--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকা ছলমান খানৰ জীৱনৰ উত্থান-পতন প্ৰায়ে ওলাই আহে। কেতিয়াবা তেওঁৰ কাম, কেতিয়াবা প্ৰেম, কেতিয়াবা আইনী ইছ্যু - ছলমানে বিভিন্ন কথাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। যদি ছলমান খানৰ জীৱনৰ ওপৰত এখন কিতাপ তৈয়াৰ কৰা হয়, তেন্তে ইয়াৰ ওপৰত বহু চৰ্চা হ’ব বুলি আশা কৰিব পাৰি। এইবাৰ ছলমানে নিজেই তেওঁৰ কিতাপখনৰ কথা ক’লে।

কিছুদিন পূৰ্বে ডুবাইৰ এটা অনুষ্ঠানলৈ গৈছিল ছলমান। তেওঁৰ লগত আছিল তেওঁৰ ভতিজী আলিজে অগ্নিহোত্ৰী। সেই উপলক্ষে আলিজেক সোধা হৈছিল, "তেওঁ যদি ছলমানৰ জীৱনৰ ওপৰত এখন কিতাপ লিখে, তেন্তে সেই কিতাপখনৰ নাম কি হ'ব।’’

ভতিজীয়ে উত্তৰ দিয়াৰ আগতেই ছলমানে ক'লে, "মই তেওঁক মোৰ বিষয়ে কিতাপ লিখিবলৈ নিদিওঁ। সেইবোৰ লিখিলে এক চাঞ্চল্যৰ সৃষ্টি হ’ব।’’ তেওঁৰ ভাষাত "মোৰ জীৱনৰ বিষয়ে বেষ্টচেলাৰ কিতাপ এখন নিবিচাৰো।"

সোমবাৰে পুৱা ডুবাইৰ পৰা মুম্বাইলৈ উভতি আহে ছলমান। বলি তাৰকাৰ ভগ্নী আলভিৰা খান আৰু পৰিচালক অতুল অগ্নিহোত্ৰীৰ কন্যা আলিজে। আলিজে প্ৰথমে ২০২৩ চনৰ ‘ফেয়াৰ’ ছবিত অভিনয় কৰিছিল। এবাৰ ছলমানৰ ভতিজীয়ে কৈছিল যে তাৰকা পৰিয়ালত জন্ম লোৱাৰ পিছতো তেওঁ সকলো সময়তে লাইমলাইটৰ পৰা আঁতৰি থাকি ভাল পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ