--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ ৩ শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে৷ বৰ্তমানেও আবদ্ধ ৪১গৰাকীকৈ শ্ৰমিক৷ এতিয়াও উদ্ধাৰ হোৱা নাই তেওঁলোক৷ এটা গভীৰ সুৰংগত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে শ্ৰমিককেইগৰাকী৷ নিমাত দেশৰ প্ৰধানমন্ত্ৰী, নিমাত গৃহমন্ত্ৰী৷ 

বিশ্বগুৰুৰ দাবী কৰাৰ সময়তে এই দেশত এতিয়াও সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ নাই পৰ্যাপ্ত ব্যৱস্থা৷ নিৰ্মাণকাৰ্যৰ বাবে গভীৰ সুৰংগত প্ৰৱেশ কৰিও এতিয়া অসহায় হৈ পৰিছে ৪১গৰাকী শ্ৰমিক৷ এই দেশৰ ৪১টা জীৱনৰ এই কাতৰতাৰ বাবে দায়ী কোন? উত্তৰ দিবনে কেন্দ্ৰীয় চৰকাৰে?

যুদ্ধগতিত এতিয়াও চলি আছে আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান৷ উদ্ধাৰ অভিযানত বাৰে বাৰে আহি পৰিছে বাধা৷ শ্ৰমিককেইজনক উদ্ধাৰ কৰিবলৈ আৰু সময়ৰ প্ৰয়োজন হ’ব৷ যন্ত্ৰৰে সুৰংগ খননৰ কাম ইতিমধ্যে বন্ধ কৰা হৈছে৷ হাতেৰে আঁতৰোৱা হৈছে সুৰংগৰ আৱৰ্জনা৷ খনন যন্ত্ৰৰ সন্মুখত বাৰে বাৰে আহি পৰিছে লোহা আদি৷ যাৰ বাবে জটিলতা আহি পৰিছে উদ্ধাৰ অভিযানত৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শনিবাৰে চিল্কিয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ বৰ্তমানৰ স্থিতি ব্যাখ্যা কৰে৷ কিয়নো ১৪ দিন ধৰি চলি থকা কামটোৱে অন্তিম পৰ্যায়ত হঠাতে জটিলতাৰ সন্মুখীন হৈছিল আৰু অগাৰ মেচিনটো আকৌ এবাৰ বিফল হৈছিল। কাইলৈ পুৱালৈ অগাৰ মেচিনটো ওলাই যাব বুলি আশা কৰা হৈছে আৰু সেই মেনুৱেল খনন আৰম্ভ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ যোৱা ১৩ দিন ধৰি সুৰংগৰ তলত আৱদ্ধ হৈ থকা নিৰ্মাণ কৰ্মীসকলৰ সৈতে কথা পাতিছিল।

ধামীয়ে কোৱা অনুসৰি, নিৰ্মাণকৰ্মীসকলে মুখ্যমন্ত্ৰীক কৈছিল, আমাৰ বিষয়ে চিন্তা নকৰিব। আপোনালোকে সময় লওক আৰু আমাক ইয়াৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ লৈ যাওক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক