--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে দেওবাৰে সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, কৃষকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ক্ষমা নিবিচাৰে আৰু লগতে কয় যে এনে কাৰ্যৰ দ্বাৰা কৃষকসকলে বিদেশত প্ৰধানমন্ত্ৰীজনৰ ভাবমূৰ্তি কলুষিত কৰিব নিবিচাৰে। ইতিমধ্যে কেন্দ্ৰই তিনিখন কৃষি আইন বাতিল কৰিছে৷ কৃষক নেতাজনে টুইটযোগে কয় যে, ‘আমি প্ৰধানমন্ত্ৰীয়ে ক্ষমা বিচৰাটো একেবাৰে নিবিচাৰো। আমি বিদেশত তেওঁৰ খ্যাতি কলুষিত কৰাটোও আমাৰ কাম্য নহয়। আমি সততাৰে পথাৰত খেতি কৰোঁ কিন্তু দিল্লীয়ে আমাৰ দাবীৰ প্ৰতি মনোযোগ দিয়া নাছিল।”

নাগপুৰত এক অনুষ্ঠানত তোমাৰে কৈছিল যে, “আমি কৃষি আইন আনিছিলোঁ। কিছু সংখ্যক মানুহে ইয়াক ভাল পোৱা নাছিল। কিন্তু চৰকাৰ হতাশ নহয়। আমি এখোজ পিছুৱাই আহিছোঁ আৰু আমি পুনৰ আগবাঢ়িম কাৰণ কৃষকসকল ভাৰতৰ মেৰুদণ্ড আৰু যদি মেৰুদণ্ড শক্তিশালী হয়, তেন্তে দেশ শক্তিশালী হ’ব।” ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীজনে ভুলভাৱে উপস্থাপন কৰিছিল যে, পুনৰ নতুন ৰূপত আহিব পাৰে কৃষি আইন৷ অৱশ্যে, মন্ত্ৰীজনে পাছত স্পষ্ট কৰি দিয়ে যে, কেন্দ্ৰৰ কৃষি আইন পুনৰ প্ৰৱৰ্তন কৰাৰ কোনো পৰিকল্পনা নাই আৰু লগতে কয় যে এক চৰকাৰী কাৰ্যসূচীৰ সময়ত তেওঁৰ বক্তব্য ভুলকৈ উদ্ধৃত কৰা হৈছিল।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ শেহতীয়াকৈ তিনিখন বাতিল কৰা কৃষি আইনসন্দৰ্ভত দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি টিকাইটে কয় যে মন্ত্ৰীগৰাকীৰ এই মন্তব্য কৃষকসকলক প্ৰতাৰণা কৰাৰ উদ্দেশ্যে কৰা হৈছিল আৰু এই কাৰ্যই প্ৰধানমন্ত্ৰীজনক অপমানিত কৰিব। টিকাইটে কেন্দ্ৰৰ দ্বাৰা কৃষি আইন পুনৰ প্ৰৱৰ্তন কৰিলে আন্দোলন পুনৰ আৰম্ভ কৰাৰ ভাবুকি দিছে। উল্লেখ্য যে, ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন বাতিল কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক