--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে নানান ধৰণৰ সামগ্ৰী  ঘৰত ৰাখিলে সৌভাগ্য বৃদ্ধি পায়।  এৰোৱানা মাছ মাছবিধক ড্রেগন মাছ বুলিও বহুতে কয়। চীনৰ লোকসকলে ড্ৰেগনক পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰি আহিছে। একেদৰে ড্ৰেগন মাছকো সৌভাগ্য আৰু পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এৰোৱানা অর্থাৎ ড্ৰেগন মাছৰ ছবি, মূৰ্তি অথবা সম্ভৱ হ'লে জীৱন্ত মাছ একুৱাৰিয়ামত ৰাখি ঘৰৰ ভিতৰত থ'ব পাৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি বুলি ফেংছুইয়ে কয়। 

এৰোৱানা মাছ নটা একুৱাৰিয়ামৰ ভিতৰত ৰাখিব লাগে। যদি জীৱন্ত মাছ পোৱা নাযায় তেন্তে ৯টা মাছৰ ছবি অথবা ৯টা মূৰ্তি কাম কৰা মেজত ৰাখিলে অতি শুভ ফলাফল লাভ কৰিব পাৰি ৷এইবিধ মাছৰ দৰেই ধন-সম্পদ বৃদ্ধিৰ বাবে চীনা মুদ্ৰাও ৰাখিব পাৰে। 

আজিকালি বহু মানুহেই নিজা গাড়ী ব্যৱহাৰ কৰে। গাড়ীত যদি চীনা মুদ্রা ওলোমাই ৰখা হয় তেন্তে যথেষ্ট সুফল পোৱা যায়। গাড়ীত চীনা মুদ্রা ওলোমাই ৰাখিলে যি কামৰ বাবেই যাত্ৰা কৰা নহওক কিয়, সেই কাম সিদ্ধি হয়। গাড়ীত সদায় ছটা চীনা মুদ্ৰা ওলোমাই ৰাখিব লাগে ।অতি উত্তম ফলাফল লাভ কৰাৰ বাবে আপুনি আপোনাৰ অতি প্রয়োজনীয় ফাইলসমূহৰ ওপৰত তিনিটা চীনা মুদ্ৰা আঠাৰে লগাই ৰাখিব পাৰে।

এনে কৰিলে কামবোৰ অতি দ্ৰুতগতিত সম্পন্ন হ'ব আৰু সৌভাগ্য বৃদ্ধি পাব । বহুতে টেলিফোনটো তিনিটা চীনা মুদ্ৰা লগাই থয়। চীনা মুদ্ৰা লগাই থোৱা টেলিফোনত হোৱা কথা বতৰাসমূহ শুভ ফলদায়ক হৈ উঠে। কিছুমানে আকৌ ঘৰৰ দুৱাৰৰ কাষত ৰখা কার্পেটৰ তলতো চীনা মুদ্ৰা ৰাখে । সৰু কাৰ্পেটখনৰ তলত ৰাখিবলগীয়া চীনা মুদ্ৰাৰ সংখ্যা হৈছে ৯টা। এনেদৰে চীনা মুদ্ৰা সঠিক স্থানত ওলোমাই ৰাখিব পাৰিলে সৌভাগ্য তথা ধন-সম্পত্তি বৃদ্ধি হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব