--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত পুনৰ এক আলোড়নৰ সৃষ্টি কৰি আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দাখিল কৰিলে মনোনয়ন-পত্ৰ৷ মনোনয়ন-পত্ৰ প্ৰদানৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাসহ কেইবাজনো মন্ত্ৰীয়ে৷

মনোনয়ন-পত্ৰ প্ৰদানৰ সময়ত সৰ্বানন্দ সোণোৱাল

সোণোৱালৰ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, প্ৰমোদ বড়োসহ মিত্ৰদলৰ নেতৃত্বও৷ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ প্ৰায় সম্ভাৱনা থকা সোণোৱালে মনোনয়নৰ সময়ত অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে৷ বহু চৰ্চিত মাজুলী বিষয়টোক লৈ সোণোৱালে “মাজুলীৰ সম্পৰ্কত সময়ত দলে সিদ্ধান্ত ল’ব”- বুলিও মতপোষণ কৰে৷

মনোনয়ন-পত্ৰ প্ৰদানৰ সময়ত সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে, ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত বিজেপিয়ে সোণোৱালক প্রার্থিত্ব দিছে৷ বৰ্তমানৰ সাংসদ বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ হিচাপে অসম বিধানসভালৈ নিৰ্বাচন কৰাৰ পাছত উচ্চ সদনৰ আসনখন খালী হৈ পৰিছিল। সেই আসনৰ বাবে সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰতিদ্বন্দিতাত নামিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ