--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেক্সঃ স্পা কেন্দ্ৰসমূহ দেহ ব্যৱসায়ৰ ঘাটিলৈ ৰূপান্তৰ হোৱাৰ সঘন অভিযোগ উত্থাপন হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ংকৰ তথ্য৷ এই কেন্দ্ৰসমূহত আৰক্ষীৰ অভিযানৰ সময়ত ধৰা পৰিছে কেতবোৰ উদ্বেগজনক তথ্য৷ গুৱাহাটী মহানগৰৰ বিভিন্ন স্পা কেন্দ্ৰৰ বিৰুদ্ধে মহানগৰ প্ৰশাসনে কিছুদিনৰ পূৰ্বে কঠোৰ স্থিতি গ্ৰহণ কৰি বহু স্পা কেন্দ্ৰ বন্ধ কৰাৰ লগতে জাৰি কৰিছিল কেতবোৰ নীতি-নিৰ্দেশনা৷ পুৰুষে মহিলাক বা মহিলাই পুৰুষক কৰিব নোৱাৰিব মালিচ৷ বন্ধকুঠৰীত কৰিব নোৱাৰিব মালিচ৷ এনে কিছু কঠোৰ নিৰ্দেশনা পালন কৰিব লগা হৈছে গুৱাহাটী মহানগৰৰ স্পা কেন্দ্ৰসমূহে৷

কিন্তু, এতিয়াও দেশৰ বহু ঠাইত নাই এনে কঠোৰ নিৰ্দেশনা৷ যাৰ বাবে এতিয়াও দেহ ব্যৱসায়ৰ হটস্পটত পৰিণত হৈছে এই স্পা কেন্দ্ৰবোৰ৷
শেহতীয়াকৈ মধ্য প্ৰদেশৰ ইন্দোৰত আৰক্ষীয়ে এটা স্পা কেন্দ্ৰৰ আঁৰ লৈ চলি থকা এটা দেহ ব্যৱসায়ৰ ঘাটি উৎখাট কৰে। কেন্দ্ৰটোত কৰ্মৰত কেইবাজনো বিদেশী যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটোৰ তদন্তৰ পাছত আৰক্ষীয়ে লাভ কৰিছে বহু আচৰিত তথ্য৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি এটম স্পা কেন্দ্ৰৰ পৰা ১০ গৰাকী যুৱতী আৰু ৮ গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ৭ গৰাকী যুৱতী থাইলেণ্ডৰ নাগৰিক৷ তেওঁলোকৰ চাৰিগৰাকীৰ লিংগ পৰিৱৰ্তন কৰা হৈছে৷ পাছপোৰ্টত তেওঁলোকৰ লিংগ পুৰুষ হিচাপে উল্লেখ আছে। বাকী তিনিজনৰ পাছপোৰ্ট তথ্যও সংগ্ৰহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত