--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে সংসদৰ নিৰাপত্তা উলংঘনৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়টোক লৈ বিৰোধীয়ে ৰাজনীতিকৰণ কৰাৰ অভিযোগ কৰিছে৷ নিৰাপত্তা উলংঘনৰ বিষয়টোত বিৰোধীয়ে ৰাজনীতি কৰাৰ অভিযোগ তুলি শ্বাহে বিৰোধীপক্ষক সমালোচনাৰ লক্ষ্য কৰি লয়৷

এটা অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয়, এয়া এক গুৰুতৰ ঘটনা। বিৰোধীয়ে ইয়াক লৈ ৰাজনীতি খেলি আছে। অৱশ্যে এটা ত্ৰুটি হৈছে। কিন্তু সকলোৱে জানে যে সংসদৰ নিৰাপত্তা অধ্যক্ষৰ অধীনত আছে আৰু অধ্যক্ষই গৃহ মন্ত্ৰণালয়লৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে৷ আমি এখন অনুসন্ধান সমিতি গঠন কৰিছোঁ আৰু সেই প্ৰতিবেদন শীঘ্ৰেই অধ্যক্ষলৈ প্ৰেৰণ কৰা হ’ব৷

অমিত শ্বাহে আশ্বাস দিছিল যে সমিতিখনক নিৰাপত্তা উলংঘনৰ ঘটনাৰ তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছে আৰু লোকসভাৰ নিৰাপত্তা বৃদ্ধিৰ ওপৰতো চকু দিয়া হৈছে।
তেওঁ কয়, ইয়াত কোনো ত্ৰুটি থাকিব নালাগে৷ মোৰ আহ্বান এইটো বিষয়ক লৈ ৰাজনীতি নকৰিব৷

২০০১ৰ সংসদৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকীত এই বৃহৎ নিৰাপত্তা উলংঘন সংঘটিত হৈছিল৷ দুজন ব্যক্তিয়ে দৰ্শনাৰ্থী গেলেৰীৰ পৰা লোকসভাৰ কক্ষত জঁপিয়াই পৰিছিল আৰু স্ম’ক বোমা নিক্ষেপ কৰিছিল৷ নিৰাপত্তা উলংঘনৰ এদিন পাছত বৃহস্পতিবাৰে সংসদত বিশৃংখল দৃশ্য দেখা গৈছিল যেতিয়া বিৰোধী সাংসদসকলে সদনত প্ৰতিবাদ কৰি এই বিষয়টোত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী কৰিছিল।

আনহাতে, বৃহস্পতিবাৰে লোকসভাৰ ১৩জন আৰু ৰাজ্যসভাৰ এজন বিৰোধী সাংসদক সংসদত তেওঁলোকৰ উচ্ছৃংখল আচৰণৰ বাবে নিলম্বিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি