--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বর্তমান সময়ত প্রত্যেকজন অভিভাৱকেই বিচাৰে নিজৰ সন্তানটি ক্লাচত প্রথম হওক, পৰীক্ষাত ভাল নম্বৰ পাওক। প্ৰতিগৰাকী অভিভাৱকেই নিজৰ সন্তানৰ বৃদ্ধি আৰু বিকাশৰ বাবে যথেষ্ট চিন্তাশীল। পিছে বহু ল'ৰা-ছোৱালীৰ এনে সমস্যা আছে, যিয়ে কিবা পঢ়াৰ পিছত বা শিক্ষকে শিকোৱাৰ পিছতে পাহৰি যায়৷ ইয়াৰ কাৰণ হৈছে সেই ল'ৰা বা ছোৱালীজনীৰ স্মৃতিশক্তি অতি দুর্বল৷ 

আপুনি কেতিয়াবা ভাবি চাইছেনে যে মগজুৰ শক্তি ধৰি ৰাখিবলৈ কেনেধৰণৰ খাদ্য আমি খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে? যিয়ে এটা শিশুৰ সৰ্বাংগীন বিকাশত প্ৰভাৱ পেলাব পাৰে। শিশুৰ দৈনিক খাদ্যাভ্যাসত এনে কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰক, যাৰ দ্বাৰা মগজুৰ স্বাস্থ্য ভালে ৰখাৰ লগতে স্মৃতিশক্তি বৃদ্ধি, কামত অধিক মনোযোগ দিব পৰা ক্ষমতা বৃদ্ধি পায়৷

কি কি খাব লাগে জানি লওক

১. মাছঃ চৰ্বীৰে পৰিপূৰ্ণ মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু ওমেগা ৩ পোৱা যায় যি মগজুৰ পাহৰা সমস্যাক দূৰ কৰাত সহায় কৰে। Sardines, Salmon, Tuna আদি মাছত এনে ধৰণৰ তত্ত্ব পোৱা যায়।

২. গাখীৰঃ গাখীৰ হৈছে ভিটামিন, প্ৰটিন আৰু ফছফৰাচৰ এক প্ৰধান উৎস। যদি আপোনাৰ সন্তানে গাখীৰ খাই ভাল পায়, তেন্তে তাক নিতৌ গৰম কৰা গাখীৰ এগিলাচকৈ খাব দিয়ক।

৩. কণীঃ কণীত যথেষ্ট পাৰিমাণে ভিটামিন থাকে যি শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে। ই মগজুৰ কোষসমূহ বৃদ্ধি কৰাত সহায় কৰে। যিমান বেছি কোষ সিমানেই বেছি বুদ্ধিমত্তা বাঢ়ে। প্ৰতিদিনে ৰাতিপূৱা শিশুক কণী খাবলৈ দিব পাৰে।

৪. আপেল আৰু ব্লুবেৰীঃ এনে খাদ্যসমূহ আপুনি সন্তানৰ টিফিন বাকচত দিব পাৰে। বিদ্যালয়ত আহাৰ গ্ৰহণ কৰাৰ সময়ত এনে ধৰণৰ ফলে শিশুৰ স্মৃতি শক্তি বৃদ্ধিত বিশেষ ভূমিকা ল'ব পাৰে।

৫. নাৰিকলঃ নাৰিকলে আমাৰ মগজুৰ কোষসমূহক মজবুত কৰাত যথেষ্ট .উদগনি যোগায়৷ ই মগজুক পঞ্চইন্দ্রীয়ই প্রেৰণ কৰা যিকোনো ইংগিত গ্রহণ কৰা আৰু তাক কাৰ্যত পৰিণত কৰাত প্রনালীত সহায় কৰে।

৬. ষ্টবেৰী আৰু কলা আঙুৰঃ এই দুয়োবিধ ফলতেই এণ্টিঅক্সিডেন্ট পোৱা যায় যি শিশুৰ সংজ্ঞানাত্মক কাৰ্যসমূহ বৃদ্ধি কৰাত সহায় কৰে।ইয়াৰ উপৰি ইয়াত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কাম কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক