--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঠিক ৰূপত যদি ফেংছুইৰ বিধি- বিধানসমূহ মানি চলা হয় তেন্তে মানুহে অতি কম দিনৰ ভিতৰতে সমৃদ্ধিৰ মুখ দেখিবলৈ সক্ষম হয়। ফেংছুই শাস্ত্ৰত সমৃদ্ধি বৃদ্ধিৰ বাবে দিয়া কেইটামান বিধি-বিধানৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হৈছে। এনে বিধি-বিধানসমূহ যথাযথভাৱে পালন কৰিব পাৰিলে মানুহ এজন কম দিনৰ ভিতৰতে সম্পদশালী হৈ উঠিব পাৰে।

ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেছুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ। মানি প্লেণ্ট ঘৰৰ পূব বা দক্ষিণ দিশত ৰাখিলেও একে ফলেই পোৱা যায়।
মানি প্লেণ্ট কেতিয়াও শোৱনি কোঠা বা স্নানাগাৰত নাৰাখিব।

সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত তিনিঠেঙীয়া ভেকুলীৰ প্ৰতিকৃতি ৰাখিব পাৰে।এনে তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰাখিব লাগে। এনে ভেকুলীৰ প্ৰতিকৃতিত চীনা মুদ্ৰা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাৰিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল  ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ ভেকুলী ঘৰৰ মূল প্ৰৱেশব্দৰৰ পৰা  কৌণিকভাবে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। 


ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি। অৱশ্যে এইক্ষেত্ৰত ভেকুলীৰ সংখ্যাৰ ওপৰত সৌভাগ্য বৃদ্ধিৰ কথাটো নিৰ্ভৰ কৰে। ঘৰৰ আলহী বহা কোঠাত সাধাৰণতে ৯টা, ৩টা বা ৬টা তিনি ঠেঙীয়া ভেকুলী ৰাখিব পাৰি। আলহী বহা কোঠাত ৰখা এই ভেকুলীবোৰ কেতিয়াও আনৰ চকুত পৰাকৈ ৰাখিব নালাগে। এনে ভেকুলী চকী মেজৰ তলত, চোফাৰ তলত ৰাখিব লাগে। মনত ৰাখিব যে শোৱনি কোঠাত কেতিয়াও এনে তিনিঠেঙীয়া ভেকুলী ৰাখিব নালাগে। 

যদি ঘৰৰ সদস্যসকলৰ মাজত অথবা কাৰ্যালয়ৰ কৰ্মীসকলৰ মাজত সদায় সৰু কথাক লৈয়ে কাজিয়া-পেচাল হৈ থাকে তেন্তে এটা ঘূৰণীয়া আকৃতিৰ পাত্ৰত পানী ৰাখি তাত অগৰু আৰু গোলাপৰ পানী মিহলাই ল'ব লাগে। সেই পানীত সজীৱ ফুলৰ পাহি থ'ব লাগে। পিছত সেই পাত্ৰটো মানুহে দেখাকৈ থব লাগে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এয়ে যে ঘৰ বা কার্যালয়ৰ পশ্চিম অথবা উত্তৰ পশ্চিম দিশত এনে পানীপূর্ণ পাত্র ৰাখিব নালাগে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান