--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলা চিনেটৰে সংসদৰ ভিতৰত যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে সংসদ ভৱন এতিয়া আৰু মহিলাসকলৰ কাম কৰাৰ বাবে নিৰাপদ স্থান নহয়। 

তেওঁৰ এই অভিযোগে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰ সমূহৰ পৰা এই কথা জানিব পৰা গৈছে।

বাতৰি অনুসৰি,  নিৰ্দলীয় চিনেটৰ লিডিয়া থৰ্পে চিনেটত ভাষণ দিয়াৰ সময়ত ভাঙি পৰে। চকুলো টুকি থোকাথুকি মাতেৰে তেওঁ অভিযোগ কৰে যে ইয়াত তেওঁ ‘যৌনগন্ধী মন্তব্য’, ‘ভুল স্পৰ্শ’ আৰু শক্তিশালী পুৰুষৰ অবাঞ্চিত লোলুপতাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বুধবাৰে লিডিয়াই এগৰাকী সহ-চিনেটৰৰ নামো উল্লেখ কৰে। অভিযোগ অনুসৰি সেই ব্যক্তিজনে তেওঁক যৌন নিৰ্যাতন চলাইছে।


একে সময়তে তেওঁ দাবী কৰে যে তেওঁক এনে মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। অন্যথা সংসদীয় নিষেধাজ্ঞাৰ সন্মুখীন হ’ব বুলি সকীয়াই দিয়া হৈছে। কিন্তু লিডিয়াই কয় যে তেওঁ এই সকীয়নিৰ ওচৰতো শিৰনত কৰা নাই।

বৃহস্পতিবাৰেও তেওঁক একে সুৰতে অভিযোগ কৰা দেখা গৈছে। সংসদত থিয় হৈ এগৰাকী চিনেটৰৰ মুখত এনে অভিযোগ উত্থাপন হোৱাৰ লগে লগে স্বাভাৱিকতে এক চাঞ্চল্য বিয়পি পৰিছে।

অভিযুক্ত কনজাৰ্ভেটিভ চিনেটৰ ডেভিদ ভানে এই অভিযোগ অস্বীকাৰ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ আগত তেওঁ এই অভিযোগ সম্পূৰ্ণ মিছা বুলি কয়। কিন্তু লিডিয়াই নিজৰ দাবীত অটল আছে। সচেতন মহলে পৰিস্থিতি ক’লৈ গতি কৰে তালৈ আগ্ৰহেৰে লক্ষ্য কৰি আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস