--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদ ভৱনত সংঘটিত  সন্ত্ৰাসবাদী আক্ৰমণৰ  আজি ২২ বছৰ পূৰ্ণ হ’ল। ২০০১ চনৰ আজিৰ দিনটোতে "ভয়ংকৰ" আক্ৰমণটো সংঘটিত হৈছিল।সেই আক্ৰমণৰ ঘটনাত ন জন লোক নিহত হৈছিল। সেইদিনা ৰঙা লাইট লগোৱা এখন বগা এম্বেছাদৰ গাড়ীত সন্ত্ৰাসবাদীৰ দলটো আহিছিল আৰু দিনৰ প্ৰায় ১১.৩০ বজাত নিৰাপত্তা ব্যৱস্থা ভেদ কৰি সংসদ ভৱনৰ চৌহদত প্ৰৱেশ কৰিছিল। সন্ত্ৰাসবাদীৰ দলটোৱে আৰম্ভ কৰিছিল ভয়ংকৰ গুলীবৰ্ষণ। 

ফলত ছজন নিৰাপত্তা কৰ্মী, দুজন সংসদৰ কৰ্মচাৰী আৰু এজন মালী নিহত হৈছিল। সংসদ ভৱন আক্ৰমণৰ ২২ সংখ্যক বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু অন্যান্য নেতাসকলে সংসদত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক মিনিটৰ মৌনতা অৱলম্বন কৰি শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও নিহত সৈনিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰে।

২০০১ চনৰ ১৩ ডিচেম্বৰত পাঁচজন লস্তৰ ই-তৈবা আৰু জৈছ ই-মহম্মদ সন্ত্ৰাসবাদীয়ে সংসদ চৌহদত প্ৰৱেশ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি  শ্বহীদসকলৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক