--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীৰ চৰকাৰে স্বচ্ছতাৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। সেইবাবেই চৰকাৰী কাৰ্যালয়ত জমা হোৱা পুৰণি কাগজ-পত্ৰ, ফাইল আদি বিক্ৰী কৰি দিয়া হৈছে। আচৰিত হ’বলগীয়া কথাটো এয়াই যে কেন্দ্ৰই কেৱল পুৰণি নথিপত্ৰ,  ভঙা যন্ত্ৰ আদি বিক্ৰী কৰি ১,১৬৩ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ভিতৰত, কেৱল অক্টোবৰ মাহতে  ৫৫৭ কোটি টকা উপাৰ্জন হৈছিল। 

কেন্দ্ৰৰ তথ্য অনুসৰি, ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা পুৰণি কাগজপত্ৰ, নথিপত্ৰ, ফাইল, পুৰণি সঁজুলি, আচবাব আদি বিক্ৰী কৰাৰ পৰা ১,১৬৩ কোটি টকা উপাৰ্জন হৈছে। যোৱা বছৰৰ অক্টোবৰ মাহত মোদী  চৰকাৰে বিভিন্ন চৰকাৰী বিভাগত এক পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰিছিল। এমাহত চৰকাৰে প্ৰায় ৫৫০  কোটি টকাৰ পৰুণি পেলনীয়া সামগ্ৰী  বিক্ৰী কৰিছিল। সূত্ৰ অনুসৰিযোৱা দুবছৰত ৯৬  লাখ পুৰণি পেলনীয়া ফাইল বিক্ৰী কৰা হৈছে। 

ফলত কাৰ্যালয়সমূহৰ ৩৫৫ লাখ বৰ্গফুট ঠাই খালী হৈ পৰিছে। এই ঠাই এতিয়া  আন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে। দৰাচলতে মোদী চৰকাৰে দীৰ্ঘদিন ধৰি চৰকাৰী কামৰ ডিজিটেলকৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি আহিছে। বেছিভাগ কাম এতিয়া ই-ফাইলৰ জড়িয়তে কৰা হৈছে। বাজেটতো এই ব্যৱস্থা গ্ৰহণ কৰা  হৈছে। অৰ্থাৎ সকলোবোৰ ডিজিটাইজ কৰাৰ চেষ্টা চলোৱা  হৈছে। গতিকে কাগজৰ ফাইলৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে। বহু ফাইল এতিয়া  অপ্ৰয়োজনীয় হৈ পৰিছে। সেয়ে চৰকাৰে সেইবোৰ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল  ভাৰতৰ চন্দ্ৰযান ৩ মিছনৰ ব্যয় আছিল প্ৰায় ৬০০ কোটি টকা । পূৰ্বৱৰ্তী চন্দ্ৰ অভিযানসমূহতো প্ৰায় একে পৰিমাণৰ ধনেই  ব্যয় হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, মোদী চৰকাৰে কেৱল আৱৰ্জনা বিক্ৰী কৰিয়েই  দুটাকৈ  চন্দ্ৰযান অভিযানৰ  ব্যয় উলিয়াবলৈ সক্ষম হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক