--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ কৃষকৰ মহাসংগ্ৰামো ব্যৰ্থ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হ’ল। দেশজোৰা অভূতপূৰ্ব কৃষক আন্দোলনৰ মূল নেতৃত্ব বহনকাৰী ভাৰতীয় কৃষক সংঘ বিভাজিত হোৱাৰ পাছতে এতিয়া এই গণতান্ত্ৰিক আন্দোলনৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি হৈছে। দেশৰ বিভিন্ন কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ হৈ পৰা তথা এই মঞ্চৰ পৰাই শক্তিশালী চৰকাৰবিৰোধী প্ৰতিবাদ গঢ় দিবলৈ সক্ষম হোৱা ভাৰতীয় কিষাণ সংঘ চমুকৈ বিকেইউৰ পৰা একাংশ নেতা ফালৰি কাটি গৈ আন এটা সংগঠনৰ জন্ম দিছে।

দেওবাৰে লক্ষ্ণৌত হোৱা আলোচনাৰ পাছত ৰাজেশ সিং চৌহান নামৰ কৃষক নেতাগৰাকীৰ নেতৃত্বত গঠন কৰা হয় ভাৰতীয় কৃষক সংঘ (নন পলিটিকেল)। চৌহানে এই বিষয়ে প্ৰকাশ কৰি কয় যে, ভাৰতীয় কিষাণ সংঘৰ নেতৃত্বত টিকাইট ভাতৃদ্বয় থাকিব। অৰ্থাত নৰেশ টিকাইত ইয়াৰ সভাপতি তথা ৰাজেশ টিকাইট সংগঠনটোৰ মুখপাত্ৰ হৈ থাকিব কিন্তু তেওঁলোকে নতুন এটা সংগঠন গঠন কৰিছে। যাৰ নাম দিয়া হৈছে ভাৰতীয় কিষাণ ইউনিয়ন (নন-পলিটিকেল)।

লক্ষ্ণৌত এই নতুন সংগঠনটো গঠন কৰাৰ পাছত দলটোৰ নেতা চৌহানে অভিযোগ কৰে যে, নৰেশ টিকাইট আৰু ৰাকেশ টিকাইটে কৃষক সংগঠনটোক তেওঁলোকৰ ৰাজনৈতিক অভিপ্ৰায় পূৰণ কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে। তেওঁ অভিযোগ কৰে যে, দুই টিকাইত ৰাজনৈতিকভাৱে প্ৰৰোচিত। আমি কোনো ৰাজনৈতিক দলত অংশগ্ৰহণ নকৰোঁ। আমি আমাৰ আদৰ্শৰ পৰা বিচলিত নহওঁ।

বিকেইউৰ অৰাজনৈতিক শাখাটো মূল বিকেইউৰ পৰা কেৱল আদৰ্শগত কাৰণতে ভাগ হৈ অহা বুলিও তেওঁ মন্তব্য কৰে। বিগত আঠ, ন মাহে আমাৰ মাজত মতাদৰ্শগত বিভিন্ন বিভেদৰ সৃষ্টি হৈছে। এই বিষয়ে তেওঁলোকক কেইবাবাৰো অৱগত কৰাৰ পাছত তথা তেওঁলোকৰ সৈতে কেইবাবাৰো আলোচনা কৰাৰ পাছত এই মতবিৰোধ অব্যাহত থকাৰ বাবেই সংগঠনো বিভাজিত কৰিবলগীয়া হ’ল বুলি মন্তব্য কৰে ৰাজেশ সিং চৌহানে।

তেওঁ লগতে কয় যে, আমি বিচাৰিছিলোঁ যে, আমি কোনো ৰাজনৈতিক কাৰণত যাতে ব্যৱহাৰ নহওঁ আৰু কেৱল কৃষকৰ সৈতে জড়িত বিষয়ৰ সৈতেই আমি জড়িত হৈ থাকোঁ। আমি এতিয়া নিজৰ পথ সলনি কৰিছোঁ আৰু নতুন সংগঠনটোক ৰাজ্যৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে আমি প্ৰসাৰিত কৰিম।

ইফালে, এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাকেশ টিকাইটে ইয়াৰ আঁৰত বিজেপিৰ ভূমিকা আছে বুলি অভিযোগ কৰে। তেওঁ কয় যে, যিসকলৰ তেওঁলোকৰ সৈতে মতবিৰোধ আছে তেওঁলোকে সংগঠন এৰি আঁতৰি যাব পাৰে। পূৰ্বেও তেনে ঘটনা হৈছে। পুনৰ সংগঠন শক্তিশালী কৰি তোলা হ’ব। তেওঁ অভিযোগ কৰে যে, আজি দলটোৰ কেইজনমান নেতাই চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰাটো দুৰ্ভাগ্যৰ কথা বুলিও তেওঁ মন্তব্য কৰে।

ৰাকেশ টিকাইটৰ এই অভিযোগৰ সত্যতা কিমান সেয়া আজিয়েই কৈ দিব পৰা নাযায় যদিও। শক্তিশালী কৃষক বিদ্ৰোহক কৌশলেৰে দমন কৰাৰ বাবে এই ভূমিকা বিজেপিয়ে গ্ৰহণ কৰাটোও কোনো আচৰিত হ’বলগীয়া কথা নহয়। কৃষকৰ সকলো দাবী পূৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ পুনৰ কৃষক বিদ্ৰোহৰ উকমুকনি উঠা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত বিভাজনেৰে আন্দোলন দুৰ্বল কৰাৰো আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন