--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুৰ্কী-ছিৰিয়াৰ দৰে ভূমিকম্প ভাৰততো হ’ব পাৰে নেকি? ভাৰতো হ’ব নেকি ধ্বংসভূমি? নেদাৰলেণ্ডৰ এগৰাকী গৱেষকে এই সন্দৰ্ভত কৰা ভৱিষ্যতবাণীয়ে শেহতীয়াকৈ চৰ্চা লাভ কৰা দেখা গৈছে।

ফ্ৰেংক হুগাৰবিটছ নামৰ এই গৱেষকগৰাকীয়ে ইয়াৰ পূৰ্বে ছিৰিয়া আৰু লেবাননৰ টুকিয়েৰ ওচৰত হ’বলগীয়া বিশাল ভূমিকম্পৰ কথা তিনিদিন আগতেই টুইটাৰত কৈছিল। ইয়াৰ উপৰিও তেওঁ ভাৰত, পাকিস্তান, আফগানিস্তানত ভূমিকম্পৰ কাৰ্যকলাপৰ হিচাপ কৰিছিল। এটা ভাইৰেল ভিডিঅ’ত ফ্ৰেংক হুগাৰবিটছক দেখা গৈছে যে তেওঁ আফগানিস্তানত আৰম্ভ হ’বলগীয়া এটা বৃহৎ ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিছে।

বিজ্ঞানীজনৰ মতে, পাকিস্তান আৰু ভাৰতৰ মাজেৰে পাৰ হৈ ভাৰত মহাসাগৰত উক্ত ভূমিকম্পনটো শেষ হ’ব। ভিডিঅ’টোত ডাচ গৱেষকগৰাকীয়ে কয় যে, “যদি আমি বায়ুমণ্ডলৰ উঠা-নমালৈ চাওঁ, তেন্তে এই অঞ্চলসমূহ বৃহৎ ভূমিকম্পীয় কাৰ্যকলাপৰ পৰৱৰ্তী স্থান হ’ব পাৰে। কিন্তু মনত ৰাখিব যে এইবোৰ অনুমান আৰু সকলো বৃহৎ ভূমিকম্পই নিজৰ আগমণৰ কথা ঘোষণা নকৰে।” 

তেওঁৰ মতে এই পূৰ্বাভাসসমূহ জল্পনা-কল্পনামূলক কাৰণ বায়ুমণ্ডলৰ পৰিৱৰ্তনসমূহে সকলো ডাঙৰ ভূমিকম্প ধৰা পেলাব নোৱাৰে।

নেদাৰলেণ্ডৰ সৌৰজগত জ্যামিতি জৰীপ (SSGS)ৰ বাবে কাম কৰি আহিছে গৱেষক ফ্ৰেংক হুগাৰবিটছে। তেওঁ ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰীত  জৰ্ডান, ছিৰিয়া, লেবাননত ভূমিকম্প হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল।

তাৰপাছতে শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিজ্ঞানীজনৰ এই ভৱিষ্যতবাণীসমূহ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ একাংশই এই সন্দৰ্ভত অসন্তুষ্টিও প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে এই বিজ্ঞানীজনৰ ভৱিষ্যতবাণী ভুৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু