--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভাত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা ‘অসংসদীয়’ মন্তব্যৰ বাবে ৰাহুল গান্ধীলৈ জাৰি কৰা হৈছে জাননী৷ 

লোকসভা সচিবালয়ে কালি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কে কৰা কৰা মন্তব্যৰ বাবে বিজেপিৰ বিশেষাধিকাৰ ভংগৰ জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে৷ বিজেপি নেতা নিশিকান্ত ডুবে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাহুল গান্ধীৰ বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰি এটা অভিযোগ দাখিল কৰিছিল।

বিজেপি নেতাসকলে অভিযোগ কৰে যে কংগ্ৰেছৰ সাংসদজনে ৭ ফেব্ৰুৱাৰীত লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ‘মিছা, ঘৃণাপূৰ্ণ, অসংসদীয় আৰু বিভ্ৰান্তিকৰ তথ্য’ উল্লেখ কৰিছিল।

বিজেপি নেতা নিশিকান্ত ডুবেই ৰাহুল গান্ধীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দিছিল। একে সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছিল আৰু কৈছিল যে ৰাহুল গান্ধীৰ কিছুমান অসংসদীয় আৰু অসন্মানজনক অভিযোগ সদনৰ কাৰ্যক্ৰমৰ পৰা আঁতৰ কৰিব লাগে। 

লোকসভা সচিবালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁৰ সঁহাৰি দাখিল কৰিবলৈ কৈছে।


ৰাহুল গান্ধীয়ে কি কৈছিল?

মঙলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে যে ২০১৪ চনত বিজেপি শাসনলৈ অহাৰ পাছত ব্যৱসায়ী গৌতম আদানিৰ ভাগ্য উদয় হৈছিল৷ তেওঁ আন কেইবাটাও অভিযোগ উত্থাপন কৰিছিল, তেওঁৰ ভাষণৰ অংশবোৰ পাছত আঁতৰ কৰা হৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক