--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শনিবাৰ৷ শনিবাৰে ন্যায়ৰ দেৱতা শনিদেৱক সন্তুষ্ট কৰিলে দূৰ হয় জীৱনৰ দুখ–কষ্ট। শনি মহাৰাজে মানুহক প্ৰতাৰণা নকৰে। মানুহে যেনে কৰ্ম কৰে, তেনে ফল দিয়ে শনিদেৱে। যদি আপুনি বেয়া কৰ্ম কৰিছে তেন্তে তাৰ বেয়া ফল ভুগিব লাগিব। 

আনহাতে যদিহে আপুনি ভাল কাম কৰিছে তেন্তে আপুনি ভাল ফল লাভ কৰিব৷ শনিৰ মহাদশাৰ বাবে এজন ব্যক্তিৰ জীৱনত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ পৰা হাত সাৰিবলৈ মানুহে শনিদেৱক পূজা কৰিব লাগে। যদি আপুনি শনিদেৱক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে সপ্তাহৰ শনিবাৰটো ইয়াৰ বাবে সৰ্বোত্তম দিন। শনিবাৰে পূজাৰ শনি পূজাত সময়ত  কেতিয়াও নকৰিব এইকেইটা ভুল...

১. শনিদেৱৰ পূজাত ৰঙা ৰঙৰ বস্তু ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে শনিদেৱৰ খং উঠে আৰু শনিৰ ছাঁ পৰিলে মানুহৰ জীৱন যন্ত্ৰণাদায়ক হৈ পৰে। শনিদেৱে সূৰ্য আৰু মংগল দুয়োটাকে নিজৰ শক্ৰ বুলি গণ্য কৰে। গতিকে শনিবাৰে শনি পূজাত ৰঙা ৰঙৰ কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।

২. শনিদেৱক পূজা কৰি থাকোতে শনিৰ চকুৰ ফালে চাব নালাগে। ইয়াৰ দ্বাৰা শনিদেৱৰ কোপদৃষ্টিৰ পৰা হাত সাৰিব পাৰি। কাৰণ শনিদেৱৰ কু-দৰ্শন আমাৰ জীৱনৰ প্ৰগতিত বাধা হৈ পৰে। সেয়ে শনিদেৱৰ পূজাৰ সময়ত শনিদেৱৰ ভৰিৰ ফালে চাব লাগে। 

৩. ক'লা আৰু নীলা ৰং শনিদেৱৰ বৰ প্ৰিয়। সেয়ে এই ৰঙৰ বাহিৰে শনিদেৱক শনিবাৰে আন কোনো ৰঙৰে পূজা কৰা উচিত নহয়। ৰঙা,হালধীয়া আৰু বগা ফুল শনিদেৱক কেতিয়াও আগবঢ়াব নালাগে। 



৪. শনিদেৱক পূজা কৰাৰ সময়ত মুখ'খন পশ্চিম দিশত হব লাগে। শনিদেৱক আন কোনো দিশলৈ মুখ কৰি পূজা কৰা উচিত নহয়। এনে কৰিলে শনিদেৱৰ খং উঠে।

৫. যিসকলৰ ওপৰত শনিদেৱৰ দশা চলি আছে  তেওঁলোকে কেতিয়াও কোনো দৰিদ্ৰ, ৰোগী বা পৰিশ্ৰমী ব্যক্তিক অপমান কৰা উচিত নহয়। একে সময়তে, আন কাৰো দ্বাৰা উপাৰ্জন কৰা ধনৰ ওপৰত‌ চকু দিয়া উচিত নহয়৷ যিমান সম্ভৱ সকলোকে সহায় কৰক আৰু শনিদেৱৰ কৃপা লাভ কৰক।

আনহাতে আপুনি যদি নিৰন্তৰ পাৰিবাৰিক দুৰ্দশাত ভুগি আছে আৰু বিশেষকৈ শনিবাৰে যদি আপুনি অতি খং কৰা আৰম্ভ কৰিছে তেতিয়া আপোনাৰ ওপৰত শনিদেৱৰ দশা চলি থাকিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা