--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিবেশন। অধিবেশনৰ প্ৰথম দিনটোতে লোকসভা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়৷ সংসদত তিনি ৰাজ্যত বিজপিৰ জয়কলৈ একাংশ বিজেপি সাংসদ অধিক আনন্দিত হৈ পৰা দেথা যায়। একাংশ বিজেপি সাংসদে পুনৰ মোদীৰ চৰকাৰেই হ’ব বুলি সংসদত ধ্বনি দিয়ে। ইয়াকেলৈ শাসক আৰু বিৰোধী সাংসদসকলৰ মাজত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদ হৈছে গণতন্ত্ৰৰ মন্দিৰ আৰু জনগণৰ আশা আকাংক্ষা আৰু উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰাৰ বাবে এখন অতি গুৰুত্বপূর্ণ মঞ্চ।         শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সাংসদক সদনত দাখিল কৰা যিকোনো বিধেয়কৰ বাবে গভীৰ আলোচনা কৰিবলৈ  সম্পূৰ্ণ  প্রস্তুতি চলাই আহিবলৈ আহ্বান জনায়। তেওঁ কয়, যেতিয়া এই নতুন সংসদ ভৱনটো উদ্বোধন কৰা হৈছিল, তেতিয়া এখন সৰু অধিবেশন পতা হৈছিল আৰু এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল। প্রধানমন্ত্ৰীয়ে কয়, এইবাৰ কিন্তু এই সদনত কাম কৰাৰ এক বৃহৎ আৰু ব্যাপক সুযোগ আহিব। তেওঁ কয় যে, মহিলা, যুৱক-যুৱতী, কৃষক আৰু দৰিদ্ৰসকলৰ সবলীকৰণেই হৈছে দেশৰ উজ্জ্বল ভৱিষ্যতৰ মূল চাবি-কাঠি।

সদনত বিৰোধীৰ সহযোগিতাৰ বাবে প্রধানমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ কয় যে বিৰোধীৰ ভাৱমূৰ্তি নেতিবাচক আৰু ঘৃণাৰে পৰিপূৰ্ণ হ'লে গণতন্ত্ৰৰ বাবে উপযুক্ত নহয়। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, গণতন্ত্ৰৰ বাবে বিৰোধী পক্ষও সমানেই গুৰুত্বপূৰ্ণ আৰু ই সমানে সক্ষম হোৱাটো উচিত। ইপিনে মহুৱা মৈত্ৰৰ বিৰুদ্ধে এথিক্স কমিটিয়ে আজি লোকসভাত কোনো প্ৰতিবেদন উত্থাপন নকৰিলে। মহুৱাৰ বিৰুদ্ধে ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগ আছে।   লোকসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এথিক্স সমিতিয়ে  প্ৰতিবেদন উপস্থাপনক লৈ পৰিবেশ গৰম হোৱাৰ সম্ভাৱনা আছিল। কিন্তু মহুৱাৰ বিষয়ত  সোমবাৰে কোনো প্ৰতিবেদন দাখিল কৰা নহ’ল। প্ৰতিবেদনখন লোকসভা অধিৱেশনৰ প্ৰথম দিনাই উত্থাপন কৰা হ'ব বুলি বহুতে ধাৰণা কৰিছিল। ইপিনে ৰাঘৱ চাদ্ধাৰ নিসম্বন আজি ৰাজ্যসভাই প্ৰত্যাহাৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement