--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে কাছৰ স্বচ্ছ পাত্ৰত ৰখা মুদ্ৰাই ধন বৃদ্ধি কৰে। ফেংছুইৰ মতে ঘৰৰ উত্তৰ-পশ্চিম অংশই উন্নতি তথা সমৃদ্ধিক বুজায়। উত্তৰ-পশ্চিম অংশৰ প্ৰধান উপাদান হৈছে ধাতু। সেইবাবে এই অংশত ধাতু ৰাখিব পাৰিলে ঘৰৰ উন্নতি তথা সমৃদ্ধি বৃদ্ধি পাব আৰু গৃহস্থৰ ধন লাভ হ'ব। ফেংছুইয়ে সেইবাবে স্বচ্ছ কাঁচৰ পাত্ৰত ঘৰৰ উত্তৰ-পশ্চিম অংশত ধাতুৰ মুদ্ৰা সজাই ৰখাৰ পৰামৰ্শ দিছে।

 এনেদৰে ধাতুৰ মুদ্ৰা সজাই ৰাখিলে গৃহস্থৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। অৱশ্যে ধাতুৰ মুদ্ৰা যি স্থানত সজাই ৰখা হয় সেই স্থান যাতে বাহিৰৰ কোনো লোকে সহজে দেখা নাপায়, সেই কথালৈ মন দিব লাগিব । গৃহস্থই মাজে মাজে স্বচ্ছ কাঁচৰ পাত্ৰত ৰখা সেই ধাতুৰ মুদ্ৰা চাই থাকিব লাগে ।একেদৰে ফুল হৈছে পৱিত্ৰতাৰ প্ৰতীক। ফুলে মানুহৰ মন প্রফুল্লিত কৰাৰ লগতে পৰিৱেশো সুন্দৰ কৰি তোলে।

 ঘৰত ফুল সজাই ৰাখিলে ঘৰৰ পৰিৱেশেই সলনি হৈ পৰে। ফেংছুইৰ মতে ঘৰত যদি সদায় হালধীয়া ফুল সজাই ৰখা হয় তেন্তে ঘৰৰ সুখ- শান্তি বৃদ্ধি পোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক মধুৰ হৈ পৰে।

প্ৰতিজন সদস্যৰ মাজত বুজাপৰাৰ ভাব বৃদ্ধি পায় আৰু সকলো মনোমালিন্য আঁতৰ হৈ ঘৰত স্বৰ্গীয় পৰিৱেশে বিৰাজ কৰে। ঘৰত হালধীয়া ফুল সজাই ৰাখিবলৈ চীনা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ