--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উদয়পুৰত অনুষ্ঠিত কংগ্ৰেছৰ চিন্তন শিবিৰত দলক পুনৰুজ্জীৱিত কৰাৰ বাবে ভালেমান প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উদয়পুৰ দলে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত অনুসৰি কোৱা হৈছে যে, দলটোৱে কেৰালা গোটৰ দৰে এখন ৰাষ্ট্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ কৰিব। কেৱল এয়াই নহয়, দলৰ যিকোনো পদতে ৫ বছৰহে কাৰ্যনিৰ্বাহ কৰাৰ নীতিতো মোহৰ মৰা হৈছে এই বৈঠকত। যদিহে সেই নেতাগৰাকীয়ে যিকোনো পদলৈ ঘূৰি আহিব লগা হয়, তেন্তে তেওঁ ৩ বছৰ অপেক্ষা কৰিব লাগিব।

চিন্তন শিবিৰত গৃহীত আন এটা প্ৰস্তাৱ অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, সকলো বিষয়ত দলৰ সভাপতিক পৰামৰ্শ  দিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ ভিতৰতে আন এখন পৃথক সমিতিও গঠন কৰা হ'ব। একে সময়তে, প্ৰতিখন ৰাজ্যতে এক পৃথক ৰাজনৈতিক কোষ সৃষ্টি কৰা হ'ব। তদুপৰি, কেন্দ্ৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ মিডিয়া কমিটীসমূহ পুনৰ গঠন কৰা হ'ব আৰু ইয়াত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হ'ব।

এই বৈঠকৰ সময়ত বিভিন্ন বিষয় সন্দৰ্ভত দলীয় নেতাসকলে চৰকাৰক আক্ৰমণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰক জবাবদিহি কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে। চীন  সম্পৰ্কীয় বিবাদৰ বিষয়ত চৰকাৰৰ নীৰৱতাক লৈও প্ৰশ্ন কৰা হয় কংগ্ৰেছৰ চিন্তন বৈঠকত। একে সময়তে মোদী চৰকাৰক উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতিৰ সন্দৰ্ভতো তীব্ৰ সমালোচনা কৰা হয়। একে সময়তে, কংগ্ৰেছে ইয়াৰ প্ৰস্তাৱত কাশ্মীৰৰ বিষয়টো সন্দৰ্ভতক চৰকাৰক আক্ৰমণ কৰে আৰু প্ৰশ্ন কৰে যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত, পৰিস্থিতি স্বাভাৱিক বুলি দাবী কৰা হৈছিল। কিন্তু এতিয়ালৈকে পৰিস্থিতি কিয় স্বাভাৱিক হোৱা নাই। অভিযোগ কৰা হৈছে যে, কাশ্মীৰৰ লোকসকলক প্ৰতিশ্ৰুতি অনুসৰি কৰ্তৃত্ব দিয়া হোৱা নাই, নিৰীহ লোকক হত্যা কৰা হৈছে আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।

আনহাতে সাংগঠনিক দিশৰ সংস্কাৰৰ বাবে দলটোৱে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সেই অনুসৰি সংগঠনৰ প্ৰতিটো স্তৰত যুৱসকলক কমেও ৫০ শতাংশ স্থান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ইয়াৰ জৰিয়তে দলটোত যুৱ সমাজৰ অংশগ্ৰহণ অধিক হোৱাৰ লগতে দলৰ স্থবিৰতা ভাঙিব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে কৃষকসকলৰ বিভিন্ন সমস্যাক লৈ আন্দোলন তীব্ৰতৰ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলো কৃষকক বিনামূলীয়া বিজুলী আৰু কৰমুক্ত ট্ৰেক্টৰৰ দিয়াৰ দাবীও উত্থাপন কৰা হৈছে। একে সময়তে, চিন্তন শিবিৰত গৃহীত প্ৰস্তাৱ অনুসৰি তৃণমূল পৰ্যায়ৰ পৰা বিভিন্ন সমিতি গঠনৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, কংগ্ৰেছে এই সকলো প্ৰস্তাৱ ৯২ৰ পৰা ১০০ দিনৰ ভিতৰত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ