--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে বতৰ দ্ৰুতগতিত সলনি হৈছে। ঋতু পৰিৱৰ্তনৰ লগে লগে ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়, বিগত সময়ছোৱাত বহু ৰাজ্যত হোৱা বৰষুণৰ ফলত বহু লোকৰে চৰ্দি, জ্বৰ আৰু ডিঙিৰ সমস্যাৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে বতৰৰ পৰিৱৰ্তনৰ ফলত যিকোনো ব্যক্তিয়েই চৰ্দি আৰু ডিঙিৰ সংক্ৰমণৰ আশংকাত ভুগিব পাৰে। কিন্তু শিশু আৰু বৃদ্ধসকলৰ এনে সমস্যাৰ আটাইতকৈ বেছি হোৱা আশংকাই থাকে, এনে লোকসকলক পৰিৱৰ্তিত বতৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। আনহাতে, চৰ্দি আৰু ডিঙিৰ বিষৰ সমস্যা থাকিলেও তাৰ বাবে প্ৰতিবাৰেই ঔষধৰ প্ৰয়োজন নহয়, কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰিলেও উপশম পোৱা যায়। এনে কিছুমান সহজ উপায়ৰ বিষয়ে জানি লওক, যিবোৰ ব্যৱহাৰ কৰি আপুনি ঔষধ অবিহনেও এনে সমস্যাৰ পৰা সকাহ পাব পাৰে।

 গৰম পানী ভাপ-

পৰিৱৰ্তিত ঋতুৰ লগত সংক্ৰমণৰ বাবেই নাক বন্ধ হোৱাৰ সমস্যাটো বেছিকৈ দেখা যায়। ইয়াৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি পদিনা পাতৰ সৈতে ভাপ ল’লে বা ডিঙিৰ সমস্যা, নাক বন্ধ হোৱাত আজৱাইন গ্ৰহণ কৰিলে উপকাৰী ফল পাব। ডিঙিৰ বিষৰ সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰাতো এই ঘৰুৱা পদ্ধতি অতি উত্তম।

 লং আৰু মৌ-

শুকান কাহ, ডিঙিৰ বিষ আদি সমস্যা কমোৱাৰ বাবে লঙৰ গুড়ি আৰু মৌ মিহলাই খালে উপকাৰ পাব। কাহ বা ডিঙিৰ বিষ হ’লে দিনটোত ২-৩বাৰ খাব পাৰি। ডিঙিৰ সংক্ৰমণ হ্ৰাস কৰাত লং সহায়ক আৰু মৌৱে ডিঙিৰ বিষ কমোৱাত সহায় কৰে। ঠাণ্ডা সময়ত এই প্ৰতিকাৰৰ দ্বাৰা উপশম পোৱা যায়।

 নিমখীয়া পানীৰে গাৰ্গল কৰক-

চৰ্দি আৰু ডিঙিৰ বিষ কমাবলৈ নিমখীয়া পানীৰে গাৰ্গল কৰিলে উপকাৰ পোৱা যায়। এগিলাচ পানীত ১ চামুচ নিমখ দি ৫ মিনিটৰ বাবে উতলাই লৈ উষ্ণতা স্বাভাৱিক হ’লে গাৰ্গলিং কৰিব পাৰে। আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ দিনে ৩-৪বাৰকৈ গাৰ্গল কৰাটো বাঞ্ছনীয়। গাৰ্গলৰ সৈতে কুহুমীয়া পানী সেৱন কৰাটোও এটা উপকাৰী উপায়।

 তুলসীৰ ৰস সেৱন কৰক-

তুলসী হৈছে অন্যতম উত্তম এন্টিভাইৰেল বনৌষধি যি কাহ, চৰ্দি আৰু ডিঙিৰ বিষত অতি ফলপ্ৰসূ বুলি জনা যায়। ৪-৫টা তুলসী পাত কিছু সময় পানীত উতলাই খালেও উপকাৰ পাব। ইচ্ছা কৰিলে তাত মৌ, আদা মিহলাই দিব পাৰে। তুলসীৰ ৰসত ক’লা জলকীয়া, আদা, লং, দালচেনি মিহলাই সেৱন কৰিলে এনে সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পোৱা যায়। ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু