--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু বিশ্বাস অনুসৰি সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হয়। বহুতে সোমবাৰে ভগৱান শিৱক পূজা কৰে আৰু লগতে ব্ৰতো ৰাখে। এনে কৰিলে ভগৱান শিৱই তেওঁৰ ভক্তসকলৰ আকাংক্ষিত মনৰ কামনা পূৰণ কৰে। সোমবাৰৰ দিনটোত কি উপায় গ্ৰহণ কৰিলে ভগৱান শিৱ সহজে সন্তুষ্ট হয় জানি লওক। সোমবাৰে শুদ্ধ অন্তৰেৰে শিৱক আৰাধানা কৰিলে ভক্তৰ জীৱনৰ দুখ, স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰু আৰ্থিক বাধাৰ দৰে সমস্যাৰ অন্ত পৰে। 

সোমবাৰৰ প্ৰতিকাৰ

সোমবাৰে পুৱা সোনকালে স্নান কৰি পূজা কৰাৰ পিছত ১০৮ বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। সোমবাৰে পুৱা শিৱ মন্দিৰলৈ গৈ শিৱলিংগত গাখীৰ ঢালিব লাগে আৰু একে সময়তে ‘ঔম নমঃ শিৱায়’ জপ কৰি থাকিব লাগে। ইয়াৰ বাহিৰেও সোমবাৰে পূজাত বেলপাত, নভঙা চাউল ব্যৱহাৰ কৰিব লাগে। পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব লাগে। যিসকল লোকৰ বিবাহত বাধা আহিছে তেওঁলোকে সোমবাৰে ৰাতিপুৱাই সাৰ পাই স্নান কৰি ভগৱান শিৱক পূজা কৰিব লাগে।

সোমবাৰে কেতিয়াও ক’লা কাপোৰ পিন্ধি ভগৱান শিৱক পূজা নকৰিব। সোমবাৰে পিঁয়াজ, নহৰু, মাছ, মাংস, কণী খাব নালাগে। যদি আপুনি সোমবাৰে ব্ৰতত থাকে তেন্তে এই দিনটোত কোনো ভুল কাম নকৰিবলৈ চেষ্টা কৰক। কাকো খং নকৰিব। 

ভগৱান শিৱৰ পূজাত তুলসী ব্যৱহাৰ কৰিব নালাগে। নাৰিকল অৰ্পণ কৰাৰ সময়ত এটা কথা মনত ৰাখিব যে শিৱক নাৰিকল অৰ্পণ কৰাটো শুভ। কিন্তু কেতিয়াও নাৰিকলৰ পানী আগবঢ়াব নালাগে। ভগৱান শিৱক পূজা কৰা দিনা আপুনি সেউজীয়া, ৰঙা, বগা, কমলা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। এনে উপায় অৱলম্বন কৰি সহজতে শিৱক সন্তুষ্ট কৰিব পাৰি। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু