--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূজাৰ সময়ত চন্দন কাঠৰ প্ৰয়োজন হয়। যদিও এতিয়া বহুতে চন্দনৰ বিচাৰি ফুৰাৰ কষ্ট কমাবলৈ চন্দন কাঠৰ গুড়ি কিনে। চন্দন কাঠ শৰীৰৰ বাবে ভাল যদিও সেই গুড়ি বৰ উপযোগী নহয়।

চন্দনৰ ফুল বা পাতৰ বিশেষ কোনো সুগন্ধি নাথাকে। ইয়াৰ কাঠৰ গোন্ধৰ মাত্ৰা সৰ্বোচ্চ।  এই কাঠৰ বিভিন্ন ঔষধি গুণ আছে।  আৰু বনৌষধি গুণৰ বাবে চন্দনৰ পৰা পোৱা তেল মানুহৰ শৰীৰত বহু ধৰণে ব্যৱহাৰ কৰা হয়। যিয়ে শৰীৰৰ যিকোনো সমস্যা দূৰ কৰিব পাৰে। গতিকে জানো আহক চন্দন তেলে কি কি সমস্যা কম কৰিব পাৰে...

১. ঘৰত চন্দন তেল ব্যৱহাৰ কৰিলে ইয়াৰ সুগন্ধিৰে কোঠাটো ভৰি পৰে।  এই সুগন্ধিয়ে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে আৰু মানসিক চাপ কমায়।

২.  চন্দন কাঠৰ তেল বা ৰসে ৰক্তক্ষৰণ বন্ধ কৰিব পাৰে।  ইয়াৰ উপৰিও ই বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণো হ্ৰাস কৰিব পাৰে।  

৩. শীতকালত বহু লোকে উশাহ লোৱাত কষ্ট পোৱা  দেখা যায়। এই সমস্যাৰ কাৰণ হৈছে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি।  ঘৰত চন্দন তেল থাকিলে গাত কেইটোপালমান লগাব পাৰে। ইয়াৰ ফলত উশাহ-নিশাহৰ সমস্যা হ্ৰাস পাব।

৪. বহুতে দাবী কৰে যে যদি নিয়মিতভাৱে চন্দনৰ গোন্ধ নাকলৈ আহে তেন্তে প্ৰস্ৰাৱৰ বিভিন্ন প্ৰকাৰৰ সমস্যাও কমি যায়।  শৰীৰৰ পৰা প্ৰদূষক পদাৰ্থও সহজে আঁতৰি যায়।  অৱশ্যে এতিয়ালৈকে ইয়াৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নাই।  তথাপিও কিন্তু বহুতে এই মতামত বিশ্বাস কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু