--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী মেট্ৰ'ত ভ্ৰমণ কৰা এগৰাকী যুৱতীয়ে এতিয়া কেৱল দিল্লীয়েই নহয়, সমগ্ৰ দেশৰে বতাহ গৰম কৰি তুলিছে। বিশেষকৈ ছ’চিয়েল মিডিয়াত যুৱতীগৰাকীয়ে এক প্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি কৰিছে।   শেহতীয়াকৈ ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত দেখা  গৈছে যে দিল্লী মেট্ৰ'ৰ ভিতৰত যাত্ৰা কৰিছে  এগৰাকী যুৱতীয়ে।

অন্তৰ্বাসৰ বাহিৰে শৰীৰৰ বাকী অংশত তেওঁৰ কাপোৰ বুলিবলৈ  এডাল সূতাও নাই। তেওঁ  ফোনত মগ্ন হৈ আছিল। যদিও সকলোৰে চকু তেওঁৰ ওপৰত আছিল, সেই কথালৈ তেওঁ যেন মনেই দিয়া নাছিল।  ছ'চিয়েল মিডিয়াত স্বল্প বসনা যুৱতীগৰাকীৰ ছবি ভাইৰেল হোৱাৰ পিছতে বহুতে যুৱতীগৰাকীক  'দিল্লীৰ উৰ্ফি' বুলি অভিহিত কৰিছে। অৱশেষত তেওঁৰ পৰিচয় জানিব পৰা গৈছে। তেওঁ  ১৯ বছৰীয়া  ৰিদম চানানা।

ৰিদম পঞ্জাৱৰ ফতেহগড়ৰ চাহিব মহানগৰ অঞ্চলৰ বাসিন্দা।ৰিদমে   বৰ্তমান দিল্লীত বাস কৰে। তেওঁ পঢ়াশুনাৰ বাবে দিল্লীত আছে।  পঢ়াশুনাৰ উপৰি তেওঁ নৃত্যৰ প্ৰশিক্ষণো  লৈ আছে। 
ৰিদমে  নিজকে এগৰাকী ইনষ্টাগ্ৰাম ব্যক্তিক্ত  হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে। তেওঁৰ ইনষ্টা হেণ্ডেলৰ নাম হৈছে 'প্ৰিটি পেষ্ট্ৰী'।


বৰ্তমান হাজাৰ হাজাৰ লোকে ইনষ্টাগ্ৰামত ৰিদমক অনুসৰণ কৰে। তেওঁ নিজে ৫৪০ জন লোকক অনুসৰণ কৰে। তেওঁৰ ছবি ভাইৰেল হোৱাৰ পিছৰে পৰা তেওঁৰ অনুসৰণকাৰীৰ সংখ্যা বাঢ়ি গৈ আছে।
ৰিদমৰ ইনষ্টাগ্ৰামত বহুতো ছবি আৰু ৰিল আছে য'ত তেওঁক কেৱল অন্তৰ্বাসত তেওঁৰ শৰীৰ ঢাকি থকা দেখা গৈছে। মেট্ৰ’ৰ এখন ছবি পোহৰলৈ অহাৰ পিছত ৰিদমৰ বাকী ছবিবোৰো ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

ৰিদমক উৰ্ফিৰ সৈতে তুলনা কৰাৰ যথেষ্ট কাৰণ আছে। উৰ্ফিৰ দৰে, তেওঁ অতি কম কাপোৰ পিন্ধি ভালপায়।
অৱশ্যে, ৰিদমে দাবী কৰিছে যে তেওঁ কোনো প্ৰকাৰে উৰ্ফিৰ দ্বাৰা অনুপ্ৰাণিত নহয়। তেওঁ এয়াও দাবী কৰিছে যে তেওঁ কেইদিনমান আগলৈকে উৰ্ফিক চিনিয়েই পোৱা নাছিল।

ৰিদমে তেওঁৰ ছবি  ভাইৰেল হোৱাত বিশেষ সুখী হোৱা নাই বুলি প্ৰকাশ কৰিছে। তেওঁ কৈছে  যে তেওঁ অতীতত বহুবাৰ এনে কাপোৰ পিন্ধি ৰাস্তাত ঘূৰিছে, কিন্তু তেওঁ কেতিয়াও ভাইৰেল হোৱা নাছিল। ৰিদমে কয় "মোৰ কাপোৰৰ বাবে মই এতিয়ালৈকে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। আৰু আনকি কোনোবাই সমালোচনা কৰিলেও , মই তাত  বেছি মনোযোগ নিদিওঁ। "

ৰিদমে এই বুলিও দাবী কৰিছে যে যিসকলে তেওঁৰ ফটো তুলিছিল আৰু ইয়াক ভাইৰেল কৰিছিল তেওঁলোকে বহুত অন্যায় কৰিছে। তেওঁ কৈছে যে তেওঁ যি বিচাৰে তাকেই পিন্ধি ৰাস্তালৈ ওলাই যাব পাৰে। তাত কাৰোবাৰ কিবা  সমস্যা হৈছে নেকি তাকে লৈ তেওঁ মুঠেও কেৰেপ নকৰে।  ৰিদমে লগতে কৈছে যে এনেদৰে অনুমতি অবিহনে ফটো তোলা আৰু ভাইৰেল কৰাটো অনৈতিক কাৰ্য।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত