--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু প্ৰতীক্ষিত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে৷ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পাছত বিধায়কশূন্য হৈ আছিল সমষ্টিটো৷ সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰি কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই অৱধাৰিত হৈ পৰিছিল উপ-নিৰ্বাচন৷ অৱশেষত জল্পনা-কল্পনাৰ অন্তত নিৰ্বাচন আয়োগে আজি মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে৷ অহা ৭ মাৰ্চত সমষ্টিটোত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব এই উপ-নিৰ্বাচনৰ৷ নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য সদৰি কৰিছে৷ সমষ্টিটোত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে ১৭ ফেব্ৰুৱাৰী৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী৷ নিৰ্বাচন আয়োগে এই উপ-নিৰ্বাচন ইভিএমযোগে অনুষ্ঠিত হ’ব বুলি সদৰি কৰিছে৷ একেদৰে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে নিৰ্বাচনৰ সময়ত কিছু ক’ভিড নীতিও বলবৎ কৰিছে৷ সেই অনুসৰি, পথসভা, পদযাত্ৰা, চাইকেল/বাইক/বাহনৰ ৰেলী, শোভাযাত্ৰা নিষিদ্ধ কৰাৰ লগতে সীমিত পৰিসৰতহে ৰাজহুৱা সভা, সভাগৃহ-প্ৰেক্ষাগৃহত সভা-সমিতি, ঘৰে-ঘৰে প্ৰচাৰত অনুমতি দিয়া হৈছে৷ লগতে, সামাজিক দূৰত্ব, মাস্ক পৰিধান, চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ