--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈদিক জ্যোতিষত শনি দেৱতা  ধৰ্মীয় দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। শনি দেৱক ন্যায় আৰু ফলাফলৰ দাতা হিচাপে গণ্য কৰা হৈছে। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালকৈ শুভ ফলও প্ৰদান কৰে।শনিৰ মহাদশাক আটাইতকৈ কষ্টদায়ক বুলি গণ্য কৰা হয়। কোৱা হয় যে যিসকলৰ কুণ্ডলীত শনিদেৱ দুৰ্বল অৱস্থাত বিৰাজমান হৈ থাকে তেওঁলোকে জীৱনত বহুতো অসুবিধাৰ সন্মুখীন হয়। কামবোৰ সফল নোহোৱাৰ অধিক সম্ভাৱনা থাকে। 

শনি দেৱক জ্যোতিষ শাস্ত্ৰত এক বিশেষ স্থান দিয়া হৈছে।ভগৱান শিৱই শনি দেৱক আশীৰ্বাদ দিছে যে কোনেও তেওঁৰ দৃষ্টিৰ পৰা আঁতৰি থাকিব নোৱাৰে। আনকি দেৱতাসকলেও শনিৰ দৃষ্টিৰ পৰা বাচিব নোৱাৰে। সেইকাৰণে শনি দেৱে সদায় তেওঁৰ দৃষ্টি শক্তি কমাই ৰাখে। বিশ্বাস অনুসৰি, মহাদশাৰ সময়ত একো ভুল কাম কৰিব নালাগে, অন্যথা শনিদেৱ ক্ৰোধিত হৈ পৰে। কিন্তু বিশেষ উপায় গ্ৰহণ কৰিলে শনিদেৱৰ পৰা পোৱা দুখ-কষ্টৰ পৰা সকাহ পাব পাৰে। সেই উপায়বোৰ কি জানি লওক...

১. বিশেষজ্ঞসকলৰ মতে, যিসকলৰ ওপৰত শনিদেৱৰ দশা চলি আছে  তেওঁলোকে কেতিয়াও কোনো দৰিদ্ৰ, ৰোগী বা পৰিশ্ৰমী ব্যক্তিক অপমান কৰা উচিত নহয়। একে সময়তে, আন কাৰো দ্বাৰা উপাৰ্জন কৰা ধনৰ ওপৰত‌ চকু দিয়া উচিত নহয়, আপুনি লোভ পৰিহাৰ কৰা উচিত। যিকোনো জন্তু, চৰাই আৰু পৰিৱেশৰ ক্ষতি কৰা পৰিহাৰ কৰিব লাগে।

২. বিশেষজ্ঞসকলৰ মতে, যিসকলৰ ওপৰত শনিদেৱৰ দশা চলি আছে তেওঁলোকে শনিবাৰে ক’লা কাপোৰ আদি দান দিব লাগে। তদুপৰি ক’লা খাদ্য, ফল আদিও আনক দান কৰিব পাৰে। পথৰ কাষত থকা গৰু-ম’হ আদিক শনিবাৰে আহাৰ খুৱালেও শনিৰ দোষ দূৰ হয়। 

৩. শনিবাৰে সন্ধিয়া আহঁত গছত পানী অৰ্পন কৰক । তাৰ পিছত শনিদেৱৰ ধ্যান কৰোঁতে সৰিয়হৰ তেলৰ চাকি এটা জ্বলাওক। যদি সম্ভৱ হয়, শনিদেৱৰ মন্ত্ৰ জপ কৰক। লগতে সৰিয়হৰ তেলৰ বাটি এটা লওক। এই তেলত আপোনাৰ ছবি চাওঁক। তাৰ পিছত এই তেল এজন অসহায় বা দৰিদ্ৰ ব্যক্তিক দান কৰক। মনত ৰাখিব যে সূৰ্যাস্তৰ পিছত শনিদেৱৰ পূজা অধিক ফলপ্ৰসূ বুলি গণ্য কৰা হয়। 

৪. শনিবাৰ দিনটো শেষ হোৱাৰ পিছত দৰিদ্ৰ ব্যক্তিসকলক ক'লা  আহাৰ খুৱাবলৈ চেষ্টা কৰক। যদি সম্ভৱ হয়, শনিবাৰে সাত প্ৰকাৰৰ খাদ্যশস্য লওঁক আৰু সেই শস্য আপোনাৰ মূৰৰ ওপৰেৰে সাতবাৰ ঘূৰাওক। তাৰ পিছত এই শস্য  চাৰিআলিত থকা চৰাইক খাবলৈ দিয়ক

৫. শনিদেৱে সদায় কৰ্মৰ ফল দিয়ে যদি আপুনি ভাল কৰ্ম কৰে আপুনি ভাল ফল লাভ কৰিব আৰু যদি বেয়া কৰ্ম কৰে তেতিয়া আপোনাকো বেয়া ফল দিব । সেইবাবে শনিৰ ক্ৰুদৃষ্টিৰ পৰা ৰক্ষা  পাবলৈ ভাল কাম কৰি যাওঁক । দৰিদ্ৰ , অসহায় ব্যক্তি , জীৱ-জন্তু, পশু-পক্ষী আদিক কেতিয়াও কষ্ট নিদিব যিমান সম্ভৱ সকলোকে সহায় কৰক আৰু শনিদেৱৰ কৃপা লাভ কৰক ‌।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী