--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলা চিনেটৰে সংসদৰ ভিতৰত যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে সংসদ ভৱন এতিয়া আৰু মহিলাসকলৰ কাম কৰাৰ বাবে নিৰাপদ স্থান নহয়। 

তেওঁৰ এই অভিযোগে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰ সমূহৰ পৰা এই কথা জানিব পৰা গৈছে।

বাতৰি অনুসৰি,  নিৰ্দলীয় চিনেটৰ লিডিয়া থৰ্পে চিনেটত ভাষণ দিয়াৰ সময়ত ভাঙি পৰে। চকুলো টুকি থোকাথুকি মাতেৰে তেওঁ অভিযোগ কৰে যে ইয়াত তেওঁ ‘যৌনগন্ধী মন্তব্য’, ‘ভুল স্পৰ্শ’ আৰু শক্তিশালী পুৰুষৰ অবাঞ্চিত লোলুপতাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বুধবাৰে লিডিয়াই এগৰাকী সহ-চিনেটৰৰ নামো উল্লেখ কৰে। অভিযোগ অনুসৰি সেই ব্যক্তিজনে তেওঁক যৌন নিৰ্যাতন চলাইছে।


একে সময়তে তেওঁ দাবী কৰে যে তেওঁক এনে মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। অন্যথা সংসদীয় নিষেধাজ্ঞাৰ সন্মুখীন হ’ব বুলি সকীয়াই দিয়া হৈছে। কিন্তু লিডিয়াই কয় যে তেওঁ এই সকীয়নিৰ ওচৰতো শিৰনত কৰা নাই।

বৃহস্পতিবাৰেও তেওঁক একে সুৰতে অভিযোগ কৰা দেখা গৈছে। সংসদত থিয় হৈ এগৰাকী চিনেটৰৰ মুখত এনে অভিযোগ উত্থাপন হোৱাৰ লগে লগে স্বাভাৱিকতে এক চাঞ্চল্য বিয়পি পৰিছে।

অভিযুক্ত কনজাৰ্ভেটিভ চিনেটৰ ডেভিদ ভানে এই অভিযোগ অস্বীকাৰ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ আগত তেওঁ এই অভিযোগ সম্পূৰ্ণ মিছা বুলি কয়। কিন্তু লিডিয়াই নিজৰ দাবীত অটল আছে। সচেতন মহলে পৰিস্থিতি ক’লৈ গতি কৰে তালৈ আগ্ৰহেৰে লক্ষ্য কৰি আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ