--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে আমি শুই থকাৰ সময়ত আৰামদায়ক ভংগীমাত শুবলৈ পছন্দ কৰো, কিন্তু আপুনি জানেনে যে টোপনিৰ ভংগীমাই আমাৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে? এই লেখাটোত আমি বিভিন্ন টোপনিৰ অৱস্থা, ইয়াৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে জানিম।

এই তথ্যই আপোনাক আপোনাৰ টোপনিৰ ভংগীমা বুজিবলৈ সহায় কৰিব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে আটাইতকৈ উপযুক্ত ভংগীমা বাছি লোৱাত সহায় হ’ব, যাতে আপুনি ৰাতি ভালদৰে শুব পাৰে আৰু দিনত অধিক শক্তিশালী অনুভৱ কৰিব পাৰে।

১) বাওঁফালঃ গৰ্ভৱতী মহিলা আৰু হাৰ্টবাৰ্ণ, গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স বা অন্ত্ৰৰ ৰোগত আক্ৰান্ত লোকৰ বাবে এই ভংগীমা সৰ্বোত্তম।

২) সোঁফালঃ হৃদৰোগীয়ে হৃদযন্ত্ৰৰ ওপৰত চাপ কম কৰিবলৈ সোঁফালে শুব লাগে।

৩) পিঠিত বল দিঃ এই ভংগীমাৰ ফলত স্লিপ এপনিয়া হ’ব পাৰে, য’ত উশাহ-নিশাহ বন্ধ হৈ পৰে। এই ৰোগে ডায়েবেটিছ আৰু মেদবহুলতাৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

৪) পেটত বল দিঃ এনে অৱস্থাত শুলে ডিঙি আৰু কঁকালৰ বিষ, মেৰুদণ্ড বেঁকা হোৱা আৰু মুখৰ বলিৰেখা হ’ব পাৰে।

ভাল টোপনিৰ বাবে টিপছ

আপোনাৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি উপযুক্ত ভংগীমা বাছি লওক। পেটত বল দি শোৱাসকলে গাৰু ব্যৱহাৰ কৰিব নালাগে।, পিঠিত বল দি শোৱাসকলে থকাসকলে আঁঠুৰ তলত গাৰু লগাব লাগে। আপোনাৰ বিচনাখন আৰামদায়ক কৰি লওক। প্ৰতি নিশা একে সময়তে শুবলৈ আৰু সাৰ পাবলৈ চেষ্টা কৰক। শোৱাৰ আগতে মানসিক চাপ হ্ৰাস কৰা কামবোৰ কৰক। শোৱাৰ আগতে আগতে মদ আৰু কেফেইন সেৱন নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু