--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুৰ সন্মুখতে যমদূতক দেখি লোক জনৰ জীৱ যেন উৰি গৈছিল৷ লোক জনে শৌচাগাৰত বহাৰ পিছতে তেওঁৰ মূৰৰ ওপৰতে এডাল প্ৰকাণ্ড অজগৰ সাপ দেখা পাইছিল৷ ঘটনাটো  অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ৷ 

শৌচাগাৰত বহি থকা এজন লোকে  তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ সন্মুখীন হোৱাৰ কথাটো এতিয়া ৰাষ্ট্ৰ হৈ পৰিছে৷ লোকজনে স্নানাগাৰৰ শ্বাৱাৰৰ ওপৰতে এডাল বিশাল অজগৰ দেখিবলৈ পাইছিল। অত্যন্ত  ভয় খোৱা লোকজনে লগে লগে হাডচন স্নেক কেচিংৰ সাপ ধৰা লোকক খবৰ দিয়াৰ ব্যৱস্থা কৰিছিল৷ 

প্ৰায় ছফুট দীঘল  অজগৰডাল  হাডচন স্নেক কেচিঙৰ এন্থনী জেকচনে ধৰিবলৈ সক্ষম হয়৷ জেকচনে কয় "অজগৰডালে মোক কামুৰিবলৈ চেষ্টা কৰিছিল। সাপডালে হয়তো  মোক খাদ্য বুলি ভাবিছিল" ৷ 
উল্লেখ্য লোকজনৰ টয়লেটত উদ্ধাৰ হোৱা কাৰ্পেট পাইথন নামৰ অজগৰবোৰ বিষাক্ত নহয়৷ 

এনে সাপ  ১৩ ফুটলৈকে দীঘল হয়৷ তাচমানিয়াৰ বাহিৰে অষ্ট্ৰেলিয়াৰ সকলো ঠাইতে এনে সাপ পোৱা যায়। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস