--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে নানান ধৰণৰ সামগ্ৰী  ঘৰত ৰাখিলে সৌভাগ্য বৃদ্ধি পায়।  এৰোৱানা মাছ মাছবিধক ড্রেগন মাছ বুলিও বহুতে কয়। চীনৰ লোকসকলে ড্ৰেগনক পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰি আহিছে। একেদৰে ড্ৰেগন মাছকো সৌভাগ্য আৰু পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এৰোৱানা অর্থাৎ ড্ৰেগন মাছৰ ছবি, মূৰ্তি অথবা সম্ভৱ হ'লে জীৱন্ত মাছ একুৱাৰিয়ামত ৰাখি ঘৰৰ ভিতৰত থ'ব পাৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি বুলি ফেংছুইয়ে কয়। 

এৰোৱানা মাছ নটা একুৱাৰিয়ামৰ ভিতৰত ৰাখিব লাগে। যদি জীৱন্ত মাছ পোৱা নাযায় তেন্তে ৯টা মাছৰ ছবি অথবা ৯টা মূৰ্তি কাম কৰা মেজত ৰাখিলে অতি শুভ ফলাফল লাভ কৰিব পাৰি ৷এইবিধ মাছৰ দৰেই ধন-সম্পদ বৃদ্ধিৰ বাবে চীনা মুদ্ৰাও ৰাখিব পাৰে। 

আজিকালি বহু মানুহেই নিজা গাড়ী ব্যৱহাৰ কৰে। গাড়ীত যদি চীনা মুদ্রা ওলোমাই ৰখা হয় তেন্তে যথেষ্ট সুফল পোৱা যায়। গাড়ীত চীনা মুদ্রা ওলোমাই ৰাখিলে যি কামৰ বাবেই যাত্ৰা কৰা নহওক কিয়, সেই কাম সিদ্ধি হয়। গাড়ীত সদায় ছটা চীনা মুদ্ৰা ওলোমাই ৰাখিব লাগে ।অতি উত্তম ফলাফল লাভ কৰাৰ বাবে আপুনি আপোনাৰ অতি প্রয়োজনীয় ফাইলসমূহৰ ওপৰত তিনিটা চীনা মুদ্ৰা আঠাৰে লগাই ৰাখিব পাৰে।

এনে কৰিলে কামবোৰ অতি দ্ৰুতগতিত সম্পন্ন হ'ব আৰু সৌভাগ্য বৃদ্ধি পাব । বহুতে টেলিফোনটো তিনিটা চীনা মুদ্ৰা লগাই থয়। চীনা মুদ্ৰা লগাই থোৱা টেলিফোনত হোৱা কথা বতৰাসমূহ শুভ ফলদায়ক হৈ উঠে। কিছুমানে আকৌ ঘৰৰ দুৱাৰৰ কাষত ৰখা কার্পেটৰ তলতো চীনা মুদ্ৰা ৰাখে । সৰু কাৰ্পেটখনৰ তলত ৰাখিবলগীয়া চীনা মুদ্ৰাৰ সংখ্যা হৈছে ৯টা। এনেদৰে চীনা মুদ্ৰা সঠিক স্থানত ওলোমাই ৰাখিব পাৰিলে সৌভাগ্য তথা ধন-সম্পত্তি বৃদ্ধি হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা