--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বর্তমান সময়ত প্রত্যেকজন অভিভাৱকেই বিচাৰে নিজৰ সন্তানটি ক্লাচত প্রথম হওক, পৰীক্ষাত ভাল নম্বৰ পাওক। প্ৰতিগৰাকী অভিভাৱকেই নিজৰ সন্তানৰ বৃদ্ধি আৰু বিকাশৰ বাবে যথেষ্ট চিন্তাশীল। পিছে বহু ল'ৰা-ছোৱালীৰ এনে সমস্যা আছে, যিয়ে কিবা পঢ়াৰ পিছত বা শিক্ষকে শিকোৱাৰ পিছতে পাহৰি যায়৷ ইয়াৰ কাৰণ হৈছে সেই ল'ৰা বা ছোৱালীজনীৰ স্মৃতিশক্তি অতি দুর্বল৷ 

আপুনি কেতিয়াবা ভাবি চাইছেনে যে মগজুৰ শক্তি ধৰি ৰাখিবলৈ কেনেধৰণৰ খাদ্য আমি খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে? যিয়ে এটা শিশুৰ সৰ্বাংগীন বিকাশত প্ৰভাৱ পেলাব পাৰে। শিশুৰ দৈনিক খাদ্যাভ্যাসত এনে কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰক, যাৰ দ্বাৰা মগজুৰ স্বাস্থ্য ভালে ৰখাৰ লগতে স্মৃতিশক্তি বৃদ্ধি, কামত অধিক মনোযোগ দিব পৰা ক্ষমতা বৃদ্ধি পায়৷

কি কি খাব লাগে জানি লওক

১. মাছঃ চৰ্বীৰে পৰিপূৰ্ণ মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু ওমেগা ৩ পোৱা যায় যি মগজুৰ পাহৰা সমস্যাক দূৰ কৰাত সহায় কৰে। Sardines, Salmon, Tuna আদি মাছত এনে ধৰণৰ তত্ত্ব পোৱা যায়।

২. গাখীৰঃ গাখীৰ হৈছে ভিটামিন, প্ৰটিন আৰু ফছফৰাচৰ এক প্ৰধান উৎস। যদি আপোনাৰ সন্তানে গাখীৰ খাই ভাল পায়, তেন্তে তাক নিতৌ গৰম কৰা গাখীৰ এগিলাচকৈ খাব দিয়ক।

৩. কণীঃ কণীত যথেষ্ট পাৰিমাণে ভিটামিন থাকে যি শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে। ই মগজুৰ কোষসমূহ বৃদ্ধি কৰাত সহায় কৰে। যিমান বেছি কোষ সিমানেই বেছি বুদ্ধিমত্তা বাঢ়ে। প্ৰতিদিনে ৰাতিপূৱা শিশুক কণী খাবলৈ দিব পাৰে।

৪. আপেল আৰু ব্লুবেৰীঃ এনে খাদ্যসমূহ আপুনি সন্তানৰ টিফিন বাকচত দিব পাৰে। বিদ্যালয়ত আহাৰ গ্ৰহণ কৰাৰ সময়ত এনে ধৰণৰ ফলে শিশুৰ স্মৃতি শক্তি বৃদ্ধিত বিশেষ ভূমিকা ল'ব পাৰে।

৫. নাৰিকলঃ নাৰিকলে আমাৰ মগজুৰ কোষসমূহক মজবুত কৰাত যথেষ্ট .উদগনি যোগায়৷ ই মগজুক পঞ্চইন্দ্রীয়ই প্রেৰণ কৰা যিকোনো ইংগিত গ্রহণ কৰা আৰু তাক কাৰ্যত পৰিণত কৰাত প্রনালীত সহায় কৰে।

৬. ষ্টবেৰী আৰু কলা আঙুৰঃ এই দুয়োবিধ ফলতেই এণ্টিঅক্সিডেন্ট পোৱা যায় যি শিশুৰ সংজ্ঞানাত্মক কাৰ্যসমূহ বৃদ্ধি কৰাত সহায় কৰে।ইয়াৰ উপৰি ইয়াত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কাম কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু