--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ বছৰ বয়সত ৮৪ বছৰীয়া আমিন খানক পৰাস্ত কৰি বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ইতিহাস সৃষ্টি কৰিলে ৰবীন্দ্ৰ সিং ভাটীয়ে।

ৰাজস্থানৰ এজন শিক্ষকৰ পুত্ৰ তথা ২৬ বছৰীয়া যুৱকে বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। সমাজৰ পৰা তেওঁৰ শুভাকাংক্ষীয়ে তেওঁক বিদ্ৰোহ নকৰিবলৈ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু, যুৱকজনে কয় যে ৩ বছৰ আগতে মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পশ্চিম ৰাজস্থানৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয়খনত ইয়াৰ ৫৭ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰিছিলো। এইবাৰো মই বিদ্ৰোহ কৰি ইতিহাস সৃষ্টি কৰিম।

আৰম্ভণিতে বিজেপিৰ মানুহে এই কথাক ধেমালি হিচাপেই লৈছিল। তেওঁ ৪-৫ হাজাৰ ভোট পাব বুলি ভবা হৈছিল। কিন্তু, তেওঁ মনোনয়ন দাখিল কৰাৰ লগে লগে তেওঁৰ সৈতে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে। এই কথা দেখি সকলোৱে স্তম্ভিত হৈ পৰে। তেওঁ যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই আহে তেতিয়া মহিলাৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে তেওঁৰ কথা শুনি আশীৰ্বাদ দিবলৈ আহে। জনসাধাৰণে তেওঁক ইমানেই আশীৰ্বাদ দিয়ে যে ২৬ বছৰ বয়সত ৮৪ বছৰীয়া এজন বিধায়কক পৰাস্ত কৰি তেওঁ বিধায়ক হয়। সেই যুৱকজনৰ নাম ৰবীন্দ্ৰ সিং ভাটী। ৰাজস্থানৰ বৰমেৰ জিলাৰ শিৱ বিধানসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে।

শিৱ বিধানসভাত ৰবীন্দ্ৰ সিং ভাটীয়ে ৭৯৪৯৫টা, নিকটতম প্ৰতিনিধি ফতেহ খানে ৭৫৫৪৫টা, ৮৪ বছৰীয়া বিধায়ক আমিন খানে ৫৫২৬৪টা, বিজেপিৰ স্বৰূপ সিং খৰায়ে ২২৮২০টা আৰু আৰএলপিৰ জালাম সিং ৰাওলোটে ৭৩৪৫টা ভোট লাভ কৰে। ৩ ডিচেম্বৰত ৰবীন্দ্ৰ সিং ভাটিৰ জন্মদিন আৰু ৩ ডিচেম্বৰত তেওঁক বিজয়ী কৰি জন্মদিনৰ উপহাৰ দিলে জনসাধাৰণে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন