--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিমখ অবিহনে খাদ্যৰ স্বাদ কেতিয়াও সম্ভৱ নহয়৷ বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত নিমখৰ উপস্থিতিয়ে সকাৰাত্মক দিশৰ সঞ্চাৰ তীব্ৰ গতিত কৰে। তন্ত্ৰ অনুসৰি নিমখক যদি শুদ্ধ তন্ত্ৰ মন্ত্ৰৰে প্ৰয়োগ কৰা হয় তেন্তে ই আপোনাক ৰাতিৰ ভিতৰতে ধনবান কৰি তুলিব।

নিমখ আৰু চিচা দুয়ো ৰাহুৰ কাৰক হয়। যদি আপুনি নিমখ চিচাৰ গিলাছত ভৰাই শৌচালয় , স্নানৰ ঠাইত থৈ দিয়ে তেন্তে তাৰ পৰা নকাৰাত্মক দিশবোৰৰ নাশ হয়। লগতে তাত থকা সূক্ষ্ম বীজাণুও নষ্ট হয়। শৌচালয়ত সকলোতকৈ অধিক নকাৰাত্মক দিশ থাকে। এনেকুৱাত এই উপায়ে এইসমূহ সমস্যা দূৰ কৰি দিয়ে।

নিমখেৰে যদি ঘৰ মোছা হয় তেন্তে ই আপোনাক ধনবান কৰি তুলিব। বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰাও ই এক বহুত উত্তম উপায়। আপুনি যেতিয়া ঘৰটো মুচিব লব তেতিয়া পানীখিনিত অলপ নিমখ মিহলাই দিব। সপ্তাহত অন্তত ২/৩ বাৰ নিমখেৰে ঘৰটো মুচিব। এনে কৰিলে শীঘ্ৰেই ধনৰ প্ৰাপ্তি হব। এই নিমখে গোটেই ঘৰখন সকৰাত্মক দিশেৰে ভৰাই তোলে। ঘৰখনৰ উন্নতিৰ বাবে নিমখেৰে সদায় ঘৰটো মুচিব লাগে। সকৰাত্মক দিশে লক্ষ্মী দেৱীকো ঘৰত প্ৰৱেশ কৰিবলৈ আকৰ্ষণ কৰে।

অলপ নিমখ চিচাৰ গিলাচ এটাত ভৰাই লৈ তাৰ ভিতৰত ৪/৫ তা মান লং ভৰাই দিব । এনে কৰিলে ঘৰখনত ধনৰ অভাৱ নহয় আৰু মা লক্ষ্মীও প্ৰসন্ন হৈ থাকে।

ব্যক্তি এজনৰ অধিক লাভ তেতিয়া হয় যেতিয়া তেওঁ এইটো উপায় অৱলম্বন কৰে। প্ৰতিটো শনিবাৰে অলপ নিমখ ,২০০ গ্ৰাম মগু দাইল ,৫০০ গ্ৰাম চাউল আৰু ৰঙা শুকান জলকীয়া দান কৰিলে ব্যক্তিজনৰ ভাগ্য প্ৰবল হয়। ধন টকা সহজতেই তেওঁ লাভ কৰিব পাৰে। শনিৰ ক্ৰুৰ দৃষ্টিও সমাপ্ত হৈ যায়। এনে স্থলত ধনৰ দেৱী মা লক্ষ্মীও আপোনাৰ ওপৰত বহুত প্ৰসন্ন হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান