা নাছিল। ইয়াৰ বিপৰীতে নেহৰুৰ বাবেই দেশ পিছুৱাই যোৱা বুলি বিজেপিৰেই বহুতে কৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে পুৰণি সংসদ ভৱনৰ প্ৰায় আঠ দশকৰ যাত্ৰাৰ কথা স্মৰণ কৰে।তেওঁ কয় "নেহৰুজীৰ মাজনিশাৰ ভাষণে আমাক সদায় অনুপ্ৰাণিত কৰিব। এই সদনতে অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে চৰকাৰ আহিব আৰু যাব, কিন্তু এই দেশ থাকিব। "

মোদীয়ে নেহৰুৰ মন্ত্ৰীসভাকো প্ৰশংসা কৰে। তেওঁ লগতে  দুখ প্ৰকাশ কৰে  যে পুৰণি  সংসদ ভৱনে  তেওঁলোকৰ কাৰ্যকালত তিনিজন প্ৰধানমন্ত্ৰীক হেৰুৱাইছিল। তেওঁলোক সকলোৱেই কংগ্ৰেছৰ আছিল। তেওঁ চৰকাৰৰ নেতৃত্ব দিছিল। তেওঁলোক আছিল ক্ৰমে জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধী ।  মোদীয়ে কয় "এই দেশখন অগণন সাংসদৰ অৱদানৰ দ্বাৰা নিৰ্মাণ হৈছে। যিটো ভাৰতীয় গণতন্ত্ৰৰ গৌৰৱ’’।

সংসদৰ বিশেষ অধিৱেশন সোমবাৰে আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ বাহিৰত পাঁচ মিনিটৰ বাবে ভাষণ দিয়ে। তেওঁৰ ভাষণত কেইবাটাও বিষয় উত্থপন হোৱা দেখা যায়। মোদীয়ে কয় "এই বিশেষ অধিৱেশনৰ দৈৰ্ঘ্য অতি কম হ'ব পাৰে। কিন্তু এই বিশেষ অধিৱেশনৰ গুৰুত্ব অপৰিসীম। কাৰণ এই অধিৱেশনত কেইবাটাও ঐতিহাসিক সিদ্ধান্ত লোৱা হ'ব।’’ খবৰ অনুসৰি  চলিত অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন  হোৱাৰ সম্ভাৱনা আছে। ইয়াত নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ দৰে বিধেয়কো অন্তৰ্ভুক্ত আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা