--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী মেট্ৰ'ত ভ্ৰমণ কৰা এগৰাকী যুৱতীয়ে এতিয়া কেৱল দিল্লীয়েই নহয়, সমগ্ৰ দেশৰে বতাহ গৰম কৰি তুলিছে। বিশেষকৈ ছ’চিয়েল মিডিয়াত যুৱতীগৰাকীয়ে এক প্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি কৰিছে।   শেহতীয়াকৈ ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত দেখা  গৈছে যে দিল্লী মেট্ৰ'ৰ ভিতৰত যাত্ৰা কৰিছে  এগৰাকী যুৱতীয়ে।

অন্তৰ্বাসৰ বাহিৰে শৰীৰৰ বাকী অংশত তেওঁৰ কাপোৰ বুলিবলৈ  এডাল সূতাও নাই। তেওঁ  ফোনত মগ্ন হৈ আছিল। যদিও সকলোৰে চকু তেওঁৰ ওপৰত আছিল, সেই কথালৈ তেওঁ যেন মনেই দিয়া নাছিল।  ছ'চিয়েল মিডিয়াত স্বল্প বসনা যুৱতীগৰাকীৰ ছবি ভাইৰেল হোৱাৰ পিছতে বহুতে যুৱতীগৰাকীক  'দিল্লীৰ উৰ্ফি' বুলি অভিহিত কৰিছে। অৱশেষত তেওঁৰ পৰিচয় জানিব পৰা গৈছে। তেওঁ  ১৯ বছৰীয়া  ৰিদম চানানা।

ৰিদম পঞ্জাৱৰ ফতেহগড়ৰ চাহিব মহানগৰ অঞ্চলৰ বাসিন্দা।ৰিদমে   বৰ্তমান দিল্লীত বাস কৰে। তেওঁ পঢ়াশুনাৰ বাবে দিল্লীত আছে।  পঢ়াশুনাৰ উপৰি তেওঁ নৃত্যৰ প্ৰশিক্ষণো  লৈ আছে। 
ৰিদমে  নিজকে এগৰাকী ইনষ্টাগ্ৰাম ব্যক্তিক্ত  হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে। তেওঁৰ ইনষ্টা হেণ্ডেলৰ নাম হৈছে 'প্ৰিটি পেষ্ট্ৰী'।


বৰ্তমান হাজাৰ হাজাৰ লোকে ইনষ্টাগ্ৰামত ৰিদমক অনুসৰণ কৰে। তেওঁ নিজে ৫৪০ জন লোকক অনুসৰণ কৰে। তেওঁৰ ছবি ভাইৰেল হোৱাৰ পিছৰে পৰা তেওঁৰ অনুসৰণকাৰীৰ সংখ্যা বাঢ়ি গৈ আছে।
ৰিদমৰ ইনষ্টাগ্ৰামত বহুতো ছবি আৰু ৰিল আছে য'ত তেওঁক কেৱল অন্তৰ্বাসত তেওঁৰ শৰীৰ ঢাকি থকা দেখা গৈছে। মেট্ৰ’ৰ এখন ছবি পোহৰলৈ অহাৰ পিছত ৰিদমৰ বাকী ছবিবোৰো ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

ৰিদমক উৰ্ফিৰ সৈতে তুলনা কৰাৰ যথেষ্ট কাৰণ আছে। উৰ্ফিৰ দৰে, তেওঁ অতি কম কাপোৰ পিন্ধি ভালপায়।
অৱশ্যে, ৰিদমে দাবী কৰিছে যে তেওঁ কোনো প্ৰকাৰে উৰ্ফিৰ দ্বাৰা অনুপ্ৰাণিত নহয়। তেওঁ এয়াও দাবী কৰিছে যে তেওঁ কেইদিনমান আগলৈকে উৰ্ফিক চিনিয়েই পোৱা নাছিল।

ৰিদমে তেওঁৰ ছবি  ভাইৰেল হোৱাত বিশেষ সুখী হোৱা নাই বুলি প্ৰকাশ কৰিছে। তেওঁ কৈছে  যে তেওঁ অতীতত বহুবাৰ এনে কাপোৰ পিন্ধি ৰাস্তাত ঘূৰিছে, কিন্তু তেওঁ কেতিয়াও ভাইৰেল হোৱা নাছিল। ৰিদমে কয় "মোৰ কাপোৰৰ বাবে মই এতিয়ালৈকে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। আৰু আনকি কোনোবাই সমালোচনা কৰিলেও , মই তাত  বেছি মনোযোগ নিদিওঁ। "

ৰিদমে এই বুলিও দাবী কৰিছে যে যিসকলে তেওঁৰ ফটো তুলিছিল আৰু ইয়াক ভাইৰেল কৰিছিল তেওঁলোকে বহুত অন্যায় কৰিছে। তেওঁ কৈছে যে তেওঁ যি বিচাৰে তাকেই পিন্ধি ৰাস্তালৈ ওলাই যাব পাৰে। তাত কাৰোবাৰ কিবা  সমস্যা হৈছে নেকি তাকে লৈ তেওঁ মুঠেও কেৰেপ নকৰে।  ৰিদমে লগতে কৈছে যে এনেদৰে অনুমতি অবিহনে ফটো তোলা আৰু ভাইৰেল কৰাটো অনৈতিক কাৰ্য।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস