--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ আঠটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সুশাসনৰ সূচকাংকত শীৰ্ষস্থান আৰোহণ কৰিছে জম্মু আৰু কাশ্মীৰে৷ সুশাসন হৈছে ৰাজহুৱা প্ৰতিষ্ঠানবোৰে কেনেদৰে ৰাজহুৱা বিষয় আৰু সম্পদ পৰিচালনা কৰে, তাৰ এক বিশ্লেষশ। এয়া হৈছে উন্নয়নৰ বাবে এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক সম্পদৰ পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা শক্তি। সুশাসনৰ ধাৰণাটো মুখ্যতঃ সমাজৰ নিৰ্বাচিত গোটবোৰৰ বিপৰীতে জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ দায়িত্বৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। আইনৰ শাসন, স্বচ্ছতা, প্ৰতিক্ৰিয়াশীলতা, সহমতৰ দিশ, সমতা, কাৰ্যকৰীতা আৰু দক্ষতা, দায়বদ্ধতা আৰু কৌশলগত দৃষ্টিভংগীয়ে সুশাসনৰ মূল অংশ। শেহতীয়াকৈ, জম্মু আৰু কাশ্মীৰ দেশৰ প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিছে য’ত সুশাসনসূচক আছে, যাৰ ফলত মানুহে প্ৰশাসনৰ দ্বাৰা প্ৰস্তুত কৰা নীতি আৰু উন্নয়নমূলক পৰিকল্পনাৰ প্ৰশংসা কৰিছে। যোৱা কেইবছৰমানৰ পৰা জম্মু আৰু কাশ্মীৰে স্বাস্থ্য, কৃষি, উদ্যানশস্য, পুষ্পপালন পৰ্যটন আৰু ক্ৰীড়াৰ দৰে ক্ষেত্ৰত যথেষ্ট উত্তৰণ ঘটাইছে৷ ইয়াৰ পূৰ্বে, আন্তঃগাঁথনিৰ অভাৱৰ বাবে মানুহে আহুকলীয়া সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু, তাত এতিয়া তৃণমূল পৰ্যায়ৰ পৰাই উন্নয়নৰ ছবি প্ৰতিফলিত হৈছে, দেখা গৈছে৷ কিয়নো, জম্মু আৰু কাশ্মীৰত পৰ্যটনৰ দিশটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰিও সংযোগ উন্নত কৰাৰ বাবে কৰা বিভিন্ন পথ নতুন পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ