--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত শনি দেৱৰ বিশেষ স্থান আছে। শনি দেৱে কৰ্ম অনুসৰি ফল দিয়ে বুলি বিশ্বাস কৰা হয়। শনিবাৰৰ দিনটো শনি দেৱৰ নামত উৎসৰ্গিত। এই দিনটোত বিধান অনুসৰি শনি দেৱক পূজা কৰিলে শনিদেৱৰ বিশেষ আশীৰ্বাদ পোৱা যায়। 

শনি দেৱৰ অশুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, আনফালে শনিৰ শুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে জীৱনত সকলো ধৰণৰ সুখ লাভ কৰে। শনিৰ কৃপাদৃষ্টিত ভিক্ষাৰীও ৰজা হয় আৰু শনিৰ কোপদৃষ্টিত ৰজাও ভিক্ষাৰী হয়। শনি মন্দিৰলৈ যাওঁতে কিছুমান ভুল কেতিয়াও কৰিব নালাগে। নহলে শুভ ফলৰ সলনি পাব অশুভ ফল।

শনি মন্দিৰত কেতিয়াও নকৰিব এই ৭টা ভুল

১) সন্মুখত থিয় হৈ নাথাকিবঃ শনি দেৱক তেওঁৰ মূৰ্তিৰ সন্মুখত থিয় হৈ পূজা কৰা উচিত নহয়। শনিদেৱৰ সন্মুখত থিয় হৈ পূজা কৰিলে অশুভ ফল পোৱা যায়।

২) তেলৰ প্ৰতি ধ্যান ৰাখকঃ শনি মন্দিৰত চাকি দিওতে এটা কথা মনত ৰাখক যাতে চাকিৰ তেল ইফালে সিফালে বাগৰি নাযায়।

৩) শনি দেৱৰ চকুলৈ নাচাবঃ ধৰ্মীয় বিশ্বাস অনুসৰি শনিদেৱৰ চকুলৈ চোৱা উচিত নহয়। শনি দেৱক পূজা কৰাৰ সময়ত সদায় চকু নমাই ৰাখক। শনি দেৱৰ লগত আপোনাৰ চকু মিলালে শনি দেৱে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

৪) পশ্চিম দিশত পূজাঃ শনি দেৱক পশ্চিম দিশৰ স্বামী মনা হয়। শনি দেৱক পূজা কৰোতে এটা কথা ধ্যান ৰাখিব যাতে আপোনাৰ মুখখন পশ্চিম দিশৰ ফালে থাকে।

৫) ৰঙা ৰং ব্যৱহাৰ নকৰিবঃ শনি দেৱতাই ৰঙা ৰং একেবাৰে ভাল নাপায়। সেয়েহে তেওঁৰ পূজা কৰোতে ৰঙা ৰঙৰ কাপোৰ নিপিন্ধিব, ৰঙা ৰঙৰ ফুল ব্যৱহাৰ নকৰিব আৰু যিকোনো ৰঙা ৰঙৰ সামগ্ৰী ব্যৱহাৰ নকৰিব।

৬) দান কৰকঃ শনি মন্দিৰৰ বাহিৰত যদি কোনো ভিক্ষাৰী দেখা পায় তেন্তে তেওঁলোকক কিবা দান কৰক। দান নকৰিলেও কেতিয়াও তেওঁলোকক তিৰস্কাৰ নকৰিব। এনে কৰিলে শনি দেৱ ৰুষ্ট হয়। তাত আপুনি সকলোকে ভাল ব্যৱহাৰ কৰিব।

৭) বাৰ্তালাপ নকৰিবঃ শনি মন্দিৰত কেতিয়াও কাৰোৰে লগত কোনো ধৰণৰ সাংসাৰিক বাৰ্তালাপ নকৰিব। চুপ চাপকৈ পূজা কৰাৰ পাছত অলপ সময় মন্দিৰৰ চিৰিত বহক বা তাত অলপ সময় কটাই গুচি আহক। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে