--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''আমাৰ চৰকাৰৰ ওপৰত মানুহে বাৰে বাৰে আস্থা প্ৰকাশ কৰি আহিছে।’’- বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সংসদৰ বৰ্ষাকালীন অধিৱেশনত আজি বহুপ্ৰত্যাশিত ভাষণ ৰাখে প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে মণিপুৰৰ সংঘৰ্ষক লৈ সংসদ উত্তাল হৈ আছে। বিৰোধী পক্ষই প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি আহিছে। তাৰ মাজতে প্ৰধানমন্ত্ৰীৰ ভাষণ সেয়ে অত্যন্ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 

মণিপুৰৰ বিষয়ে বিৰোধীয়ে সোধা প্ৰশ্ন এৰাই চলা বাবে ভাষণৰ সময়তে সংসদ ত্যাগ কৰে ৰাহুল গান্ধীকে ধৰি বিৰোধী সাংসদসকলে। ডেৰঘণ্টীয়া ভাষণত প্ৰধামন্ত্ৰীয়ে কয়- "বিৰোধীয়ে দুখীয়াৰ ভোকৰ কথা নাভাবে। বিৰোধীৰ এটাই চিন্তা আৰু ক্ষুধা, সেয়া হ'ল ক্ষমতাৰ ক্ষুধা।’’

মোদীয়ে কয়, “ভগৱানে বিচাৰে যে এন ডি এয়ে ২০২৪ চনতো ভাৰতত চৰকাৰ গঠন কৰক। সেইবাবেই তেওঁ বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ জৰিয়তে আমাক এই সুযোগ দিছে।’’

বিৰোধীক কটাক্ষ কৰি কয়- "এটা গোপন কথা কওঁ, বিৰোধীয়ে ভগৱানৰ পৰা অদ্ভুত বৰলাভ কৰিছে। যিসকলৰ প্ৰতি তেওঁলোকে বেয়া কামনা কৰে, তেওঁলোকৰ ভালহে হয়।’’

অৰ্থনীতি সম্পৰ্কতো বিৰোধীক আক্ৰমণ কৰে মোদীয়ে। কয়- ''কংগ্ৰেছৰ সময়ত ভাৰতীয় অৰ্থনীতি বিশ্বৰ ১১ বা ১২ নম্বৰ স্থানত আছিল। আমাৰ চৰকাৰে দেশখনক বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান দিছে।’’

মোডীৰ ভাষণৰ সময়ত বিৰোধী সাংসদসকলে মণিপুৰ কাণ্ডক লৈ শ্লোগান দিবলৈ ধৰে। তাৰ প্ৰত্যুত্তৰত মোদীয়ে কয়- ''আপোনালোকে শ্লোগান দি দি ভাগৰি যাব।’’

বিৰোধী মিত্ৰজোঁটৰ নতুন নামক লৈও কটুক্তি কৰে মোডীয়ে। তেওঁ কয়- ''নতুন নাম ৰাখি বিৰোধীয়ে ভাৰতক টুকুৰা-টুকুৰ কৰি পেলাইছে। মোদীয়ে বুজাই দিলে যে বিৰোধীৰ নতুন নামটোৰ প্ৰতিটো আখৰৰ পিছত এটা বিন্দু স্থাপন কৰা হৈছে- I.N.D.I.A.। আনকি, বিৰোধীয়ে এন ডি এৰ পৰা এন, ডি আৰ এ চুৰি কৰিছে বুলি অভিযোগ কৰে তেওঁ।

বিৰোধী মিত্ৰজোঁটৰ নেতাসকলৰ বিষয়ে তেওঁ কয়- ''প্ৰতিখন ৰাজ্যতে তেওঁলোক নিজেই ইজনে সিজনৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। কিন্তু কেন্দ্ৰত তেওঁলোকে ইজনে সিজনৰ হাতত ধৰি আছে। এই মিত্ৰতাত থকা সকলোৱে প্ৰধানমন্ত্ৰী হ’ব বিচাৰে।’’

ৰাহুল গান্ধীয়ে ইতিপূৰ্বে মোদীক ৰাৱণৰ স’তে তুলনা কৰিছিল। কৈছিল যে গৌৰৱে তেওঁক ডুবাই পেলাব। সেই মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে মোডীয়ে। তেওঁ কয়- ''ৰাৱণৰ অহংকাৰে লংকা উটুৱাই নিছিল বুলি কোৱাটো সঠিক। যেনেকৈ কংগ্ৰেছ তেওঁলোকৰ অহংকাৰৰ বাবে ডুব গৈছে। ৰামৰূপীৰ জনতাই কংগ্ৰেছৰ অহংকাৰ ৪০০ৰ পৰা ৪০লৈ হ্ৰাস কৰিছে। তেওঁ কয়, এই মিত্ৰতাৰ নাম ভাৰত নহয় ঘমাণ্ডিয়া (অহংকাৰ) হ’ব লাগিছিল।’’

মোদীয়ে কয়, "তেওঁলোকে কয় যে তেওঁলোকে প্ৰেমৰ দোকান খুলিছে আৰু আমি ঘৃণাৰ দোকান খুলিছে। কিন্তু ভাৰতৰ জনসাধাৰণে তেওঁলোকক লুটপাতৰ দোকান বুলিছে। তেওঁলোকে ভাৰতৰ দেউলীয়া হোৱাৰ নিশ্চয়তা। জানি থওক যে তেওঁলোকৰ দোকানখন সোনকালে বন্ধ হৈ যাব।’’

মণিপুৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়- ''মণিপুৰত শান্তিৰ সূৰ্য্য নিশ্চয় উদয় হ’ব। নতুন আত্মবিশ্বাসেৰে আগবাঢ়ি যাব মণিপুৰ। মণিপুৰবাসীলৈ মোৰ আহ্বান, দেশ আপোনালোকৰ লগত আছে।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস