--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ ৩ শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে৷ বৰ্তমানেও আবদ্ধ ৪১গৰাকীকৈ শ্ৰমিক৷ এতিয়াও উদ্ধাৰ হোৱা নাই তেওঁলোক৷ এটা গভীৰ সুৰংগত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে শ্ৰমিককেইগৰাকী৷ নিমাত দেশৰ প্ৰধানমন্ত্ৰী, নিমাত গৃহমন্ত্ৰী৷ 

বিশ্বগুৰুৰ দাবী কৰাৰ সময়তে এই দেশত এতিয়াও সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ নাই পৰ্যাপ্ত ব্যৱস্থা৷ নিৰ্মাণকাৰ্যৰ বাবে গভীৰ সুৰংগত প্ৰৱেশ কৰিও এতিয়া অসহায় হৈ পৰিছে ৪১গৰাকী শ্ৰমিক৷ এই দেশৰ ৪১টা জীৱনৰ এই কাতৰতাৰ বাবে দায়ী কোন? উত্তৰ দিবনে কেন্দ্ৰীয় চৰকাৰে?

যুদ্ধগতিত এতিয়াও চলি আছে আবদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান৷ উদ্ধাৰ অভিযানত বাৰে বাৰে আহি পৰিছে বাধা৷ শ্ৰমিককেইজনক উদ্ধাৰ কৰিবলৈ আৰু সময়ৰ প্ৰয়োজন হ’ব৷ যন্ত্ৰৰে সুৰংগ খননৰ কাম ইতিমধ্যে বন্ধ কৰা হৈছে৷ হাতেৰে আঁতৰোৱা হৈছে সুৰংগৰ আৱৰ্জনা৷ খনন যন্ত্ৰৰ সন্মুখত বাৰে বাৰে আহি পৰিছে লোহা আদি৷ যাৰ বাবে জটিলতা আহি পৰিছে উদ্ধাৰ অভিযানত৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শনিবাৰে চিল্কিয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ বৰ্তমানৰ স্থিতি ব্যাখ্যা কৰে৷ কিয়নো ১৪ দিন ধৰি চলি থকা কামটোৱে অন্তিম পৰ্যায়ত হঠাতে জটিলতাৰ সন্মুখীন হৈছিল আৰু অগাৰ মেচিনটো আকৌ এবাৰ বিফল হৈছিল। কাইলৈ পুৱালৈ অগাৰ মেচিনটো ওলাই যাব বুলি আশা কৰা হৈছে আৰু সেই মেনুৱেল খনন আৰম্ভ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ যোৱা ১৩ দিন ধৰি সুৰংগৰ তলত আৱদ্ধ হৈ থকা নিৰ্মাণ কৰ্মীসকলৰ সৈতে কথা পাতিছিল।

ধামীয়ে কোৱা অনুসৰি, নিৰ্মাণকৰ্মীসকলে মুখ্যমন্ত্ৰীক কৈছিল, আমাৰ বিষয়ে চিন্তা নকৰিব। আপোনালোকে সময় লওক আৰু আমাক ইয়াৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ লৈ যাওক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ