--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ আঠটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সুশাসনৰ সূচকাংকত শীৰ্ষস্থান আৰোহণ কৰিছে জম্মু আৰু কাশ্মীৰে৷ সুশাসন হৈছে ৰাজহুৱা প্ৰতিষ্ঠানবোৰে কেনেদৰে ৰাজহুৱা বিষয় আৰু সম্পদ পৰিচালনা কৰে, তাৰ এক বিশ্লেষশ। এয়া হৈছে উন্নয়নৰ বাবে এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক সম্পদৰ পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা শক্তি। সুশাসনৰ ধাৰণাটো মুখ্যতঃ সমাজৰ নিৰ্বাচিত গোটবোৰৰ বিপৰীতে জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ দায়িত্বৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। আইনৰ শাসন, স্বচ্ছতা, প্ৰতিক্ৰিয়াশীলতা, সহমতৰ দিশ, সমতা, কাৰ্যকৰীতা আৰু দক্ষতা, দায়বদ্ধতা আৰু কৌশলগত দৃষ্টিভংগীয়ে সুশাসনৰ মূল অংশ। শেহতীয়াকৈ, জম্মু আৰু কাশ্মীৰ দেশৰ প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিছে য’ত সুশাসনসূচক আছে, যাৰ ফলত মানুহে প্ৰশাসনৰ দ্বাৰা প্ৰস্তুত কৰা নীতি আৰু উন্নয়নমূলক পৰিকল্পনাৰ প্ৰশংসা কৰিছে। যোৱা কেইবছৰমানৰ পৰা জম্মু আৰু কাশ্মীৰে স্বাস্থ্য, কৃষি, উদ্যানশস্য, পুষ্পপালন পৰ্যটন আৰু ক্ৰীড়াৰ দৰে ক্ষেত্ৰত যথেষ্ট উত্তৰণ ঘটাইছে৷ ইয়াৰ পূৰ্বে, আন্তঃগাঁথনিৰ অভাৱৰ বাবে মানুহে আহুকলীয়া সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু, তাত এতিয়া তৃণমূল পৰ্যায়ৰ পৰাই উন্নয়নৰ ছবি প্ৰতিফলিত হৈছে, দেখা গৈছে৷ কিয়নো, জম্মু আৰু কাশ্মীৰত পৰ্যটনৰ দিশটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰিও সংযোগ উন্নত কৰাৰ বাবে কৰা বিভিন্ন পথ নতুন পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু