--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ বছৰ বয়সত ৮৪ বছৰীয়া আমিন খানক পৰাস্ত কৰি বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ইতিহাস সৃষ্টি কৰিলে ৰবীন্দ্ৰ সিং ভাটীয়ে।

ৰাজস্থানৰ এজন শিক্ষকৰ পুত্ৰ তথা ২৬ বছৰীয়া যুৱকে বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। সমাজৰ পৰা তেওঁৰ শুভাকাংক্ষীয়ে তেওঁক বিদ্ৰোহ নকৰিবলৈ আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু, যুৱকজনে কয় যে ৩ বছৰ আগতে মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পশ্চিম ৰাজস্থানৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয়খনত ইয়াৰ ৫৭ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰিছিলো। এইবাৰো মই বিদ্ৰোহ কৰি ইতিহাস সৃষ্টি কৰিম।

আৰম্ভণিতে বিজেপিৰ মানুহে এই কথাক ধেমালি হিচাপেই লৈছিল। তেওঁ ৪-৫ হাজাৰ ভোট পাব বুলি ভবা হৈছিল। কিন্তু, তেওঁ মনোনয়ন দাখিল কৰাৰ লগে লগে তেওঁৰ সৈতে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে। এই কথা দেখি সকলোৱে স্তম্ভিত হৈ পৰে। তেওঁ যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই আহে তেতিয়া মহিলাৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে তেওঁৰ কথা শুনি আশীৰ্বাদ দিবলৈ আহে। জনসাধাৰণে তেওঁক ইমানেই আশীৰ্বাদ দিয়ে যে ২৬ বছৰ বয়সত ৮৪ বছৰীয়া এজন বিধায়কক পৰাস্ত কৰি তেওঁ বিধায়ক হয়। সেই যুৱকজনৰ নাম ৰবীন্দ্ৰ সিং ভাটী। ৰাজস্থানৰ বৰমেৰ জিলাৰ শিৱ বিধানসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে।

শিৱ বিধানসভাত ৰবীন্দ্ৰ সিং ভাটীয়ে ৭৯৪৯৫টা, নিকটতম প্ৰতিনিধি ফতেহ খানে ৭৫৫৪৫টা, ৮৪ বছৰীয়া বিধায়ক আমিন খানে ৫৫২৬৪টা, বিজেপিৰ স্বৰূপ সিং খৰায়ে ২২৮২০টা আৰু আৰএলপিৰ জালাম সিং ৰাওলোটে ৭৩৪৫টা ভোট লাভ কৰে। ৩ ডিচেম্বৰত ৰবীন্দ্ৰ সিং ভাটিৰ জন্মদিন আৰু ৩ ডিচেম্বৰত তেওঁক বিজয়ী কৰি জন্মদিনৰ উপহাৰ দিলে জনসাধাৰণে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক