--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীৰ চৰকাৰে স্বচ্ছতাৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। সেইবাবেই চৰকাৰী কাৰ্যালয়ত জমা হোৱা পুৰণি কাগজ-পত্ৰ, ফাইল আদি বিক্ৰী কৰি দিয়া হৈছে। আচৰিত হ’বলগীয়া কথাটো এয়াই যে কেন্দ্ৰই কেৱল পুৰণি নথিপত্ৰ,  ভঙা যন্ত্ৰ আদি বিক্ৰী কৰি ১,১৬৩ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ভিতৰত, কেৱল অক্টোবৰ মাহতে  ৫৫৭ কোটি টকা উপাৰ্জন হৈছিল। 

কেন্দ্ৰৰ তথ্য অনুসৰি, ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা পুৰণি কাগজপত্ৰ, নথিপত্ৰ, ফাইল, পুৰণি সঁজুলি, আচবাব আদি বিক্ৰী কৰাৰ পৰা ১,১৬৩ কোটি টকা উপাৰ্জন হৈছে। যোৱা বছৰৰ অক্টোবৰ মাহত মোদী  চৰকাৰে বিভিন্ন চৰকাৰী বিভাগত এক পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰিছিল। এমাহত চৰকাৰে প্ৰায় ৫৫০  কোটি টকাৰ পৰুণি পেলনীয়া সামগ্ৰী  বিক্ৰী কৰিছিল। সূত্ৰ অনুসৰিযোৱা দুবছৰত ৯৬  লাখ পুৰণি পেলনীয়া ফাইল বিক্ৰী কৰা হৈছে। 

ফলত কাৰ্যালয়সমূহৰ ৩৫৫ লাখ বৰ্গফুট ঠাই খালী হৈ পৰিছে। এই ঠাই এতিয়া  আন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে। দৰাচলতে মোদী চৰকাৰে দীৰ্ঘদিন ধৰি চৰকাৰী কামৰ ডিজিটেলকৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি আহিছে। বেছিভাগ কাম এতিয়া ই-ফাইলৰ জড়িয়তে কৰা হৈছে। বাজেটতো এই ব্যৱস্থা গ্ৰহণ কৰা  হৈছে। অৰ্থাৎ সকলোবোৰ ডিজিটাইজ কৰাৰ চেষ্টা চলোৱা  হৈছে। গতিকে কাগজৰ ফাইলৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে। বহু ফাইল এতিয়া  অপ্ৰয়োজনীয় হৈ পৰিছে। সেয়ে চৰকাৰে সেইবোৰ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল  ভাৰতৰ চন্দ্ৰযান ৩ মিছনৰ ব্যয় আছিল প্ৰায় ৬০০ কোটি টকা । পূৰ্বৱৰ্তী চন্দ্ৰ অভিযানসমূহতো প্ৰায় একে পৰিমাণৰ ধনেই  ব্যয় হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, মোদী চৰকাৰে কেৱল আৱৰ্জনা বিক্ৰী কৰিয়েই  দুটাকৈ  চন্দ্ৰযান অভিযানৰ  ব্যয় উলিয়াবলৈ সক্ষম হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক