--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে বতৰ দ্ৰুতগতিত সলনি হৈছে। ঋতু পৰিৱৰ্তনৰ লগে লগে ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়, বিগত সময়ছোৱাত বহু ৰাজ্যত হোৱা বৰষুণৰ ফলত বহু লোকৰে চৰ্দি, জ্বৰ আৰু ডিঙিৰ সমস্যাৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে বতৰৰ পৰিৱৰ্তনৰ ফলত যিকোনো ব্যক্তিয়েই চৰ্দি আৰু ডিঙিৰ সংক্ৰমণৰ আশংকাত ভুগিব পাৰে। কিন্তু শিশু আৰু বৃদ্ধসকলৰ এনে সমস্যাৰ আটাইতকৈ বেছি হোৱা আশংকাই থাকে, এনে লোকসকলক পৰিৱৰ্তিত বতৰত বিশেষ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। আনহাতে, চৰ্দি আৰু ডিঙিৰ বিষৰ সমস্যা থাকিলেও তাৰ বাবে প্ৰতিবাৰেই ঔষধৰ প্ৰয়োজন নহয়, কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰিলেও উপশম পোৱা যায়। এনে কিছুমান সহজ উপায়ৰ বিষয়ে জানি লওক, যিবোৰ ব্যৱহাৰ কৰি আপুনি ঔষধ অবিহনেও এনে সমস্যাৰ পৰা সকাহ পাব পাৰে।

 গৰম পানী ভাপ-

পৰিৱৰ্তিত ঋতুৰ লগত সংক্ৰমণৰ বাবেই নাক বন্ধ হোৱাৰ সমস্যাটো বেছিকৈ দেখা যায়। ইয়াৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি পদিনা পাতৰ সৈতে ভাপ ল’লে বা ডিঙিৰ সমস্যা, নাক বন্ধ হোৱাত আজৱাইন গ্ৰহণ কৰিলে উপকাৰী ফল পাব। ডিঙিৰ বিষৰ সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰাতো এই ঘৰুৱা পদ্ধতি অতি উত্তম।

 লং আৰু মৌ-

শুকান কাহ, ডিঙিৰ বিষ আদি সমস্যা কমোৱাৰ বাবে লঙৰ গুড়ি আৰু মৌ মিহলাই খালে উপকাৰ পাব। কাহ বা ডিঙিৰ বিষ হ’লে দিনটোত ২-৩বাৰ খাব পাৰি। ডিঙিৰ সংক্ৰমণ হ্ৰাস কৰাত লং সহায়ক আৰু মৌৱে ডিঙিৰ বিষ কমোৱাত সহায় কৰে। ঠাণ্ডা সময়ত এই প্ৰতিকাৰৰ দ্বাৰা উপশম পোৱা যায়।

 নিমখীয়া পানীৰে গাৰ্গল কৰক-

চৰ্দি আৰু ডিঙিৰ বিষ কমাবলৈ নিমখীয়া পানীৰে গাৰ্গল কৰিলে উপকাৰ পোৱা যায়। এগিলাচ পানীত ১ চামুচ নিমখ দি ৫ মিনিটৰ বাবে উতলাই লৈ উষ্ণতা স্বাভাৱিক হ’লে গাৰ্গলিং কৰিব পাৰে। আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ দিনে ৩-৪বাৰকৈ গাৰ্গল কৰাটো বাঞ্ছনীয়। গাৰ্গলৰ সৈতে কুহুমীয়া পানী সেৱন কৰাটোও এটা উপকাৰী উপায়।

 তুলসীৰ ৰস সেৱন কৰক-

তুলসী হৈছে অন্যতম উত্তম এন্টিভাইৰেল বনৌষধি যি কাহ, চৰ্দি আৰু ডিঙিৰ বিষত অতি ফলপ্ৰসূ বুলি জনা যায়। ৪-৫টা তুলসী পাত কিছু সময় পানীত উতলাই খালেও উপকাৰ পাব। ইচ্ছা কৰিলে তাত মৌ, আদা মিহলাই দিব পাৰে। তুলসীৰ ৰসত ক’লা জলকীয়া, আদা, লং, দালচেনি মিহলাই সেৱন কৰিলে এনে সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পোৱা যায়। ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement