--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিবেশন। অধিবেশনৰ প্ৰথম দিনটোতে লোকসভা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়৷ সংসদত তিনি ৰাজ্যত বিজপিৰ জয়কলৈ একাংশ বিজেপি সাংসদ অধিক আনন্দিত হৈ পৰা দেথা যায়। একাংশ বিজেপি সাংসদে পুনৰ মোদীৰ চৰকাৰেই হ’ব বুলি সংসদত ধ্বনি দিয়ে। ইয়াকেলৈ শাসক আৰু বিৰোধী সাংসদসকলৰ মাজত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদ হৈছে গণতন্ত্ৰৰ মন্দিৰ আৰু জনগণৰ আশা আকাংক্ষা আৰু উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰাৰ বাবে এখন অতি গুৰুত্বপূর্ণ মঞ্চ।         শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সাংসদক সদনত দাখিল কৰা যিকোনো বিধেয়কৰ বাবে গভীৰ আলোচনা কৰিবলৈ  সম্পূৰ্ণ  প্রস্তুতি চলাই আহিবলৈ আহ্বান জনায়। তেওঁ কয়, যেতিয়া এই নতুন সংসদ ভৱনটো উদ্বোধন কৰা হৈছিল, তেতিয়া এখন সৰু অধিবেশন পতা হৈছিল আৰু এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল। প্রধানমন্ত্ৰীয়ে কয়, এইবাৰ কিন্তু এই সদনত কাম কৰাৰ এক বৃহৎ আৰু ব্যাপক সুযোগ আহিব। তেওঁ কয় যে, মহিলা, যুৱক-যুৱতী, কৃষক আৰু দৰিদ্ৰসকলৰ সবলীকৰণেই হৈছে দেশৰ উজ্জ্বল ভৱিষ্যতৰ মূল চাবি-কাঠি।

সদনত বিৰোধীৰ সহযোগিতাৰ বাবে প্রধানমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ কয় যে বিৰোধীৰ ভাৱমূৰ্তি নেতিবাচক আৰু ঘৃণাৰে পৰিপূৰ্ণ হ'লে গণতন্ত্ৰৰ বাবে উপযুক্ত নহয়। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, গণতন্ত্ৰৰ বাবে বিৰোধী পক্ষও সমানেই গুৰুত্বপূৰ্ণ আৰু ই সমানে সক্ষম হোৱাটো উচিত। ইপিনে মহুৱা মৈত্ৰৰ বিৰুদ্ধে এথিক্স কমিটিয়ে আজি লোকসভাত কোনো প্ৰতিবেদন উত্থাপন নকৰিলে। মহুৱাৰ বিৰুদ্ধে ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগ আছে।   লোকসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এথিক্স সমিতিয়ে  প্ৰতিবেদন উপস্থাপনক লৈ পৰিবেশ গৰম হোৱাৰ সম্ভাৱনা আছিল। কিন্তু মহুৱাৰ বিষয়ত  সোমবাৰে কোনো প্ৰতিবেদন দাখিল কৰা নহ’ল। প্ৰতিবেদনখন লোকসভা অধিৱেশনৰ প্ৰথম দিনাই উত্থাপন কৰা হ'ব বুলি বহুতে ধাৰণা কৰিছিল। ইপিনে ৰাঘৱ চাদ্ধাৰ নিসম্বন আজি ৰাজ্যসভাই প্ৰত্যাহাৰ কৰে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন