--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী য়ামী গৌতম আৰু পৰিচালক আদিত্য দাৰৰ পৰিয়ালত নতুন অতিথি। তাৰকা দম্পতীয়ে জন্ম দিলে এটি পুত্ৰ। ছচিয়েল মিডিয়াত পোষ্ট কৰি এই ভাল খবৰটো ঘোষণা কৰিলে। ইফালে যমী আৰু আদিত্যই শিশুটিৰ নামকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

তাৰকা দম্পতীয়ে সেই ছ’চিয়েল মিডিয়া পোষ্টত নাম ঘোষণা কৰিছিল। পুত্ৰৰ নাম বেদাবিদ। সেই পোষ্টটোত য়ামী আৰু আদিত্যই লিখিছে, “সূৰ্য চিকিৎসালয়ৰ অসাধাৰণ স্বাস্থ্যকৰ্মীসকলক আমি ধন্যবাদ জনাইছো। বিশেষ ধন্যবাদ ড° ভূপেন্দ্ৰ অৱস্থী আৰু ৰঞ্জনা ধনুলৈ। তেওঁলোকৰ বাবেই এই আনন্দৰ মুহূৰ্তটো সম্ভৱ হৈছে।’’

তেওঁলোকে লগতে লিখিছে, ‘অভিভাৱক হিচাপে আমি এটা নতুন যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ পুত্ৰৰ উজ্জ্বল ভৱিষ্যত চাবলৈ আমি আগ্ৰহী। আশাকৰোঁ, ভৱিষ্যতে তেওঁ যিমানেই সফল হ’ব সিমানেই আমাৰ সন্তানটো গোটেই পৰিয়ালটোৰ লগতে সমগ্ৰ দেশৰ গৌৰৱ হৈ পৰিব।’’

২০২১ চনত য়ামী গৌতম আৰু আদিত্য ধৰৰ বিবাহ হয়। তেওঁলোকৰ ছবি ‘আৰ্টিকেল ৩৭০’ কিছুদিন পূৰ্বে মুক্তি পাইছিল। সেই ছবিখনৰ ট্ৰেইলাৰ উন্মোচনৰ দিনা তাৰকা দম্পতীয়ে কয় যে তেওঁলোকৰ পৰিয়াললৈ নতুন অতিথি আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু