--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদ ভৱনত সংঘটিত  সন্ত্ৰাসবাদী আক্ৰমণৰ  আজি ২২ বছৰ পূৰ্ণ হ’ল। ২০০১ চনৰ আজিৰ দিনটোতে "ভয়ংকৰ" আক্ৰমণটো সংঘটিত হৈছিল।সেই আক্ৰমণৰ ঘটনাত ন জন লোক নিহত হৈছিল। সেইদিনা ৰঙা লাইট লগোৱা এখন বগা এম্বেছাদৰ গাড়ীত সন্ত্ৰাসবাদীৰ দলটো আহিছিল আৰু দিনৰ প্ৰায় ১১.৩০ বজাত নিৰাপত্তা ব্যৱস্থা ভেদ কৰি সংসদ ভৱনৰ চৌহদত প্ৰৱেশ কৰিছিল। সন্ত্ৰাসবাদীৰ দলটোৱে আৰম্ভ কৰিছিল ভয়ংকৰ গুলীবৰ্ষণ। 

ফলত ছজন নিৰাপত্তা কৰ্মী, দুজন সংসদৰ কৰ্মচাৰী আৰু এজন মালী নিহত হৈছিল। সংসদ ভৱন আক্ৰমণৰ ২২ সংখ্যক বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু অন্যান্য নেতাসকলে সংসদত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক মিনিটৰ মৌনতা অৱলম্বন কৰি শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও নিহত সৈনিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰে।

২০০১ চনৰ ১৩ ডিচেম্বৰত পাঁচজন লস্তৰ ই-তৈবা আৰু জৈছ ই-মহম্মদ সন্ত্ৰাসবাদীয়ে সংসদ চৌহদত প্ৰৱেশ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি  শ্বহীদসকলৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক