--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘থানাৰ পৰা লৈ গৈ দুজন যুৱকক নিশংসভাৱে হত্যা কৰাৰ কাৰ্যক গৰিহণা দিছো, ই এক ঘোৰ অন্যায়!’ - বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই৷ তেওঁ লগতে কয় যে, ‘আমি প্ৰথম যেতিয়া আন্দোলন কৰিছিলো৷ তেতিয়াও চৰকাৰে এইধৰণৰ কাম কৰিছিল৷আকৌ তেনেধৰণৰ হত্যাকাণ্ড চৰকাৰে আৰম্ভ কৰিছে৷’ আমাৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, ‘যদি সংগঠনৰ ল’ৰা হয়, তেতিয়াহ’লে বেলেগ কথা৷ কিন্তু কোনোধৰণৰ প্ৰমাণ নোহোৱাকৈ কৰা এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছো৷’ মৃত্যু হোৱাৰ পূৰ্বে যুৱকদুজনৰ পৰা কোনোধৰণৰ বিবৃতি নোলোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷

Photo credit : Internet

উল্লেখ্য যে, বিগত ১৭ ছেপ্টেম্বৰৰ নিশা কোকৰাঝাৰ আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল দুগৰাকী ইউ এল বি সদস্য বুলি চিনাক্ত কৰা দুজন যুৱক৷ যুৱক দুজন ক্ৰমে টিপকাইৰ জনক ব্ৰহ্ম আৰু পাতগাঁৱৰ জৌংসাৰ মুছাহাৰী বুলি জানিবলৈ পৰা গৈছিল। ১৮ ছেপ্টেম্বৰত এই সন্দৰ্ভত কোকৰঝাৰৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সংবাদ মেলযোগে সংঘৰ্ষৰ সবিশেষ বৰ্ণনা কৰিছিল। কিন্তু আৰক্ষীৰ দাবীৰ বিপৰীতে জৌংসাৰ মুছাহাৰীৰ পৰিয়ালৰ লোকে আগবঢ়ায় অন্য ভাষ্য। কোলাত পোন্ধৰ দিনীয়া সন্তান লৈ তেওঁৰ পত্নীয়ে কান্দি কান্দি সাংবাদিকৰ সন্মুখত কয় যে, ‘জৌংসাৰ ইউ এল বি সদস্য নহয় ।’ আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰে বিটিচি৷

জৌংসাৰ মুছাহাৰী ৰ পত্নী

আমাৰ সাংবাদিকৰে প্ৰমিলা ৰাণী বহ্মৰ লগত হোৱা কথোপকথনত থানাৰ পৰা তেনেকৈ লৈ গৈ হত্যা কৰা কাণ্ডক অন্যায় বুলি নকৈ কি বুলি ক'ব বুলিব মন্তব্য কৰে প্ৰমিলাই৷ এই বিষয়ত তদন্ত কৰিবলৈও চৰকাৰক অনুৰোধ জনায় তেওঁ৷ ব্ৰহ্মৰ মতে, মৃত যুৱক দুজন সেইদিনাখন দুৰ্ঘটনাত পতিত হৈছিল৷ দুৰ্ঘটনাৰ ফলত জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী বেয়াকৈ আঘাটপাপ্ত হৈছিল৷ যাৰফলত আফলাগাঁৱৰ ৰাইজে আৰক্ষী চকীত অৱগত কৰিছিল৷ আৰু আৰক্ষীয়ে তাৰপাছত যুৱক দুজনক ভূৱা এনকাউণ্টাৰ কৰে৷ এই কথা আফলাগাঁৱৰ ৰাইজে ভুলতো কল্পনা কৰিব পৰা নাই বুলিও মন্তব্য কৰে তেওঁ৷ এই ঘটনাটোক ব্ৰহ্মই ঘোৰ অন্যায় বুলি কোৱাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণাও দিয়ে৷ আৰক্ষী বিষয়াজনৰ ওপৰত উচিত তদন্তও ল'বলৈ চৰকাৰক অনুৰোধ জনায় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ আনহাতে বিটিচিত নতুন স-শস্ত্ৰ সংগঠন গঠন কৰাক লৈ অৱগত নহয় প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম৷ টেলিভিছনৰ জৰিয়তে হে এই সংগঠনৰ বিষয়ে জানিবলৈ পাইছে বুলিও মন্তব্য কৰে প্ৰমিলাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু