--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী য়ামী গৌতম আৰু পৰিচালক আদিত্য দাৰৰ পৰিয়ালত নতুন অতিথি। তাৰকা দম্পতীয়ে জন্ম দিলে এটি পুত্ৰ। ছচিয়েল মিডিয়াত পোষ্ট কৰি এই ভাল খবৰটো ঘোষণা কৰিলে। ইফালে যমী আৰু আদিত্যই শিশুটিৰ নামকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

তাৰকা দম্পতীয়ে সেই ছ’চিয়েল মিডিয়া পোষ্টত নাম ঘোষণা কৰিছিল। পুত্ৰৰ নাম বেদাবিদ। সেই পোষ্টটোত য়ামী আৰু আদিত্যই লিখিছে, “সূৰ্য চিকিৎসালয়ৰ অসাধাৰণ স্বাস্থ্যকৰ্মীসকলক আমি ধন্যবাদ জনাইছো। বিশেষ ধন্যবাদ ড° ভূপেন্দ্ৰ অৱস্থী আৰু ৰঞ্জনা ধনুলৈ। তেওঁলোকৰ বাবেই এই আনন্দৰ মুহূৰ্তটো সম্ভৱ হৈছে।’’

তেওঁলোকে লগতে লিখিছে, ‘অভিভাৱক হিচাপে আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ পুত্ৰৰ উজ্জ্বল ভৱিষ্যত চাবলৈ আমি আগ্ৰহী। আশাকৰোঁ, ভৱিষ্যতে তেওঁ যিমানেই সফল হ’ব সিমানেই আমাৰ সন্তানটো গোটেই পৰিয়ালটোৰ লগতে সমগ্ৰ দেশৰ গৌৰৱ হৈ পৰিব।’’

২০২১ চনত য়ামী গৌতম আৰু আদিত্য ধৰৰ বিবাহ হয়। তেওঁলোকৰ ছবি ‘আৰ্টিকেল ৩৭০’ কিছুদিন পূৰ্বে মুক্তি পাইছিল। সেই ছবিখনৰ ট্ৰেইলাৰ উন্মোচনৰ দিনা তাৰকা দম্পতীয়ে কয় যে তেওঁলোকৰ পৰিয়াললৈ নতুন অতিথি আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ