--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিয়াঘৰত এতিয়া কান্দোন৷ দৰা উভতি আহিছে কফিনৰ ভিতৰত৷ কাহানিও নেমেলে চকু৷ বিয়ালৈ ১৩দিন বাকী থাকোতে ঘৰখনলৈ নামি আহিল ধুমুহা৷ পুত্ৰক দৰাৰ সাজত চাবলৈ ৰৈ থকা মাতৃক এতিয়া কোনেও বুজাব পৰা নাই যে তেওঁৰ পুত্ৰই আৰু কোনোদিনে সাৰ নাপায়৷

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত নিহত হয় পেৰাট্ৰুপাৰ কমাণ্ডো শচীন লৌৰ৷ শচীনৰ বিয়াৰ দিন ঠিক কৰা হৈছিল ৮ ডিচেম্বৰ৷ 

জম্মুত শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠানত লৌৰকে ধৰি চাৰিজন পতিত সৈনিকৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰা হয়৷

আলিগড় জিলাৰ গোৰাউলা গাঁৱত বিবাহানুষ্ঠানৰ বাবে প্ৰস্তুতি চলাই থকা লৌৰৰ পৰিয়ালৰ সদস্যসকলে লৌৰৰ মৃত্যুৰ বিষয়ে জানিবলৈ পোৱাৰ লগে লগে শোকত ভাগি পৰিছে৷

জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষৰ সময়ত লৌৰে প্ৰাণ দিছিল। তেওঁ বুধবাৰে সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈছিল আৰু বৃহস্পতিবাৰে মৃত্যুবৰণ কৰিছিল।

শুকুৰবাৰে লৌৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এক্সত তেওঁৰ অফিচিয়েল একাউণ্টত লিখিছিল, শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জনাইছোঁ৷ এই দুখৰ সময়ত আমি তেওঁলোকৰ সৈতে থিয় দিছোঁ। ভগৱান শ্ৰীৰামে বিদেহ আত্মাক তেওঁৰ পদযুগলত স্থান দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক এই ক্ষতি বহন কৰিবলৈ শক্তি দিয়ক। ঔম শান্তি।

লৌৰৰ মৃত্যুৰ খবৰে গোটেই গাঁওবাসীক শোকাহত কৰি তুলিছে৷ ২৪ বছৰীয়া লৌৰে ২০১৯ত সেনা বাহিনীত যোগদান কৰিছিল আৰু ২০২১ত বিশেষ বাহিনীত কমাণ্ডো হৈছিল। তেওঁ ৰাজৌৰীৰ পেৰা ২ ৰেজিমেণ্টত নিযুক্ত আছিল।

তেওঁ ৰমেশ নামৰ এজন কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু মথুৰা জিলাৰ জৈতাই গাঁৱত এজনী ছোৱালীৰ সৈতে বাগদান কৰিছিল। তেওঁ শেষবাৰৰ বাবে দীপাৱলীত পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছিল। লৌৰে মৃত্যুৰ সময়ত তেওঁৰ দেউতাক, মাতৃ ভাগৱতী দেৱী আৰু ভাতৃ বিবেক লৌৰ (যি ভাৰতীয় নৌসেনাৰ সৈতে আছে)ক এৰি থৈ যায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ