--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ হেৰুওৱা মহুৱা মৈত্ৰই এইবাৰ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খাবলগীয়া হ’ল।  এথিক্স সমিতিৰ পৰামৰ্শ অনুসৰি টিএমচিৰ সাংসদগৰাকীক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পিছতে  মহুৱাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ বিচাৰপীঠত উপস্থিত হৈ  জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে মহুৱাৰ  আবেদনৰ জৰুৰী শুনানি বিচাৰিছিল। কিন্তু সেই আবেদন বিচাৰপীঠে নাকচ কৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়  যে গোচৰটোৰ জৰুৰী  শুনানি সম্ভৱ নহয়। একে সময়তে কোৱা হয় যে যদি বাদীয়ে বিচাৰে তেন্তে তেওঁ বিষয়ো সন্দৰ্ভত  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

ন্যায়াধীশ কৌলৰ নিৰ্দেশৰ পিছত মহুৱা মৈত্ৰৰ অধিবক্তাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ শৰণাপন্ন হয়। তেওঁ এদিন বা দুদিনৰ ভিতৰতে আবেদনৰ শুনানি বিচাৰিছে। মুখ্য ন্যায়াধীশে কয়, "ই-মেইলযোগে আবেদন কৰক। আমি বিষয়টো চাই আছো। "।
সূত্ৰ অনুসৰি, মহুৱাই  তেওঁক  কেনেদৰে বহিষ্কাৰ কৰা হৈছিল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মুঠ ১৫ পৃষ্ঠাৰ আবেদন দাখিল কৰিছে। উল্ৱলেখ্য সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হৈছিল মহুৱা।  মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ বিৰুদ্ধে  উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। যোৱা সপ্তাহত লোকসভাৰ এথিক্স সমিতিয়ে মহুৱাক ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰাৰ পিছতে  মহুৱাৰ  সাংসদ পদ খাৰিজ  কৰা হৈছিল৷ এই সিদ্ধান্তৰ পিছতে মহুৱা মৈত্ৰাই কৈ আহিছে  যে এথিক্স সমিতিৰ তেওঁক বহিষ্কাৰ কৰাৰ ক্ষমতা নাই৷ 

তেওঁ লগতে কয় যে তেওঁ ব্যৱসায়ীজনৰ পৰা নগদ ধন গ্ৰহণ কৰাৰো কোনো প্ৰমাণ নাই। উল্লেখ্য  ধনৰ বিনিময়ত সংসদত আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ অভিযোগত অৱশেষত সাংসদ পদ বাতিল হৈছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ।  শুকুৰবাৰে এঘণ্টা ধৰি চলা আলোচনাৰ অন্তত   মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত দিনা   মহুৱাক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া হোৱা নাছিল।  

লোকসভাৰ এথিক্স সমিতিৰ মুৰব্বী আৰু বিজেপি সাংসদ বিজয় সোণকাৰে শুকুৰবাৰে  দুপৰীয়া ১২ বজাত টিএমচিৰ সাংসদগৰাকীৰ  বিৰুদ্ধে সংসদত  প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখনত  পৰামৰ্শ দিয়া হয় যে মহুৱাক এগৰাকী সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা উচিত। এথিক্স সমিতিৰ প্ৰতিবেদন  দাখিলৰ পিছতে সংদত তীব্ৰ হুলস্থূল আৰম্ভ হয়। বিৰোধীৰ প্ৰতিবাদৰ বাবে   সদন দিনৰ ২  বজালৈ স্থগিত ৰাখিবলগীয়া হয়।   অৱশ্যে সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষই মহুৱাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে সংসদৰ সন্মান হানি কৰিব পৰা কোনো বিষয়ক প্ৰশ্ৰয় দিয়া নহ’ব।   ওম বিৰলাই এই বিষয়ে আলোচনা কৰিবলৈ আধা ঘণ্টা সময় দিছিল। 

 
অধ্যক্ষৰ ঘোষণাৰ পিছতে তৃণমূলৰ  সুদীপ বন্দোপাধ্যায়ে  এই বিষয়ত আলোচনা কৰিবলৈ অধিক সময়ৰ বাবে অনুৰোধ জনাইছিল । টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে পুনৰ মহুৱাক আত্মপক্ষ সমৰ্থন কৰাৰ  সুযোগ দিবলৈ আহ্বান জনাইছিল। অৱশ্যেঅধ্যক্ষই তেনে অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, মনীষ তিৱাৰী, টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ  সাংসদসকলে মৈত্ৰৰ সমৰ্থনত থিয় দিয়ে যদিও অধ্যক্ষই কোনো কথাই শুনিবলৈ অস্বীকাৰ কৰিছিল। বিৰোধী সাংসদসকলে  মহুৱাৰ  মৌলিক অধিকাৰ উলংঘা  অভিযোগ উত্থাপন কৰিছিল।  

সংসদৰ নিয়ম অনুসৰণ কৰি ধ্বনি ভোটৰ জড়িয়তে  সিদ্ধান্ত লোৱা হয়  যে মহুয়া মৈত্ৰৰ সাংসদ পদ অযোগ্য ঘোষণা কৰাৰ লগতে সেয়া বাতিল কৰা  হৈছে। লক্ষ্যণীয় কথাটো ’ল  বেছিভাগ বিৰোধী সাংসদেই ধ্বনি ভোটৰ সময়ত সদনৰ পৰা ওলাই গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক