--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ কৃষকৰ মহাসংগ্ৰামো ব্যৰ্থ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হ’ল। দেশজোৰা অভূতপূৰ্ব কৃষক আন্দোলনৰ মূল নেতৃত্ব বহনকাৰী ভাৰতীয় কৃষক সংঘ বিভাজিত হোৱাৰ পাছতে এতিয়া এই গণতান্ত্ৰিক আন্দোলনৰ ভৱিষ্যতক লৈ সন্দেহৰ সৃষ্টি হৈছে। দেশৰ বিভিন্ন কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ হৈ পৰা তথা এই মঞ্চৰ পৰাই শক্তিশালী চৰকাৰবিৰোধী প্ৰতিবাদ গঢ় দিবলৈ সক্ষম হোৱা ভাৰতীয় কিষাণ সংঘ চমুকৈ বিকেইউৰ পৰা একাংশ নেতা ফালৰি কাটি গৈ আন এটা সংগঠনৰ জন্ম দিছে।

দেওবাৰে লক্ষ্ণৌত হোৱা আলোচনাৰ পাছত ৰাজেশ সিং চৌহান নামৰ কৃষক নেতাগৰাকীৰ নেতৃত্বত গঠন কৰা হয় ভাৰতীয় কৃষক সংঘ (নন পলিটিকেল)। চৌহানে এই বিষয়ে প্ৰকাশ কৰি কয় যে, ভাৰতীয় কিষাণ সংঘৰ নেতৃত্বত টিকাইট ভাতৃদ্বয় থাকিব। অৰ্থাত নৰেশ টিকাইত ইয়াৰ সভাপতি তথা ৰাজেশ টিকাইট সংগঠনটোৰ মুখপাত্ৰ হৈ থাকিব কিন্তু তেওঁলোকে নতুন এটা সংগঠন গঠন কৰিছে। যাৰ নাম দিয়া হৈছে ভাৰতীয় কিষাণ ইউনিয়ন (নন-পলিটিকেল)।

লক্ষ্ণৌত এই নতুন সংগঠনটো গঠন কৰাৰ পাছত দলটোৰ নেতা চৌহানে অভিযোগ কৰে যে, নৰেশ টিকাইট আৰু ৰাকেশ টিকাইটে কৃষক সংগঠনটোক তেওঁলোকৰ ৰাজনৈতিক অভিপ্ৰায় পূৰণ কৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে। তেওঁ অভিযোগ কৰে যে, দুই টিকাইত ৰাজনৈতিকভাৱে প্ৰৰোচিত। আমি কোনো ৰাজনৈতিক দলত অংশগ্ৰহণ নকৰোঁ। আমি আমাৰ আদৰ্শৰ পৰা বিচলিত নহওঁ।

বিকেইউৰ অৰাজনৈতিক শাখাটো মূল বিকেইউৰ পৰা কেৱল আদৰ্শগত কাৰণতে ভাগ হৈ অহা বুলিও তেওঁ মন্তব্য কৰে। বিগত আঠ, ন মাহে আমাৰ মাজত মতাদৰ্শগত বিভিন্ন বিভেদৰ সৃষ্টি হৈছে। এই বিষয়ে তেওঁলোকক কেইবাবাৰো অৱগত কৰাৰ পাছত তথা তেওঁলোকৰ সৈতে কেইবাবাৰো আলোচনা কৰাৰ পাছত এই মতবিৰোধ অব্যাহত থকাৰ বাবেই সংগঠনো বিভাজিত কৰিবলগীয়া হ’ল বুলি মন্তব্য কৰে ৰাজেশ সিং চৌহানে।

তেওঁ লগতে কয় যে, আমি বিচাৰিছিলোঁ যে, আমি কোনো ৰাজনৈতিক কাৰণত যাতে ব্যৱহাৰ নহওঁ আৰু কেৱল কৃষকৰ সৈতে জড়িত বিষয়ৰ সৈতেই আমি জড়িত হৈ থাকোঁ। আমি এতিয়া নিজৰ পথ সলনি কৰিছোঁ আৰু নতুন সংগঠনটোক ৰাজ্যৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে আমি প্ৰসাৰিত কৰিম।

ইফালে, এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাকেশ টিকাইটে ইয়াৰ আঁৰত বিজেপিৰ ভূমিকা আছে বুলি অভিযোগ কৰে। তেওঁ কয় যে, যিসকলৰ তেওঁলোকৰ সৈতে মতবিৰোধ আছে তেওঁলোকে সংগঠন এৰি আঁতৰি যাব পাৰে। পূৰ্বেও তেনে ঘটনা হৈছে। পুনৰ সংগঠন শক্তিশালী কৰি তোলা হ’ব। তেওঁ অভিযোগ কৰে যে, আজি দলটোৰ কেইজনমান নেতাই চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰাটো দুৰ্ভাগ্যৰ কথা বুলিও তেওঁ মন্তব্য কৰে।

ৰাকেশ টিকাইটৰ এই অভিযোগৰ সত্যতা কিমান সেয়া আজিয়েই কৈ দিব পৰা নাযায় যদিও। শক্তিশালী কৃষক বিদ্ৰোহক কৌশলেৰে দমন কৰাৰ বাবে এই ভূমিকা বিজেপিয়ে গ্ৰহণ কৰাটোও কোনো আচৰিত হ’বলগীয়া কথা নহয়। কৃষকৰ সকলো দাবী পূৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ পুনৰ কৃষক বিদ্ৰোহৰ উকমুকনি উঠা দেখিবলৈ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত বিভাজনেৰে আন্দোলন দুৰ্বল কৰাৰো আশংকা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস