--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ হেৰুওৱা মহুৱা মৈত্ৰই এইবাৰ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খাবলগীয়া হ’ল।  এথিক্স সমিতিৰ পৰামৰ্শ অনুসৰি টিএমচিৰ সাংসদগৰাকীক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পিছতে  মহুৱাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ বিচাৰপীঠত উপস্থিত হৈ  জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে মহুৱাৰ  আবেদনৰ জৰুৰী শুনানি বিচাৰিছিল। কিন্তু সেই আবেদন বিচাৰপীঠে নাকচ কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়  যে গোচৰটোৰ জৰুৰী  শুনানি সম্ভৱ নহয়। একে সময়তে কোৱা হয় যে যদি বাদীয়ে বিচাৰে তেন্তে তেওঁ বিষয়ো সন্দৰ্ভত  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

ন্যায়াধীশ কৌলৰ নিৰ্দেশৰ পিছত মহুৱা মৈত্ৰৰ অধিবক্তাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ শৰণাপন্ন হয়। তেওঁ এদিন বা দুদিনৰ ভিতৰতে আবেদনৰ শুনানি বিচাৰিছে। মুখ্য ন্যায়াধীশে কয়, "ই-মেইলযোগে আবেদন কৰক। আমি বিষয়টো চাই আছো। "।
সূত্ৰ অনুসৰি, মহুৱাই  তেওঁক  কেনেদৰে বহিষ্কাৰ কৰা হৈছিল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মুঠ ১৫ পৃষ্ঠাৰ আবেদন দাখিল কৰিছে। উল্ৱলেখ্য সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হৈছিল মহুৱা।  মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ বিৰুদ্ধে  উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। যোৱা সপ্তাহত লোকসভাৰ এথিক্স সমিতিয়ে মহুৱাক ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰাৰ পিছতে  মহুৱাৰ  সাংসদ পদ খাৰিজ  কৰা হৈছিল৷ এই সিদ্ধান্তৰ পিছতে মহুৱা মৈত্ৰাই কৈ আহিছে  যে এথিক্স সমিতিৰ তেওঁক বহিষ্কাৰ কৰাৰ ক্ষমতা নাই৷ 

তেওঁ লগতে কয় যে তেওঁ ব্যৱসায়ীজনৰ পৰা নগদ ধন গ্ৰহণ কৰাৰো কোনো প্ৰমাণ নাই। উল্লেখ্য  ধনৰ বিনিময়ত সংসদত আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ অভিযোগত অৱশেষত সাংসদ পদ বাতিল হৈছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ।  শুকুৰবাৰে এঘণ্টা ধৰি চলা আলোচনাৰ অন্তত   মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত দিনা   মহুৱাক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া হোৱা নাছিল।  

লোকসভাৰ এথিক্স সমিতিৰ মুৰব্বী আৰু বিজেপি সাংসদ বিজয় সোণকাৰে শুকুৰবাৰে  দুপৰীয়া ১২ বজাত টিএমচিৰ সাংসদগৰাকীৰ  বিৰুদ্ধে সংসদত  প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখনত  পৰামৰ্শ দিয়া হয় যে মহুৱাক এগৰাকী সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা উচিত। এথিক্স সমিতিৰ প্ৰতিবেদন  দাখিলৰ পিছতে সংদত তীব্ৰ হুলস্থূল আৰম্ভ হয়। বিৰোধীৰ প্ৰতিবাদৰ বাবে   সদন দিনৰ ২  বজালৈ স্থগিত ৰাখিবলগীয়া হয়।   অৱশ্যে সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষই মহুৱাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে সংসদৰ সন্মান হানি কৰিব পৰা কোনো বিষয়ক প্ৰশ্ৰয় দিয়া নহ’ব।   ওম বিৰলাই এই বিষয়ে আলোচনা কৰিবলৈ আধা ঘণ্টা সময় দিছিল। 

 
অধ্যক্ষৰ ঘোষণাৰ পিছতে তৃণমূলৰ  সুদীপ বন্দোপাধ্যায়ে  এই বিষয়ত আলোচনা কৰিবলৈ অধিক সময়ৰ বাবে অনুৰোধ জনাইছিল । টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে পুনৰ মহুৱাক আত্মপক্ষ সমৰ্থন কৰাৰ  সুযোগ দিবলৈ আহ্বান জনাইছিল। অৱশ্যেঅধ্যক্ষই তেনে অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, মনীষ তিৱাৰী, টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ  সাংসদসকলে মৈত্ৰৰ সমৰ্থনত থিয় দিয়ে যদিও অধ্যক্ষই কোনো কথাই শুনিবলৈ অস্বীকাৰ কৰিছিল। বিৰোধী সাংসদসকলে  মহুৱাৰ  মৌলিক অধিকাৰ উলংঘা  অভিযোগ উত্থাপন কৰিছিল।  

সংসদৰ নিয়ম অনুসৰণ কৰি ধ্বনি ভোটৰ জড়িয়তে  সিদ্ধান্ত লোৱা হয়  যে মহুয়া মৈত্ৰৰ সাংসদ পদ অযোগ্য ঘোষণা কৰাৰ লগতে সেয়া বাতিল কৰা  হৈছে। লক্ষ্যণীয় কথাটো ’ল  বেছিভাগ বিৰোধী সাংসদেই ধ্বনি ভোটৰ সময়ত সদনৰ পৰা ওলাই গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক