--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। বহুতে সোমবাৰে ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰতো ৰাখে। এনে কৰিলে ভগৱান শিৱই তেওঁৰ ভক্তসকলৰ আকাংক্ষিত মনৰ কামনা পূৰণ কৰে। সোমবাৰৰ দিনটোত কি উপায় গ্ৰহণ কৰিলে ভগৱান শিৱ সহজে সন্তুষ্ট হয় জানি লওক। সোমবাৰে শুদ্ধ অন্তৰেৰে শিৱক আৰাধানা কৰিলে ভক্তৰ জীৱনৰ দুখ, স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰু আৰ্থিক বাধাৰ দৰে সমস্যাৰ অন্ত পৰে। 

সোমবাৰৰ প্ৰতিকাৰ

সোমবাৰে পুৱা সোনকালে স্নান কৰি পূজা কৰাৰ পিছত ১০৮ বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। সোমবাৰে পুৱা শিৱ মন্দিৰলৈ গৈ শিৱলিংগত গাখীৰ ঢালিব লাগে আৰু একে সময়তে ‘ঔম নমঃ শিৱায়’ জপ কৰি থাকিব লাগে। ইয়াৰ বাহিৰেও সোমবাৰে পূজাত বেলপাত, নভঙা চাউল ব্যৱহাৰ কৰিব লাগে। পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব লাগে। যিসকল লোকৰ বিবাহত বাধা আহিছে তেওঁলোকে সোমবাৰে ৰাতিপুৱাই সাৰ পাই স্নান কৰি ভগৱান শিৱক পূজা কৰিব লাগে।

সোমবাৰে কেতিয়াও ক’লা কাপোৰ পিন্ধি ভগৱান শিৱক পূজা নকৰিব। সোমবাৰে পিঁয়াজ, নহৰু, মাছ, মাংস, কণী খাব নালাগে। যদি আপুনি সোমবাৰে ব্ৰতত থাকে তেন্তে এই দিনটোত কোনো ভুল কাম নকৰিবলৈ চেষ্টা কৰক। কাকো খং নকৰিব। 

ভগৱান শিৱৰ পূজাত তুলসী ব্যৱহাৰ কৰিব নালাগে। নাৰিকল অৰ্পণ কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে শিৱক নাৰিকল অৰ্পণ কৰাটো শুভ। কিন্তু কেতিয়াও নাৰিকলৰ পানী আগবঢ়াব নালাগে। ভগৱান শিৱক পূজা কৰা দিনা আপুনি সেউজীয়া, ৰঙা, বগা, কমলা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। এনে উপায় অৱলম্বন কৰি সহজতে শিৱক সন্তুষ্ট কৰিব পাৰি। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ