--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰ্কী-ছিৰিয়াৰ দৰে ভূমিকম্প ভাৰততো হ’ব পাৰে নেকি? ভাৰতো হ’ব নেকি ধ্বংসভূমি? নেদাৰলেণ্ডৰ এগৰাকী গৱেষকে এই সন্দৰ্ভত কৰা ভৱিষ্যতবাণীয়ে শেহতীয়াকৈ চৰ্চা লাভ কৰা দেখা গৈছে।

ফ্ৰেংক হুগাৰবিটছ নামৰ এই গৱেষকগৰাকীয়ে ইয়াৰ পূৰ্বে ছিৰিয়া আৰু লেবাননৰ টুকিয়েৰ ওচৰত হ’বলগীয়া বিশাল ভূমিকম্পৰ কথা তিনিদিন আগতেই টুইটাৰত কৈছিল। ইয়াৰ উপৰিও তেওঁ ভাৰত, পাকিস্তান, আফগানিস্তানত ভূমিকম্পৰ কাৰ্যকলাপৰ হিচাপ কৰিছিল। এটা ভাইৰেল ভিডিঅ’ত ফ্ৰেংক হুগাৰবিটছক দেখা গৈছে যে তেওঁ আফগানিস্তানত আৰম্ভ হ’বলগীয়া এটা বৃহৎ ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিছে।

বিজ্ঞানীজনৰ মতে, পাকিস্তান আৰু ভাৰতৰ মাজেৰে পাৰ হৈ ভাৰত মহাসাগৰত উক্ত ভূমিকম্পনটো শেষ হ’ব। ভিডিঅ’টোত ডাচ গৱেষকগৰাকীয়ে কয় যে, “যদি আমি বায়ুমণ্ডলৰ উঠা-নমালৈ চাওঁ, তেন্তে এই অঞ্চলসমূহ বৃহৎ ভূমিকম্পীয় কাৰ্যকলাপৰ পৰৱৰ্তী স্থান হ’ব পাৰে। কিন্তু মনত ৰাখিব যে এইবোৰ অনুমান আৰু সকলো বৃহৎ ভূমিকম্পই নিজৰ আগমণৰ কথা ঘোষণা নকৰে।” 

তেওঁৰ মতে এই পূৰ্বাভাসসমূহ জল্পনা-কল্পনামূলক কাৰণ বায়ুমণ্ডলৰ পৰিৱৰ্তনসমূহে সকলো ডাঙৰ ভূমিকম্প ধৰা পেলাব নোৱাৰে।

নেদাৰলেণ্ডৰ সৌৰজগত জ্যামিতি জৰীপ (SSGS)ৰ বাবে কাম কৰি আহিছে গৱেষক ফ্ৰেংক হুগাৰবিটছে। তেওঁ ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰীত  জৰ্ডান, ছিৰিয়া, লেবাননত ভূমিকম্প হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল।

তাৰপাছতে শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিজ্ঞানীজনৰ এই ভৱিষ্যতবাণীসমূহ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ একাংশই এই সন্দৰ্ভত অসন্তুষ্টিও প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে এই বিজ্ঞানীজনৰ ভৱিষ্যতবাণী ভুৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক