--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু শাস্ত্ৰত সপ্তাহৰ প্ৰতিটো দিন বেলেগ বেলেগ ভগৱানৰ নামত উচৰ্গিত৷ সোমবাৰত শিৱৰ ব্ৰত ৰখা হয়, তেনেদৰে মঙলবাৰে হনুমানৰ, বুধবাৰে গণেশৰ, বৃহস্পতিবাৰে বিষ্ণুৰ, শুকুৰবাৰে লক্ষ্মীৰ, শনিবাৰে হনুমান, শনি দেৱতাৰ আৰু দেওবাৰে সূৰ্য দেৱতাৰ ব্ৰত ৰখা হয়। 

এনেদৰে বেলেগ বেলেগ দিনত বেলেগ বেলেগ দেৱতাৰ ব্ৰত ৰখা হয় আৰু উপবাসে থাকি ভগৱানক সন্তুষ্ট কৰিব পাৰি বুলি আমাৰ পুৰাণসমূহে কৈ গৈছে। ভগৱানক সন্তুষ্ট কৰিবলৈ উপবাসে থকাটো সকলোতকৈ ভাল উপায় বুলি ধৰা হয়। আপোনাৰ কষ্ট ভক্তি আৰু শ্ৰদ্ধা দেখিলে ভগৱ‍ানে আপোনাৰ মনোকামনা পূৰ্ণ কৰে। 

উপবাসৰ কথা আহিলে সমগ্ৰ ভাৰতত সোমবাৰেই ব্ৰতত ৰখা লোকৰ সংখ্যাই অধিক। হিন্দু ধৰ্মত সোমবাৰৰ দিনটো শিৱ দেৱতাক সমৰ্পন কৰা হৈছে। সেয়ে বহুলোকে সোমবাৰৰ দিনটোত শিৱৰ ব্ৰত ৰাখে। কিন্তু আজি আপোনালোকক ক'ম শিৱৰ ব্ৰত ৰখা মানে দিনটোত এবাৰ বা দুবাৰ খাদ্য নোখোৱাটোৱেই নহয়, ইয়াৰ কিছুমান নীতি-নিয়ম আছে যিবোৰ আপুনি পালন কৰাতো প্ৰয়োজন। 

যিসকল ব্যক্তিয়ে এই নিয়মসমূহ পালন নকৰে তেওঁলোকৰ সোমবাৰৰ ব্ৰতটো অথলে যায়৷ লগতে এইটোও বিশ্বাস কৰা হয় যে নিয়ম নমনা লোকসকলে শিৱৰ প্ৰকোপ সহ্য কৰিব লগাব হ'ব পাৰে। যদি আপুনিও শিৱৰ পূজা কৰে, সোমবাৰে ব্ৰত ৰাখে তেতিয়া হ'লে ভুলতো এইসমূহ ভুল নকৰিব।


১.সোমবাৰৰ দিনা গুৰু আহাৰ নাখায় বুলি সকলোৱে জানে। কিন্তু ব্ৰতৰ সময়ছোৱাত ফলাহাৰ গ্ৰহণ কৰোঁতে অজানিতে নিমখৰ ব্যৱহাৰ হয়। আপোনাৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে সোমবাৰে ব্ৰতত থকা সময়খিনিত আৰু দিনটোত আপুনি ভুলতো নিমখ খাব নালাগে। যদি আপুনি সেই দিনটোত সন্ধিয়া এবাৰ খাদ্য খায় সেই খাদ্যও নিমখবিহীন হ'ব লাগে। যদি নিমখৰ আপোনাৰ অত্যন্ত প্ৰয়োজন হয় তেতিয়া আপুনি সন্ধ্যা নিমখৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু নিমখ আপুনি ভুলতো ব্যৱহাৰ নকৰিব।

২. সোমবাৰৰ দিনটোত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰিব লাগে। যদি আপুনি বিবাহিতও হয় তেতিয়াও ভুলতো আপুনি সোমবাৰৰ দিনটোত সম্পৰ্ক কৰিব নালাগে; নহ'লে আপুনি ৰখা উপবাস অথলে যায়। অন্যথা শিৱৰ প্ৰকোপ সহ্য কৰিব লগা হয়। কিয়নো যি কোনো ব্ৰত ৰখাৰ সময়ত ব্ৰহ্মচাৰী ধৰ্ম পালন কৰাতোঁ বহুত অনিবাৰ্য বুলি ধৰা হয়।

৩. কোনো জ্যেষ্ঠজনক অপমান কৰিব নালাগে। ঘৰৰ প্ৰতিজন জ্যেষ্ঠ ব্যক্তিৰ লগতে যদি আপুনি স্কুললৈ যায় তেতিয়া হ'লে শিক্ষকসকলক, যদি আপুনি অফিচলৈ যায় তেতিয়া আপোনাৰ জ্যেষ্ঠ সহকৰ্মীসকলক সেই দিনা অপমান কৰিব নালাগে, লাগিলে কিবা কথাত তেওঁলোকে আপোনাক টানকৈয়ে কওক কিন্তু আপুনি ব্ৰতত থকা সময়খিনিত আপোনাৰ জীৱনত লগত পোৱা আপোনাতকৈ জ্যেষ্ঠজনক অপমান কৰিব নালাগে। যদি ব্ৰতৰ সময়খিনিত আপুনি কাৰোবাৰ লগত কাজিয়া কৰে বা কাৰোবাৰ লগত মনোমালিন্য হয় তেতিয়া আপুনি কৰা ব্ৰতৰ কোনো ফল নধৰে।

৪. সোমবাৰৰ দিনা কোনো ধৰণৰ হিংসামূলক কাম আপুনি নকৰিব। সোমবাৰৰ দিনা যিকোনো জীৱ-জন্তুক বধ কৰা আদি কাম কৰিব নালাগে। সোমবাৰৰ দিনা কোনো জীৱক বধ কৰি ভক্ষণ কৰিব নালাগে, সোমবাৰৰ দিনা আমিষ খাব নালাগে।

৫. সোমবাৰৰ দিনা আপুনি কাৰো প্ৰতি অপশব্দ প্ৰয়োগ কৰিব নালাগে। সেইদিনা কাকো অন্তৰত  আঘাত পোৱাকৈ কোনো কথা ক'ব নালাগে। এনে কৰিলে ভগৱান শিৱৰ প্ৰকোপ আপুনি সহ্য কৰিব লগা হ'ব পাৰে।

৬. উপবাসৰ দিনা শিৱক দুবাৰকৈ আৰাধনা কৰিব লাগে। যদি নোৱাৰে তেতিয়া সন্ধিয়া সময়খিনিত শিৱৰ আৰাধনা কৰিব লাগে আৰু শিৱলৈ ধূপ-চাকি-নৈবেদ্য আগবঢ়াব লাগে। উপবাসৰ দিনা শিৱলিংগত অলপ জল ঢালিব লাগে আৰু কেঁচা গাখীৰ আৰু পঞ্চামৃত দি অভিষেক কৰিব লাগে। যিকোনো ফল শিৱলৈ আগবঢ়াওক। এনেদৰে সোমবাৰৰ দিনা শিৱপূজা কৰিব লাগে। যদি পাৰে সোমবাৰৰ দিনা শিৱ মন্দিৰলৈ গৈ এটা নাৰিকল শিৱৰ চৰণত উচৰ্গা কৰক।

৭. কিছুমান মানুহৰ মিছা কথা কোৱা আৰু নিন্দা কৰাৰ অভ্যাস থাকে এইসমূহ পৰিহাৰ কৰক অন্যথা ভগৱান শিৱৰ প্ৰকোপ আপোনাৰ ওপৰত পৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক