--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে আমি শুই থকাৰ সময়ত আৰামদায়ক ভংগীমাত শুবলৈ পছন্দ কৰো, কিন্তু আপুনি জানেনে যে টোপনিৰ ভংগীমাই আমাৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে? এই লেখাটোত আমি বিভিন্ন টোপনিৰ অৱস্থা, ইয়াৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে জানিম।

এই তথ্যই আপোনাক আপোনাৰ টোপনিৰ ভংগীমা বুজিবলৈ সহায় কৰিব পাৰে আৰু আপোনাৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে আটাইতকৈ উপযুক্ত ভংগীমা বাছি লোৱাত সহায় হ’ব, যাতে আপুনি ৰাতি ভালদৰে শুব পাৰে আৰু দিনত অধিক শক্তিশালী অনুভৱ কৰিব পাৰে।

১) বাওঁফালঃ গৰ্ভৱতী মহিলা আৰু হাৰ্টবাৰ্ণ, গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স বা অন্ত্ৰৰ ৰোগত আক্ৰান্ত লোকৰ বাবে এই ভংগীমা সৰ্বোত্তম।

২) সোঁফালঃ হৃদৰোগীয়ে হৃদযন্ত্ৰৰ ওপৰত চাপ কম কৰিবলৈ সোঁফালে শুব লাগে।

৩) পিঠিত বল দিঃ এই ভংগীমাৰ ফলত স্লিপ এপনিয়া হ’ব পাৰে, য’ত উশাহ-নিশাহ বন্ধ হৈ পৰে। এই ৰোগে ডায়েবেটিছ আৰু মেদবহুলতাৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

৪) পেটত বল দিঃ এনে অৱস্থাত শুলে ডিঙি আৰু কঁকালৰ বিষ, মেৰুদণ্ড বেঁকা হোৱা আৰু মুখৰ বলিৰেখা হ’ব পাৰে।

ভাল টোপনিৰ বাবে টিপছ

আপোনাৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি উপযুক্ত ভংগীমা বাছি লওক। পেটত বল দি শোৱাসকলে গাৰু ব্যৱহাৰ কৰিব নালাগে।, পিঠিত বল দি শোৱাসকলে থকাসকলে আঁঠুৰ তলত গাৰু লগাব লাগে। আপোনাৰ বিচনাখন আৰামদায়ক কৰি লওক। প্ৰতি নিশা একে সময়তে শুবলৈ আৰু সাৰ পাবলৈ চেষ্টা কৰক। শোৱাৰ আগতে মানসিক চাপ হ্ৰাস কৰা কামবোৰ কৰক। শোৱাৰ আগতে আগতে মদ আৰু কেফেইন সেৱন নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ