--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে কাছৰ স্বচ্ছ পাত্ৰত ৰখা মুদ্ৰাই ধন বৃদ্ধি কৰে। ফেংছুইৰ মতে ঘৰৰ উত্তৰ-পশ্চিম অংশই উন্নতি তথা সমৃদ্ধিক বুজায়। উত্তৰ-পশ্চিম অংশৰ প্ৰধান উপাদান হৈছে ধাতু। সেইবাবে এই অংশত ধাতু ৰাখিব পাৰিলে ঘৰৰ উন্নতি তথা সমৃদ্ধি বৃদ্ধি পাব আৰু গৃহস্থৰ ধন লাভ হ'ব। ফেংছুইয়ে সেইবাবে স্বচ্ছ কাঁচৰ পাত্ৰত ঘৰৰ উত্তৰ-পশ্চিম অংশত ধাতুৰ মুদ্ৰা সজাই ৰখাৰ পৰামৰ্শ দিছে।

 এনেদৰে ধাতুৰ মুদ্ৰা সজাই ৰাখিলে গৃহস্থৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। অৱশ্যে ধাতুৰ মুদ্ৰা যি স্থানত সজাই ৰখা হয় সেই স্থান যাতে বাহিৰৰ কোনো লোকে সহজে দেখা নাপায়, সেই কথালৈ মন দিব লাগিব । গৃহস্থই মাজে মাজে স্বচ্ছ কাঁচৰ পাত্ৰত ৰখা সেই ধাতুৰ মুদ্ৰা চাই থাকিব লাগে ।একেদৰে ফুল হৈছে পৱিত্ৰতাৰ প্ৰতীক। ফুলে মানুহৰ মন প্রফুল্লিত কৰাৰ লগতে পৰিৱেশো সুন্দৰ কৰি তোলে।

 ঘৰত ফুল সজাই ৰাখিলে ঘৰৰ পৰিৱেশেই সলনি হৈ পৰে। ফেংছুইৰ মতে ঘৰত যদি সদায় হালধীয়া ফুল সজাই ৰখা হয় তেন্তে ঘৰৰ সুখ- শান্তি বৃদ্ধি পোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক মধুৰ হৈ পৰে।

প্ৰতিজন সদস্যৰ মাজত বুজাপৰাৰ ভাব বৃদ্ধি পায় আৰু সকলো মনোমালিন্য আঁতৰ হৈ ঘৰত স্বৰ্গীয় পৰিৱেশে বিৰাজ কৰে। ঘৰত হালধীয়া ফুল সজাই ৰাখিবলৈ চীনা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ