--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘থানাৰ পৰা লৈ গৈ দুজন যুৱকক নিশংসভাৱে হত্যা কৰাৰ কাৰ্যক গৰিহণা দিছো, ই এক ঘোৰ অন্যায়!’ - বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই৷ তেওঁ লগতে কয় যে, ‘আমি প্ৰথম যেতিয়া আন্দোলন কৰিছিলো৷ তেতিয়াও চৰকাৰে এইধৰণৰ কাম কৰিছিল৷আকৌ তেনেধৰণৰ হত্যাকাণ্ড চৰকাৰে আৰম্ভ কৰিছে৷’ আমাৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, ‘যদি সংগঠনৰ ল’ৰা হয়, তেতিয়াহ’লে বেলেগ কথা৷ কিন্তু কোনোধৰণৰ প্ৰমাণ নোহোৱাকৈ কৰা এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছো৷’ মৃত্যু হোৱাৰ পূৰ্বে যুৱকদুজনৰ পৰা কোনোধৰণৰ বিবৃতি নোলোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷

Photo credit : Internet

উল্লেখ্য যে, বিগত ১৭ ছেপ্টেম্বৰৰ নিশা কোকৰাঝাৰ আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল দুগৰাকী ইউ এল বি সদস্য বুলি চিনাক্ত কৰা দুজন যুৱক৷ যুৱক দুজন ক্ৰমে টিপকাইৰ জনক ব্ৰহ্ম আৰু পাতগাঁৱৰ জৌংসাৰ মুছাহাৰী বুলি জানিবলৈ পৰা গৈছিল। ১৮ ছেপ্টেম্বৰত এই সন্দৰ্ভত কোকৰঝাৰৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সংবাদ মেলযোগে সংঘৰ্ষৰ সবিশেষ বৰ্ণনা কৰিছিল। কিন্তু আৰক্ষীৰ দাবীৰ বিপৰীতে জৌংসাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে আগবঢ়ায় অন্য ভাষ্য। কোলাত পোন্ধৰ দিনীয়া সন্তান লৈ তেওঁৰ পত্নীয়ে কান্দি কান্দি সাংবাদিকৰ সন্মুখত কয় যে, ‘জৌংসাৰ ইউ এল বি সদস্য নহয় ।’ আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰে বিটিচি৷

জৌংসাৰ মুছাহাৰী ৰ পত্নী

আমাৰ সাংবাদিকৰে প্ৰমিলা ৰাণী বহ্মৰ লগত হোৱা কথোপকথনত থানাৰ পৰা তেনেকৈ লৈ গৈ হত্যা কৰা কাণ্ডক অন্যায় বুলি নকৈ কি বুলি ক'ব বুলিব মন্তব্য কৰে প্ৰমিলাই৷ এই বিষয়ত তদন্ত কৰিবলৈও চৰকাৰক অনুৰোধ জনায় তেওঁ৷ ব্ৰহ্মৰ মতে, মৃত যুৱক দুজন সেইদিনাখন দুৰ্ঘটনাত পতিত হৈছিল৷ দুৰ্ঘটনাৰ ফলত জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী বেয়াকৈ আঘাটপাপ্ত হৈছিল৷ যাৰফলত আফলাগাঁৱৰ ৰাইজে আৰক্ষী চকীত অৱগত কৰিছিল৷ আৰু আৰক্ষীয়ে তাৰপাছত যুৱক দুজনক ভূৱা এনকাউণ্টাৰ কৰে৷ এই কথা আফলাগাঁৱৰ ৰাইজে ভুলতো কল্পনা কৰিব পৰা নাই বুলিও মন্তব্য কৰে তেওঁ৷ এই ঘটনাটোক ব্ৰহ্মই ঘোৰ অন্যায় বুলি কোৱাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণাও দিয়ে৷ আৰক্ষী বিষয়াজনৰ ওপৰত উচিত তদন্তও ল'বলৈ চৰকাৰক অনুৰোধ জনায় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ আনহাতে বিটিচিত নতুন স-শস্ত্ৰ সংগঠন গঠন কৰাক লৈ অৱগত নহয় প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম৷ টেলিভিছনৰ জৰিয়তে হে এই সংগঠনৰ বিষয়ে জানিবলৈ পাইছে বুলিও মন্তব্য কৰে প্ৰমিলাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ