--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বহু প্ৰতীক্ষিত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে৷ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পাছত বিধায়কশূন্য হৈ আছিল সমষ্টিটো৷ সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰি কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই অৱধাৰিত হৈ পৰিছিল উপ-নিৰ্বাচন৷ অৱশেষত জল্পনা-কল্পনাৰ অন্তত নিৰ্বাচন আয়োগে আজি মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে৷ অহা ৭ মাৰ্চত সমষ্টিটোত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব এই উপ-নিৰ্বাচনৰ৷ নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য সদৰি কৰিছে৷ সমষ্টিটোত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে ১৭ ফেব্ৰুৱাৰী৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী৷ নিৰ্বাচন আয়োগে এই উপ-নিৰ্বাচন ইভিএমযোগে অনুষ্ঠিত হ’ব বুলি সদৰি কৰিছে৷ একেদৰে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে নিৰ্বাচনৰ সময়ত কিছু ক’ভিড নীতিও বলবৎ কৰিছে৷ সেই অনুসৰি, পথসভা, পদযাত্ৰা, চাইকেল/বাইক/বাহনৰ ৰেলী, শোভাযাত্ৰা নিষিদ্ধ কৰাৰ লগতে সীমিত পৰিসৰতহে ৰাজহুৱা সভা, সভাগৃহ-প্ৰেক্ষাগৃহত সভা-সমিতি, ঘৰে-ঘৰে প্ৰচাৰত অনুমতি দিয়া হৈছে৷ লগতে, সামাজিক দূৰত্ব, মাস্ক পৰিধান, চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু