--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৈক্ষিক ভ্ৰমণলৈ গৈ এগৰাকী শিক্ষয়িত্ৰীয়ে এজন ছাত্ৰৰ সৈতে ফটোশ্বুটৰ নামত কৰা আচৰণে এতিয়া বহুতকে হতবাক কৰি তুলিছে। কৰ্ণাটকৰ  শিক্ষয়িত্ৰী  আৰু ছাত্ৰৰ  সেই ৰোমাণ্টিক ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পিছতে  আলোড়নৰ সৃষ্টি কৰিছে।   মুৰুগামল্লা গাঁৱৰ এখন চৰকাৰী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে 'শৈক্ষিক ভ্ৰমণ'ৰ সময়ত তেওঁৰ বিদ্যালয়ৰে এজন ছাত্ৰৰ সৈতে ফটোশ্বুট কৰে। 

ফটোশ্বুটৰ নামত ছাত্ৰ-শিক্ষয়িত্ৰীয়ে দিয়া প’জকলৈ এতিয়া বহুতৰে চকু থৰ লাগিছে। বহুতেই শিক্ষয়িত্ৰী আৰু ছাত্ৰগৰাকীক  তীব্ৰ সমালোচনা কৰিছে। ঘটনাটোৱে অভিভাৱকসকলৰ মাজতো ক্ষোভৰ সৃষ্টি  কৰা পৰিলক্ষিত হৈছে।  শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে তাৎক্ষণিকভাবে  ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে।  
 
ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰা  ফটোবোৰত শিক্ষয়িত্ৰীগৰাকী  আৰু ছাত্ৰজনে ইজনে সিজনক আলিঙ্গন  কৰা দেখা গৈছে। 

বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ছাত্ৰৰ সৈতে অনুপযুক্ত আচৰণৰ অভিযোগ উঠিছে। শিক্ষয়িত্ৰীগৰাকীৰ মোবাইল ফোনত অন্তৰংগ মুহূৰ্তবোৰ সংৰক্ষণ কৰা হৈছিল।
"সমাজ হিচাপে আমি ক'লৈ গৈ আছো? কৰ্ণাটকৰ মুৰুগামল্লা চিক্কাবাল্লাপুৰ জিলাৰ দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ ৰোমান্টিক ফটোশ্বুটৰ ছবি আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে," ৰাজাৱত নামৰ এগৰাকী নেট ব্যৱাৰকাৰীয়ে  তেওঁৰ পোষ্টত কয়।
 
 ঘটনাটোত ক্ষুব্ধ হৈ ছাত্ৰ জনৰ অভিভাৱকে  খণ্ড শিক্ষা বিষয়াৰ (বিইঅ') ওচৰত এটা অভিযোগ দাখিল কৰিছে আৰু প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ আচৰণৰ পুংখানুপুংখ তদন্ত কৰিবলৈ দাবী জনাইছে।

অভিযোগ পোৱাৰ পিছত বিইঅ' ভি উমাদেভিয়ে বিদ্যালয়খন পৰিদৰ্শন কৰিছে আৰু অনুসন্ধান আৰম্ভ কৰিছে বুলি  ডেক্কান হেৰাল্ডৰ প্ৰতিবেদনত কোৱা হৈছে। 

উল্লেখ্য ২০২২ চনতো শ্ৰেণীকোঠাত ভোজপুৰী গানত নৃত্য কৰা এজন শিক্ষয়িত্ৰীৰ  ভিডিঅ' ভাইৰেল হৈ পৰিছিল, যাৰ বাবে শিক্ষয়িত্ৰীগৰাকী  ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ সমালোচনাৰ সন্মুখীন হৈছিল। ভিডিঅ'টোত এজন শিক্ষয়িত্ৰীয়ে  শাৰী পিন্ধি 'পাটলি কামাৰিয়া মৰি' গানটোত নৃত্য কৰা দেখা গৈছিল। এই নৃত্যত শিক্ষাৰ্থীসকলে হাত জোকাৰিছিল আৰু জঁপিয়াই আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক