--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ অধিৱেশন। কিন্তু বহুতে ধাৰণা কৰাৰ ধৰণেই সংসদৰ অধিৱেশনৰ প্ৰথম দিনটোৰ পৰাই উত্তপ্ত হৈ পৰে সদন। ১৮ সংখ্যক সংসদ অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদেৰে  ধুমুহাৰ সৃষ্টি কৰে। সংবিধানৰ প্ৰতিলিপি হাতত লৈ সংসদৰ বাহিৰত প্ৰতিবাদ  সাৱ্যস্ত কৰে  বিৰোধী মিত্ৰজোঁটৰ। কংগ্ৰেছৰ ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি মল্লিকাৰ্জুন খৰ্গেৰ ,  তৃণমূলৰ (টিএমচি) সুদীপ বেনাৰ্জী, সৌগতা ৰায়, নৱ নিৰ্বাচিত বাপি হালদাৰ সকলোৱে এই প্ৰতিবাদত যোগদান কৰে। অন্য বিৰোধী দলৰ সাংসদো প্ৰতিবাদত  উপস্থিত থাকে। তেওঁলোকৰ দাবী, "আমি সংবিধান ৰক্ষাৰ বাবে যুঁজি আছো। ইতিমধ্যে কেইবাটাও বিষয়ত পক্ষপাতদুষ্ট হৈ পৰিছে নতুন চৰকাৰ। আৰু সেয়া ৰোধ কৰিবলৈ আমি সক্ৰিয় হৈছো, প্ৰথম দিনাৰ পৰাই প্ৰতিবাদ কৰিছো।”

শেহতীয়া লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে ইতিমধ্যে বিৰোধীৰ হেঁচাত পৰিছে চৰকাৰ। বিৰোধীয়ে সৰ্বভাৰতীয় বহু পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰিৰ দৰেবিষয়সমূহ আজি উত্থাপন কৰে। ।সোমবাৰে নতুন সংসদ ভৱনৰ বাহিৰত ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো সদস্যই একত্ৰিত হৈ চৰকাৰৰ নানান কাৰ্যৰ সমালোচনাত সৰব হৈ পৰে।  বিৰোধী দলৰ সাংসদসকলে হাতত সংবিধানৰ প্ৰতিলিপি লৈ গান্ধীৰ প্ৰতিমূৰ্তিৰ তলৰ পৰা নতুন সংসদ ভৱনলৈ যাত্ৰা কৰে।

 কংগ্ৰেছে  ৮ বাৰৰ কংগ্ৰেছ সাংসদ কে সুৰেশৰ সলনি  প্ৰ’টেম অধ্যক্ষ হিচাবে  ৭ বাৰৰ বিজেপিৰ সাংসদ  ভৰত্ৰিহৰী মাহটাবক নিৰ্বাচন কৰে সেই বিষয়ত উত্থাপন কৰে।   এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গেয়েও  প্ৰতিবাদত যোগদান কৰে। ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে মোদী-শ্বাহে দেশৰ সংবিধানক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে।

 তৃণমূল কংগ্ৰেছে ভাৰত আৰু বাংলাদেশৰ মাজত গংগা সন্ধিৰ নবীকৰণৰ বিষয়টো উত্থাপন কৰে। তৃণমূল নেতা তথা লোকসভাত প্ৰ’টেম অধ্যক্ষৰ সহায়ক সুদীপ বন্দ্যোপাধ্যায়ে স্পষ্টভাৱে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা জল সন্ধিৰ ফলত বংগৰ তৃণমূল চৰকাৰখন বিপদত পৰিছে। চুক্তিখন  সম্পূৰ্ণ একপক্ষীয়, গণতন্ত্ৰৰ বিৰোধী। গতিকে প্ৰথম দিনাৰ পৰাই আমি গণতন্ত্ৰক বচাবলৈ আগবাঢ়িছো।"

ইফালে সংসদৰ ভিতৰতে বিৰোধীয়ে শ্লোগান  দিবলৈ ধৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান যেতিয়া সাংসদ হিচাপে শপত ল’বলৈ আগবাঢ়িছিল , তেতিয়া বিৰোধীয়ে  ‘NEET’, ‘NET’ আদি শ্লোগান দিবলৈ আৰম্ভ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান