--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে দেওবাৰে সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, কৃষকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ক্ষমা নিবিচাৰে আৰু লগতে কয় যে এনে কাৰ্যৰ দ্বাৰা কৃষকসকলে বিদেশত প্ৰধানমন্ত্ৰীজনৰ ভাবমূৰ্তি কলুষিত কৰিব নিবিচাৰে। ইতিমধ্যে কেন্দ্ৰই তিনিখন কৃষি আইন বাতিল কৰিছে৷ কৃষক নেতাজনে টুইটযোগে কয় যে, ‘আমি প্ৰধানমন্ত্ৰীয়ে ক্ষমা বিচৰাটো একেবাৰে নিবিচাৰো। আমি বিদেশত তেওঁৰ খ্যাতি কলুষিত কৰাটোও আমাৰ কাম্য নহয়। আমি সততাৰে পথাৰত খেতি কৰোঁ কিন্তু দিল্লীয়ে আমাৰ দাবীৰ প্ৰতি মনোযোগ দিয়া নাছিল।”

নাগপুৰত এক অনুষ্ঠানত তোমাৰে কৈছিল যে, “আমি কৃষি আইন আনিছিলোঁ। কিছু সংখ্যক মানুহে ইয়াক ভাল পোৱা নাছিল। কিন্তু চৰকাৰ হতাশ নহয়। আমি এখোজ পিছুৱাই আহিছোঁ আৰু আমি পুনৰ আগবাঢ়িম কাৰণ কৃষকসকল ভাৰতৰ মেৰুদণ্ড আৰু যদি মেৰুদণ্ড শক্তিশালী হয়, তেন্তে দেশ শক্তিশালী হ’ব।” ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীজনে ভুলভাৱে উপস্থাপন কৰিছিল যে, পুনৰ নতুন ৰূপত আহিব পাৰে কৃষি আইন৷ অৱশ্যে, মন্ত্ৰীজনে পাছত স্পষ্ট কৰি দিয়ে যে, কেন্দ্ৰৰ কৃষি আইন পুনৰ প্ৰৱৰ্তন কৰাৰ কোনো পৰিকল্পনা নাই আৰু লগতে কয় যে এক চৰকাৰী কাৰ্যসূচীৰ সময়ত তেওঁৰ বক্তব্য ভুলকৈ উদ্ধৃত কৰা হৈছিল।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰৰ শেহতীয়াকৈ তিনিখন বাতিল কৰা কৃষি আইনসন্দৰ্ভত দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি টিকাইটে কয় যে মন্ত্ৰীগৰাকীৰ এই মন্তব্য কৃষকসকলক প্ৰতাৰণা কৰাৰ উদ্দেশ্যে কৰা হৈছিল আৰু এই কাৰ্যই প্ৰধানমন্ত্ৰীজনক অপমানিত কৰিব। টিকাইটে কেন্দ্ৰৰ দ্বাৰা কৃষি আইন পুনৰ প্ৰৱৰ্তন কৰিলে আন্দোলন পুনৰ আৰম্ভ কৰাৰ ভাবুকি দিছে। উল্লেখ্য যে, ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন বাতিল কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র