--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকা ছলমান খানৰ জীৱনৰ উত্থান-পতন প্ৰায়ে ওলাই আহে। কেতিয়াবা তেওঁৰ কাম, কেতিয়াবা প্ৰেম, কেতিয়াবা আইনী ইছ্যু - ছলমানে বিভিন্ন কথাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। যদি ছলমান খানৰ জীৱনৰ ওপৰত এখন কিতাপ তৈয়াৰ কৰা হয়, তেন্তে ইয়াৰ ওপৰত বহু চৰ্চা হ’ব বুলি আশা কৰিব পাৰি। এইবাৰ ছলমানে নিজেই তেওঁৰ কিতাপখনৰ কথা ক’লে।

কিছুদিন পূৰ্বে ডুবাইৰ এটা অনুষ্ঠানলৈ গৈছিল ছলমান। তেওঁৰ লগত আছিল তেওঁৰ ভতিজী আলিজে অগ্নিহোত্ৰী। সেই উপলক্ষে আলিজেক সোধা হৈছিল, "তেওঁ যদি ছলমানৰ জীৱনৰ ওপৰত এখন কিতাপ লিখে, তেন্তে সেই কিতাপখনৰ নাম কি হ'ব।’’

ভতিজীয়ে উত্তৰ দিয়াৰ আগতেই ছলমানে ক'লে, "মই তেওঁক মোৰ বিষয়ে কিতাপ লিখিবলৈ নিদিওঁ। সেইবোৰ লিখিলে এক চাঞ্চল্যৰ সৃষ্টি হ’ব।’’ তেওঁৰ ভাষাত "মোৰ জীৱনৰ বিষয়ে বেষ্টচেলাৰ কিতাপ এখন নিবিচাৰো।"

সোমবাৰে পুৱা ডুবাইৰ পৰা মুম্বাইলৈ উভতি আহে ছলমান। বলি তাৰকাৰ ভগ্নী আলভিৰা খান আৰু পৰিচালক অতুল অগ্নিহোত্ৰীৰ কন্যা আলিজে। আলিজে প্ৰথমে ২০২৩ চনৰ ‘ফেয়াৰ’ ছবিত অভিনয় কৰিছিল। এবাৰ ছলমানৰ ভতিজীয়ে কৈছিল যে তাৰকা পৰিয়ালত জন্ম লোৱাৰ পিছতো তেওঁ সকলো সময়তে লাইমলাইটৰ পৰা আঁতৰি থাকি ভাল পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু