--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ অধিৱেশন। কিন্তু বহুতে ধাৰণা কৰাৰ ধৰণেই সংসদৰ অধিৱেশনৰ প্ৰথম দিনটোৰ পৰাই উত্তপ্ত হৈ পৰে সদন। ১৮ সংখ্যক সংসদ অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদেৰে  ধুমুহাৰ সৃষ্টি কৰে। সংবিধানৰ প্ৰতিলিপি হাতত লৈ সংসদৰ বাহিৰত প্ৰতিবাদ  সাৱ্যস্ত কৰে  বিৰোধী মিত্ৰজোঁটৰ। কংগ্ৰেছৰ ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি মল্লিকাৰ্জুন খৰ্গেৰ ,  তৃণমূলৰ (টিএমচি) সুদীপ বেনাৰ্জী, সৌগতা ৰায়, নৱ নিৰ্বাচিত বাপি হালদাৰ সকলোৱে এই প্ৰতিবাদত যোগদান কৰে। অন্য বিৰোধী দলৰ সাংসদো প্ৰতিবাদত  উপস্থিত থাকে। তেওঁলোকৰ দাবী, "আমি সংবিধান ৰক্ষাৰ বাবে যুঁজি আছো। ইতিমধ্যে কেইবাটাও বিষয়ত পক্ষপাতদুষ্ট হৈ পৰিছে নতুন চৰকাৰ। আৰু সেয়া ৰোধ কৰিবলৈ আমি সক্ৰিয় হৈছো, প্ৰথম দিনাৰ পৰাই প্ৰতিবাদ কৰিছো।”

শেহতীয়া লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে ইতিমধ্যে বিৰোধীৰ হেঁচাত পৰিছে চৰকাৰ। বিৰোধীয়ে সৰ্বভাৰতীয় বহু পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰিৰ দৰেবিষয়সমূহ আজি উত্থাপন কৰে। ।সোমবাৰে নতুন সংসদ ভৱনৰ বাহিৰত ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো সদস্যই একত্ৰিত হৈ চৰকাৰৰ নানান কাৰ্যৰ সমালোচনাত সৰব হৈ পৰে।  বিৰোধী দলৰ সাংসদসকলে হাতত সংবিধানৰ প্ৰতিলিপি লৈ গান্ধীৰ প্ৰতিমূৰ্তিৰ তলৰ পৰা নতুন সংসদ ভৱনলৈ যাত্ৰা কৰে।

 কংগ্ৰেছে  ৮ বাৰৰ কংগ্ৰেছ সাংসদ কে সুৰেশৰ সলনি  প্ৰ’টেম অধ্যক্ষ হিচাবে  ৭ বাৰৰ বিজেপিৰ সাংসদ  ভৰত্ৰিহৰী মাহটাবক নিৰ্বাচন কৰে সেই বিষয়ত উত্থাপন কৰে।   এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গেয়েও  প্ৰতিবাদত যোগদান কৰে। ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে মোদী-শ্বাহে দেশৰ সংবিধানক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে।

 তৃণমূল কংগ্ৰেছে ভাৰত আৰু বাংলাদেশৰ মাজত গংগা সন্ধিৰ নবীকৰণৰ বিষয়টো উত্থাপন কৰে। তৃণমূল নেতা তথা লোকসভাত প্ৰ’টেম অধ্যক্ষৰ সহায়ক সুদীপ বন্দ্যোপাধ্যায়ে স্পষ্টভাৱে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা জল সন্ধিৰ ফলত বংগৰ তৃণমূল চৰকাৰখন বিপদত পৰিছে। চুক্তিখন  সম্পূৰ্ণ একপক্ষীয়, গণতন্ত্ৰৰ বিৰোধী। গতিকে প্ৰথম দিনাৰ পৰাই আমি গণতন্ত্ৰক বচাবলৈ আগবাঢ়িছো।"

ইফালে সংসদৰ ভিতৰতে বিৰোধীয়ে শ্লোগান  দিবলৈ ধৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান যেতিয়া সাংসদ হিচাপে শপত ল’বলৈ আগবাঢ়িছিল , তেতিয়া বিৰোধীয়ে  ‘NEET’, ‘NET’ আদি শ্লোগান দিবলৈ আৰম্ভ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু