--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম দৃষ্টিত তেনেই সাধাৰণ যেন লগা এখন ছবি। কিন্তু সেই ছবি খনৰেই নিলাম মূল্য উঠিল ৬১.৮ কোটি টকা। এক কথাত ক’বলৈ গ’লে ভাৰতীয় মহিলা চিত্ৰশিল্পীৰ চিত্ৰই বিশ্বত অভিলেখ গঢ়িলে।  অবিশ্বাস্য যেন লাগিলেও সেই ছবি খন এতিয়া ৬১.৮ কোটি টকাত নিলাম হৈছে। ইয়াৰ পূৰ্বে  কেতিয়াও ভাৰতীয় চিত্ৰ ইমান উচ্চ মূল্যত বিক্ৰী হোৱা নাছিল।

প্ৰয়াত শিখ-হাংগেৰিয়ান শিল্পী অমৃতা শ্বেৰগিলে অঁকা ছবি  'দ্য ষ্টৰী টেলাৰ' শেহতীয়াকৈ এই অভিলেখ মূল্যত বিক্ৰী হৈছে। ১৯৩৭ চনৰ ছবি খন বিশ্ব মঞ্চত নিলাম কৰা হৈছিল। উল্লেখ্য  এই মাহৰ আৰম্ভণিতে চৈয়দ হায়দৰ ৰাজাৰ 'জেষ্টেচন' শীৰ্ষক পেইণ্টিং খন ৫১,৭০ কোটি টকাত বিক্ৰী হৈছিল। ইয়াৰ ১০ দিনতকৈও কম সময়ৰ ভিতৰত অমৃতা শ্বেৰগিলৰ ছবি খনে এটা নতুন অভিলেখ স্থাপন কৰিলে। 

'দ্য ষ্টৰী টেলাৰ' পেইণ্টিং খনৰ নিলাম মূল্য ৬১.৮০ কোটি টকালৈ বৃদ্ধি পোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। এই নিলাম দিল্লীত অনুষ্ঠিত হৈছে। পেইণ্টিংখনৰ ক্ৰেতাৰ নাম এতিয়াও ৰাজহুৱা কৰা হোৱা নাই।  নিলাম অনুষ্ঠিত কৰা কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াই কয় "এয়া অমৃতা শ্বেৰগিলৰ সৰ্বশ্ৰেষ্ঠ কামবোৰৰ ভিতৰৰে এটা । তেওঁ  ছবিৰ নিলামৰ পৃথিৱীত এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে"।

উল্লেখ্য ১৯৪১ চনতে অমৃতা শ্বেৰগিলৰ মৃত্যু হৈছিল । ভাৰতীয় মহিলা শিল্পীসকলৰ মাজত তাইৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ২০০৬ চনত তেওঁৰ 'ভিলেজ গ্ৰুপ'  ছবি খনো  ৬.৯ কোটি টকাত বিক্ৰী হৈছিল। সেই সময়ত ছবি খনৰ নিলাম মূল্যই   অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা