ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত বান ব্যৱস্থাপনাৰ প্ৰস্তুতি পৰ্যালোচনা সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেশত বানৰ বিপদাংশকা হ্ৰাস কৰাৰ বাবে এক ব্যাপক আৰু সুদূৰপ্ৰসাৰী নীতিসূত্ৰ প্ৰস্তুত কৰাৰ বাবে দীৰ্ঘম্যাদী পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যোৱা বছৰ অনুষ্ঠিত বৈঠকত লোৱা সিদ্ধান্তসমূহৰ আধাৰত লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। ইয়াৰ লগতে সকলো সংস্থাই গ্ৰহণ কৰা নতুন প্ৰযুক্তি আৰু বান ব্যৱস্থাপনাৰ বাবে তেওঁলোকৰ ‘নেটৱৰ্ক’ৰ সম্প্ৰসাৰণৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শ্ৰী অমিত শ্বাহে ‘গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড’ (জিএলঅ'এফ)ৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰে। তেওঁ বান আৰু জল ব্যৱস্থাপনাৰ বাবে বিভিন্ন সংস্থাৰ দ্বাৰা ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ (ইছৰো)ৱেপ্ৰদান কৰা উপগ্ৰহীয় ছবিৰ সৰ্বোত্তম ব্যৱহাৰতো গুৰুত্ব আৰোপ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনা 'জিৰো কেজুৱেলিটি এপ্ৰচ‘ৰে আগবাঢ়িছে। গৃহমন্ত্ৰীয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বান ব্যৱস্থাপনাৰ বাবে ‘এনডিএমএ’-য়ে জাৰী কৰা পৰামৰ্শসমূহ সময়মতে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। তেওঁ ‘ভাৰতীয় বতৰবিজ্ঞান বিভাগ’ (আইএমডি) আৰু ‘কেন্দ্ৰীয় জল আয়োগ’ (চিডব্লিউচি)ক বানৰ পূৰ্বানুমানত ব্যৱহৃত সকলো সঁজুলি অতি সোনকালে পুনৰ সষ্টম কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰী শ্বাহে সংশ্লিষ্ট বিভাগসমূহক ছিকিম আৰু মণিপুৰৰ শেহতীয়া বান পৰিস্থিতিৰ বিতং অধ্যয়ন কৰিবলৈ আৰু গৃহ মন্ত্ৰালয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শ্বাহে সকলো মুখ্য বান্ধসমূহৰ ‘ফ্লাডগে’ট’সমূহ ভাল অৱস্থাত থকাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ কয় যে ‘চিডব্লিউচি’-ৰ বান নিৰীক্ষণ কেন্দ্ৰসমূহ আমাৰ প্ৰয়োজনীয়তা আৰু আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি হোৱা উচিত।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে খৰালি শুকোৱা নদীসমূহে অধিক গৰাখহনীয়া আৰু পলসবহন কৰা সম্ভাৱনা থাকে, যাৰ ফলত বানৰ উদ্ভৱ হয়। তেওঁ নিৰ্দেশ দি কয় যে উন্নত বান ব্যৱস্থাপনাৰ বাবে নদীৰ জলস্তৰৰ পূৰ্বানুমান প্ৰণালীসমূহ উন্নত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। শ্ৰী শ্বাহে কয় যে বানৰ ক্ষেত্ৰত পথৰ জলমগ্নতাৰে মোকাবিলা কৰিবলৈ প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা পথ নিৰ্মাণ নক্সাৰ এক অবিচ্ছেদ্য অংশ হোৱা উচিত। শ্ৰী শ্বাহে কয় যে উত্তৰ-পূবত কমেও ৫০ টা ডাঙৰ পুখুৰী নিৰ্মাণ কৰিব লাগে যাতে ব্ৰহ্মপুত্ৰ নদীৰ জলস্ৰোত সেই পুখুৰীবোৰলৈ বোৱাই নি সংৰক্ষণ কৰিব পৰা যায়। তেওঁ কয় যে ই কম খৰচত সেই অঞ্চলসমূহত কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ বিকাশত সহায় কৰিব আৰু বান সমস্যাৰে মোকাবিলাকৰাত সহায় কৰি অৱশেষত ই স্থানীয় অৰ্থনীতিক লাভান্বিত কৰিব।
অমিত শ্বাহে ‘ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ’ (এনডিএমএ) আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক বনজুইৰ ঘটনা প্ৰতিহত কৰিবলৈ উপযুক্ত সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে গৃহমন্ত্ৰীয়ে নিয়মীয়াকৈ অগ্নিনিৰ্বাপক ৰেখা সৃষ্টি কৰা, শুকান পাত আঁতৰোৱা আৰু স্থানীয় বাসিন্দা আৰু বনকৰ্মীসকলৰ সৈতে সময়ে সময়ে আখৰা অনুশীলনৰ দিহা কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে তেওঁ একেঠাইতে বাৰে বাৰে বনজুই লগাঘটনাৰ তথ্য বিশ্লেষণ কৰিবলৈও কয়। গৃহমন্ত্ৰীয়ে ‘এনডিএমএ’-ক বনজুইৰ ঘটনা মোকাবিলা কৰিবলৈ এক বিতং নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈও আহ্বান জনায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে বজ্ৰপাত সন্দৰ্ভত ‘আইএমডি’-ৰ সতৰ্কবাণী ‘এছএমএছ’, ‘টিভি’, এফএম ৰেডিঅ' আৰু অন্যান্য মাধ্যমৰ জৰিয়তে সময়মতে ৰাইজৰ আগত প্ৰচাৰ কৰিব লাগে। তেওঁ বিভিন্ন বিভাগৰ দ্বাৰা বিকশিত বতৰ, বৰষুণ আৰু বান সতৰ্কতা সম্পৰ্কীয় ‘এপ্’-সমূহ একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে যাতে সেইবোৰৰ লাভসমূহ লক্ষ্য নিৰ্দ্ধাৰিত জনসংখ্যাৰ কাষলৈ লৈ যাব পৰা যায়। শ্বাহে নিৰ্দেশ দিয়ে যে যিহেতু বানকে ধৰি যিকোনো দুৰ্যোগৰ সময়ত জনসাধাৰণেই প্ৰথম সঁহাৰিদাতা, সেয়েহে, বিভিন্ন সংস্থাৰ দ্বাৰা পৰিচালিত সামূহিক সজাগতা কাৰ্যসূচীত সমন্বয় আৰু একত্ৰীকৰণ থকা উচিত যাতে এনেবোৰ কাৰ্যক্ৰমে সৰ্বাধিক প্ৰভাৱ পেলাবগৈ পাৰে।
বৈঠকত ‘আইএমডি’, ‘চিডব্লিউচি’, ‘এনডিআৰএফ’ আৰু ‘এনডিএমএ’-ৰ তৰফৰ পৰা বিতং তথ্যাৱলী উপস্থাপন কৰে। সংশ্লিষ্ট বিভাগসমূহে যোৱা বছৰ অনুষ্ঠিত বান পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে দিয়া নিৰ্দেশনাৰ আধাৰত লোৱা পদক্ষেপৰ বিষয়েও অৱগত কৰে। তেওঁলোকে চলিত বাৰিষা ঋতু আৰু ভৱিষ্যতৰ কাৰ্য পৰিকল্পনাৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰস্তুতিৰ বিষয়েও অৱগত কৰে।
কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী চি আৰ পাটিল, গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ, ধৰিত্ৰী বিজ্ঞান, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, পথ পৰিবহন আৰু ঘাইপথ, অধ্যক্ষ ৰে'ল ব'ৰ্ড, ‘এনডিএমএ’-ৰ সদস্য আৰু বিভাগৰ মুৰব্বী, ‘এনডিআৰএফ’ আৰু ‘আইএমডি’-ৰ সঞ্চালক প্ৰধান, কেন্দ্ৰীয় গৃহ সচিব, ‘এনএইচএআই’-ৰ অধ্যক্ষ আৰু ‘চিডব্লিউচি’কে ধৰি অন্যান্য সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত আছিল।