--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম দৃষ্টিত তেনেই সাধাৰণ যেন লগা এখন ছবি। কিন্তু সেই ছবি খনৰেই নিলাম মূল্য উঠিল ৬১.৮ কোটি টকা। এক কথাত ক’বলৈ গ’লে ভাৰতীয় মহিলা চিত্ৰশিল্পীৰ চিত্ৰই বিশ্বত অভিলেখ গঢ়িলে।  অবিশ্বাস্য যেন লাগিলেও সেই ছবি খন এতিয়া ৬১.৮ কোটি টকাত নিলাম হৈছে। ইয়াৰ পূৰ্বে  কেতিয়াও ভাৰতীয় চিত্ৰ ইমান উচ্চ মূল্যত বিক্ৰী হোৱা নাছিল।

প্ৰয়াত শিখ-হাংগেৰিয়ান শিল্পী অমৃতা শ্বেৰগিলে অঁকা ছবি  'দ্য ষ্টৰী টেলাৰ' শেহতীয়াকৈ এই অভিলেখ মূল্যত বিক্ৰী হৈছে। ১৯৩৭ চনৰ ছবি খন বিশ্ব মঞ্চত নিলাম কৰা হৈছিল। উল্লেখ্য  এই মাহৰ আৰম্ভণিতে চৈয়দ হায়দৰ ৰাজাৰ 'জেষ্টেচন' শীৰ্ষক পেইণ্টিং খন ৫১,৭০ কোটি টকাত বিক্ৰী হৈছিল। ইয়াৰ ১০ দিনতকৈও কম সময়ৰ ভিতৰত অমৃতা শ্বেৰগিলৰ ছবি খনে এটা নতুন অভিলেখ স্থাপন কৰিলে। 

'দ্য ষ্টৰী টেলাৰ' পেইণ্টিং খনৰ নিলাম মূল্য ৬১.৮০ কোটি টকালৈ বৃদ্ধি পোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। এই নিলাম দিল্লীত অনুষ্ঠিত হৈছে। পেইণ্টিংখনৰ ক্ৰেতাৰ নাম এতিয়াও ৰাজহুৱা কৰা হোৱা নাই।  নিলাম অনুষ্ঠিত কৰা কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াই কয় "এয়া অমৃতা শ্বেৰগিলৰ সৰ্বশ্ৰেষ্ঠ কামবোৰৰ ভিতৰৰে এটা । তেওঁ  ছবিৰ নিলামৰ পৃথিৱীত এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে"।

উল্লেখ্য ১৯৪১ চনতে অমৃতা শ্বেৰগিলৰ মৃত্যু হৈছিল । ভাৰতীয় মহিলা শিল্পীসকলৰ মাজত তাইৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ২০০৬ চনত তেওঁৰ 'ভিলেজ গ্ৰুপ'  ছবি খনো  ৬.৯ কোটি টকাত বিক্ৰী হৈছিল। সেই সময়ত ছবি খনৰ নিলাম মূল্যই   অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল