--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৈক্ষিক ভ্ৰমণলৈ গৈ এগৰাকী শিক্ষয়িত্ৰীয়ে এজন ছাত্ৰৰ সৈতে ফটোশ্বুটৰ নামত কৰা আচৰণে এতিয়া বহুতকে হতবাক কৰি তুলিছে। কৰ্ণাটকৰ  শিক্ষয়িত্ৰী  আৰু ছাত্ৰৰ  সেই ৰোমাণ্টিক ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পিছতে  আলোড়নৰ সৃষ্টি কৰিছে।   মুৰুগামল্লা গাঁৱৰ এখন চৰকাৰী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে 'শৈক্ষিক ভ্ৰমণ'ৰ সময়ত তেওঁৰ বিদ্যালয়ৰে এজন ছাত্ৰৰ সৈতে ফটোশ্বুট কৰে। 

ফটোশ্বুটৰ নামত ছাত্ৰ-শিক্ষয়িত্ৰীয়ে দিয়া প’জকলৈ এতিয়া বহুতৰে চকু থৰ লাগিছে। বহুতেই শিক্ষয়িত্ৰী আৰু ছাত্ৰগৰাকীক  তীব্ৰ সমালোচনা কৰিছে। ঘটনাটোৱে অভিভাৱকসকলৰ মাজতো ক্ষোভৰ সৃষ্টি  কৰা পৰিলক্ষিত হৈছে।  শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে তাৎক্ষণিকভাবে  ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে।  
 
ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰা  ফটোবোৰত শিক্ষয়িত্ৰীগৰাকী  আৰু ছাত্ৰজনে ইজনে সিজনক আলিঙ্গন  কৰা দেখা গৈছে। 

বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ছাত্ৰৰ সৈতে অনুপযুক্ত আচৰণৰ অভিযোগ উঠিছে। শিক্ষয়িত্ৰীগৰাকীৰ মোবাইল ফোনত অন্তৰংগ মুহূৰ্তবোৰ সংৰক্ষণ কৰা হৈছিল।
"সমাজ হিচাপে আমি ক'লৈ গৈ আছো? কৰ্ণাটকৰ মুৰুগামল্লা চিক্কাবাল্লাপুৰ জিলাৰ দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ ৰোমান্টিক ফটোশ্বুটৰ ছবি আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে," ৰাজাৱত নামৰ এগৰাকী নেট ব্যৱাৰকাৰীয়ে  তেওঁৰ পোষ্টত কয়।
 
 ঘটনাটোত ক্ষুব্ধ হৈ ছাত্ৰ জনৰ অভিভাৱকে  খণ্ড শিক্ষা বিষয়াৰ (বিইঅ') ওচৰত এটা অভিযোগ দাখিল কৰিছে আৰু প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ আচৰণৰ পুংখানুপুংখ তদন্ত কৰিবলৈ দাবী জনাইছে।

অভিযোগ পোৱাৰ পিছত বিইঅ' ভি উমাদেভিয়ে বিদ্যালয়খন পৰিদৰ্শন কৰিছে আৰু অনুসন্ধান আৰম্ভ কৰিছে বুলি  ডেক্কান হেৰাল্ডৰ প্ৰতিবেদনত কোৱা হৈছে। 

উল্লেখ্য ২০২২ চনতো শ্ৰেণীকোঠাত ভোজপুৰী গানত নৃত্য কৰা এজন শিক্ষয়িত্ৰীৰ  ভিডিঅ' ভাইৰেল হৈ পৰিছিল, যাৰ বাবে শিক্ষয়িত্ৰীগৰাকী  ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ সমালোচনাৰ সন্মুখীন হৈছিল। ভিডিঅ'টোত এজন শিক্ষয়িত্ৰীয়ে  শাৰী পিন্ধি 'পাটলি কামাৰিয়া মৰি' গানটোত নৃত্য কৰা দেখা গৈছিল। এই নৃত্যত শিক্ষাৰ্থীসকলে হাত জোকাৰিছিল আৰু জঁপিয়াই আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক